ETV Bharat / state

লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা - ULFA I bomb plans

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:57 PM IST

Bomb terror: ৰাজ্যৰ 25 টা স্থানত আলফা(স্বাঃ)ই বোমা সংস্থাপন কৰাৰ খবৰে জোকাৰি গৈছে অসমবাসীক ৷ ইতিমধ্যে কেবাটাও স্থানত বিস্ফোৰক উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ লখিমপুৰৰ তিনিটা স্থানত বোমা সংস্থাপন কৰা বুলি দাবী কৰিছিল আৰক্ষীয়ে ৷

ULFA I BOMB PLANS
লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ সন্দেহজনক বোমা (ETV Bharat Assam)

লখিমপুৰ, 15 আগষ্ট: 78 সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি থকাৰ মাজতে নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনে সংবাদ মাধ্য়মলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিয়ে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ 25 টা স্থানত বোমা সংস্থাপনৰ দাবী কৰি সংগঠনটোৱে বিবৃতিটোত উল্লেখ কৰিছে যে কাৰিকৰী বিজুতিৰ বাবে বোমাসমূহ বিস্ফোৰণ নহ’ল ৷ ৰাইজৰ মংগলৰ বাবে বোমাকেইটা নিষ্ক্ৰিয় কৰাৰ অৰ্থে স্থানসমূহ ৰাজহুৱা কৰে সংগঠনটোৱে ৷ তাৰ পিছতেই লাগে হাহাকাৰ ৷

ৰাজ্যৰ আন ঠাইৰ লগতে লখিমপুৰতো চৰম আতংকৰ সৃষ্টি হয় । লখিমপুৰ নগৰকে ধৰি জিলাখনৰ তিনি ঠাইত বোমা সংস্থাপন কৰা বুলি আলফা (স্বাঃ) সদৰী কৰাৰ লগে লগে তীব্ৰ আতংকৰ সৃষ্টি হয় । চৌদিশে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, আৰক্ষীৰ বিশেষ শাখাৰ লোক সষ্টম হৈ পৰে । মেটেল ডিটেক্টৰৰ পৰা স্নিফাৰ ডগলৈকে সকলোধৰণৰ ব্যৱস্থাৰে বোমাৰ সন্ধান কৰা হয় ।

আলফা(স্বাঃ)ই সদৰী কৰা মতে লখিমপুৰৰ যিখন খেলপথাৰত স্বাধীনতা দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হৈছিল, সেই খেলপথাৰখনৰ চৌহদৰ ভিতৰতে পৰিত্যক্ত হৈ থকা এখন এন এইচ পি চিৰ জৰাজীৰ্ণ বাহন, নগৰৰ পৰিবহণ নিগমৰ কাৰখানাৰ এখন বাছৰ লগতে লালুকৰ এটা স্থানত বোমা সংস্থাপন কৰা আছে । লালুকৰ IBৰ সন্মুখৰ এখন পদপথৰ দোকানত আৰক্ষীয়ে উদ্ধাৰ কৰে আলফা (স্বা)ই সংস্থাপন কৰা বোমাটো ৷ আৰক্ষীয়ে আই ই ডি বুলি সন্দেহ কৰিছে । ইফালে লখিমপুৰ নগৰ এলেকাৰ হাতীলুং বান্তৌত এখন পৰিত্যক্ত ট্ৰাকৰ পৰা উদ্ধাৰ আন এটা বোমা ।

জিলাখনৰ বিভিন্ন স্থানত বোমা সংস্থাপনৰ খবৰ আৰু বোমা উদ্ধাৰৰ বাবে নিৰাপত্তা বাহিনীৰ তৎপৰতাই আতংকময় পৰিবেশৰ সৃষ্টি কৰিছে ৷

উল্লেখ্য যে লখিমপুৰ জিলা প্ৰসাশনে নগৰৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে । স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । বিপুল জনসমাগমৰ মাজোৰে পুৱাৰ ভাগত এই স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহ চলি আছিল যদিও দুপৰীয়াৰ ভাগত সমগ্ৰ জিলাখনক জোঁকাৰি যায় বোমা সংস্থাপনৰ ভয়ংকৰ খবৰটোৱে ।

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা (স্বাঃ)ই এক বিবৃতিৰ জৰিয়তে ৰাজ্য আন কেইবাখনো ঠাইৰ লগতে লখিমপুৰৰ তিনিটা স্থানত বোমা সংস্থাপন কৰা বুলি সদৰী কৰে । কাৰিকৰী কাৰণত বোমাসমুহ নুফুটিল আৰু সাধাৰণ লোকৰ সুৰক্ষাৰ বাবে বোমাসমূহ উদ্ধাৰ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায় ।

লগতে পঢ়ক: আন এক ধেমাজিকাণ্ডৰ পৰা ৰক্ষা পৰিল অসম: 19 টা স্থানত আলফা(স্বাঃ)ই ৰাখি থোৱা বোমা নুফুটিল কাৰিকৰী কাৰণত - 78th Independence Day

নগাঁৱৰ বৰঘাট বাইপাছত পলিথিনৰ ভিতৰত সন্দেহযুক্ত সামগ্ৰী: বোমাৰ বিচাৰি অভিযান অব্যাহত আৰক্ষীৰ - ULFA I bomb plans

নাৰেংগীত আলফাই সংস্থাপন কৰা বোমা বিচাৰি হাহাকাৰ আৰক্ষীৰ - ULFA I Bomb plans

শিৱসাগৰৰ দুটাকৈ স্থানৰ পৰা সন্দেহজনক বোমা উদ্ধাৰ আৰক্ষীৰ - ULFA I Bomb plan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.