ETV Bharat / state

প্ৰৱঞ্চক জালত প্ৰাক্তন ডি আই জি : আৰক্ষীৰ জালত প্ৰৱঞ্চক বেংক বিষয়া - Bank fraud in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 3:50 PM IST

Former manager of SBI arrest : জালিয়াতিৰে বৃহৎ পৰিমাণৰ ধন ট্ৰেন্সফাৰ কৰি আৰক্ষীৰ জালত পৰিল বেংক বিষয়া ৷ একাউণ্টত সংলগ্ন ফোন নম্বৰ সলনি কৰি গ্ৰাহকে গম নোপোৱাকৈ কৰিছিল ধন ট্ৰেন্সফাৰ ৷

Former manager of SBI arrest
আৰক্ষীৰ জালত প্ৰৱঞ্চক বেংক বিষয়া (ETV Bharat Assam)

গুৱাহাটী, ১৪ জুলাই : আকৌ এজন বেংক বিষয়া পৰিল আৰক্ষীৰ জালত ৷ জালিয়াতিৰে ধন আত্মসাৎ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ জালত পৰিল প্ৰাক্তন বেংক বিষয়া । শনিবাৰে ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাৰ এগৰাকী উপ-প্ৰবন্ধকক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে ৷

দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বেংক বিষয়াজন হ'ল গুলেনুৰ হুছেইন । মহানগৰীৰ সাতগাঁৱৰ ছাইন হেভেন এপার্টমেন্টৰ নিজা ফ্লেটৰ পৰা শনিবাৰে সন্ধিয়া গুলেনুৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে ভৱধৰ দত্ত নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ডি আই জিৰ বেংক একাউণ্টৰ পৰা গুলেনুৰ হুছেইনে ২৬ লাখ টকা জালিয়াতিৰে আন একাউন্টলৈ 'ট্ৰেন্সফাৰ' কৰিছিল ।

উল্লেখ্য যে এই বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ সময়ত গুলেনুৰ হুছেইন এছ বি আইৰ বৰবাৰী শাখাৰ প্ৰবন্ধক হিচাপে কার্যনিৰ্বাহ কৰি আছিল ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে অভিযুক্ত গুলেনুৰ হুছেইনে অৱসৰপ্ৰাপ্ত ডি আই জি ভৱধৰ দত্তৰ বেংক একাউণ্টৰ লগত সংযোগ থকা ফোন নম্বৰটো সলনি কৰিছিল ।

লগতে পঢ়ক : প্ৰৱঞ্চকে লুটিলে 120 কোটি টকা : গমেই নাপালে বেংক কৰ্তৃপক্ষই

ফোন নম্বৰটো সলনি কৰাৰ ফলত প্ৰাক্তন ডি আই জিগৰাকীৰ বেংক একাউণ্টৰ পৰা টকা 'টেন্সফাৰ' কৰা সন্দৰ্ভত দত্তই কোনো বার্তা ম’বাইল ফোনত লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ অভিযুক্ত বেংক বিষয়াজনে ত্ৰিদীপ কলিতা নামৰ যুৱক এজনৰ সহায়ত ছয়গাঁৱৰ পৰা জিঅ’ নেটৱৰ্কৰ ছিম কাৰ্ড এখন সংগ্ৰহ কৰিছিল । সমগ্ৰ কাণ্ড তদন্তৰ জৰিয়তে পোহৰলৈ অহাৰ পিচত আৰক্ষীয়ে ত্ৰিদীপ কলিতাকো আটক কৰিছে ।

ঘটনা সন্দৰ্ভত ১৯ জুনত দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখি সমগ্ৰ ঘটনাটো পোহৰলৈ আনিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : মহিলা বেংক মেনেজাৰক ভিডিঅ' কলত ব্যস্ত ৰাখি চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.