ETV Bharat / state

গোলাঘাটৰ মহুৰামুখত গড়ঁৰ মৃতদেহ উদ্ধাৰ - Body Of Rhino found in Golaghat

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 10:12 PM IST

Body of rhino found : ৰাজ্যত পুনৰ গঁড়ৰ আতংক ৷ গঁড়ৰ বাবেই এইবাৰ বাতিল কৰা হ’ল হুঁচৰি অনুষ্ঠান ৷ ইয়াৰ মাজতেই উদ্ধাৰ হ'ল গঁড়ৰ মৃতদেহ ।

Body of rhino found
ৰোহিতা অঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ৰোহিতা অঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

গোলাঘাট, ১৬ এপ্ৰিল: আজি মহুৰামুখৰ ৰোহিতা অঞ্চলত উদ্ধাৰ হয় গঁড়ৰ মৃতদেহ । গৰু বিহুৰ দিনা দেৰগাঁও গেলাবিল অঞ্চলত এটা গঁড়ে এজন যুৱকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰাৰ পাচত বন বিভাগে উক্ত গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছিল । বন বিভাগৰ লোকে গঁড়টো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদিবলৈ চেষ্টা কৰাৰ সময়তেই মহুৰামুখৰ নৈপৰীয়া ৰোহিতা অঞ্চলত মুক্ত বিচৰণ কৰা পৰিলক্ষিত হৈছিল । আনকি সোমবাৰে গঁড়টো বনকৰ্মীক আক্ৰমণ কৰিছিল যদিও কোনোমতে ৰক্ষা পাবলৈ সক্ষম হয় ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে দিনত ৰাইজৰ সহযোগত বন বিভাগৰ কৰ্মীয়ে উক্ত অঞ্চলৰ পৰা কাজিৰঙাৰ দিশে খেদাৰ চেষ্টা কৰিছিল যদিও বিফল হয় ৷ তাৰ পাচত নিশাটো গঁড়টোৱে ৰোহিতা অঞ্চলৰ ওচৰৰে অন্য এটা চাপৰিলৈ অহা-যোৱা কৰাৰ খোজৰ চাপ ৰাইজে প্ৰত্য়ক্ষ কৰিছে যদিও আজি মৃত অৱস্থাত উদ্ধাৰ হয় গড়ঁটো ৷ এই গঁড়টোৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা নাই যদিও বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা বুলি জানিবলৈ দিছে বন বিভাগৰ বিষয়াই ৷

ইয়াৰ পিচতেই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হৈ গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে । উল্লেখযোগ্য যে বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাষতে থকা অঞ্চলসমূহত প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে বন্য জীৱ-জন্তুৱে । বন বিভাগৰ লোকৰ হাতত এই বন্য জীৱ-জন্তু সমূহক পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ নাই কোনো ধৰণৰ বিজ্ঞানসন্মত পদ্ধতি । ফলত বিভিন্ন সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু এনেদৰে মৃত্যুমুখত পৰি আহিছে ।

লগতে পঢ়ক:ৰাজ্যত অব্যাহত গঁড়ৰ আতংক; গোলাঘাটত বাতিল হ’ল হুঁচৰি অনুষ্ঠান - Rhino Roaming Freely In Golaghat

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.