ETV Bharat / state

প্রজ্ঞাভূষণ ড° নৰেন কলিতাৰ ওপজা দিন: নগাঁৱত শ্ৰদ্ধাভিনন্দন অনুষ্ঠান

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 10:45 PM IST

Dr Naren Kalita: নগাঁৱত প্ৰজ্ঞাভূষণ ড৹ নৰেন কলিতাক জন্মদিনৰ ওলগ । নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত শ্ৰদ্ধাভিনন্দন অনুষ্ঠান । জন্মদিনত জিলা সাহিত্য সভাৰ ওলগ গ্ৰহণ কৰে অভিভূত বৰ্ষীয়ান সাহিত্যিক ড৹ নৰেন কলিতাই । ড৹ নৰেন কলিতাক শংকৰদেৱ বঁটাৰে বিভূষিত কৰাৰ পোষকতা ।

Author Naren Kalita Birthday
ড° নৰেন কলিতাৰ ওপজাদিন

নগাঁও, 29 ফেব্ৰুৱাৰী: “নগাঁও জিলা সাহিত্য সভাৰ এক আনন্দময়ী অভিনৱ অনুষ্ঠানে মোক যেন এক নতুন জীৱন দান দিলে ৷” বৃহস্পতিবাৰে নগাঁও জিলা সাহিত্য সভাই আয়োজন কৰা শ্ৰদ্ধাভিনন্দন অনুষ্ঠানত উপস্থিত হৈ জিলা সাহিত্য সভাৰ ওলগ গ্ৰহণ কৰি এইদৰে মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ড৹ নৰেন কলিতাই ।

Dr Naren Kalita
ড৹ নৰেন কলিতাৰ জীৱনপঞ্জী উন্মোচন

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ 'প্ৰজ্ঞাভূষণ' উপাধিৰে বিভূষিত, অসম চৰকাৰৰ কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত, সাহিত্য, শিল্পকলা, সাংস্কৃতিক কর্মযোগী, বিশিষ্ট শিক্ষাবিদ আৰু গৱেষক পণ্ডিত ড৹ নৰেন কলিতাক বৃহস্পতিবাৰে তেওঁৰ ৮৫ সংখ্যক ওপজা দিনটোত নগাঁও জিলা সাহিত্য সভাই ৰাজহুৱাভাৱে ওলগ জ্ঞাপন কৰে ৷

কলঙৰ বাকৰিত অৱস্থিত জিলা সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কমলাদেৱী তোদী স্মৃতি ভৱনত জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানটোত ওপজাদিনৰ ওলগনি গ্ৰহণ কৰি অভিভূত হৈ পৰে বৰ্ষীয়ান গৱেষক-পণ্ডিত ড৹ নৰেন কলিতা । আৰম্ভণিতে ড৹ কলিতাৰ কৰ্মৰাজি, সত্ৰীয়া সংস্কৃতি আৰু অসমৰ পুৰণি পুথিচিত্ৰৰ সংৰক্ষণ আৰু পৰিবৰ্ধনৰ ওপৰত তেওঁৰ অৱদানৰ বিষয়ে বিস্তৃতভাৱে আলোপাত কৰে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি কৃষ্ণ গোস্বামীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ লগতে অসম চৰকাৰে ড৹ নৰেন কলিতাক ‘শংকৰদেৱ বঁটা’ৰে বিভূষিত কৰা উচিত বুলি মত প্ৰকাশ কৰে ৷ অনুষ্ঠানটোত উপস্থিত থাকি মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰে 'ব্যতিক্ৰমী ব্যক্তিত্বৰ সুবাস’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি কয় যে ড৹ নৰেন কলিতা অসমীয়া জাতিৰ এক সম্পদ ৷ আজীৱন শুভ্ৰ ধূতি-পাঞ্জাৱী পৰিহিত ড৹ কলিতাক দেখামাত্ৰেই শ্ৰদ্ধাত সকলোৰে মূৰ দো খায় ৷ এক মহিমামণ্ডিত ব্যক্তিত্বৰ অন্য নাম ড৹ নৰেন কলিতা৷

নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰাণ কুমাৰ বৰুৱাই বিশিষ্ট গৱেষক, সাহিত্যিক ড৹ কলিতাৰ অন্যতম সৃষ্টি ‘কপিলীপাৰ কছাৰীপাৰ গ্ৰন্থ’ৰ ওপৰত তেওঁ লিখা আৰু ইতিপূৰ্বে অসমৰ আগশাৰীৰ বাতৰি কাকত ‘দৈনিক অসম’ত প্ৰকাশ পোৱা এক গ্ৰন্থ সমালোচনা পাঠ কৰে ৷ ‘অসমৰ পুথিচিত্ৰ, বৰদোৱা শিল্পবস্তু আৰু ড৹ নৰেন কলিতা ছাৰ” বিষয়ত বক্তৃতা প্ৰদান কৰে চিত্ৰৰঞ্জন বৰাই ৷

এটি স্বৰচিত গীত পৰিৱেশন কৰি ননৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ বসন্ত বৰাই সাহিত্যিকগৰাকীক ওপজা দিনৰ ওলগ জনায় ৷ আনহাতে ড৹ নৰেন কলিতাৰ ‘জীৱনপঞ্জী’ উন্মোচন কৰে নগাঁও মহাবিদ্যালযৰ প্ৰাক্তন অধ্যক্ষ ড৹ শৰৎ বৰকটকীযে ৷ জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা আৰু সহ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত নগাঁও আঞ্চলিক কার্যালয়ৰ সম্পাদক প্ৰতাপ হাজৰিকা আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথে ওপজা দিনৰ ওলগ জনাই বক্তব্য ৰাখে ৷

উল্লেখযোগ্য যে, এই সভাতে জিলা সাহিত্য সভাই এক প্ৰস্তাৱ গ্ৰহণ কৰি ড৹ নৰেন কলিতাক ‘শংকৰদেৱ বঁটা’ৰে সন্মানিত কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে শিক্ষাবিদগৰাকীক অসম সাহিত্য সভাকো সাহিত্যচাৰ্য সন্মানেৰে বিভূষিত কৰিবলৈ আন এক প্ৰস্তাৱ গ্ৰহণ কৰে ।

অনুষ্ঠানটোত ড৹ নৰেন কলিতাৰ সহধৰ্মিনী তথা বিশিষ্ট লেখিকা ড৹ থুনু কলিতা, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভৱেশ মেধি, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰধান সম্পাদক বল্লদেৱ শৰ্মা, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰাক্তন সম্পাদক মৃণাল কুমাৰ হাজৰিকা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদিকা বিনু লস্কৰ ঠাকুৰীয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, অসম সাহিত্য সভা প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য আবুল খায়েৰ আহমেদ, বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতি, জিলা সাহিত্য সভাৰ বিষয়ববীয়া নীলোৎপল চাংমাই, প্ৰদীপ শইকীয়া, মিন্টু দাস, কল্যাণ কুমাৰ বৰা, বিচিত্ৰ নাৰায়ণ বৰা, ত্ৰিদিৱ লস্কৰ, স্বপ্না কলিতা, আৰতি মজুমদাৰ, স্মৃতা কলিতা, হেলেন পণ্ডিত, দীপাংকৰ শইকীয়া, ড৹ নৰেন কলিতাৰ সুসন্তান ডাঃ ইমন কলিতা, শুচিব্ৰতা কলিতাকে ধৰি পৰিয়ালৰ সদস্যসকলৰ লগতে ভালেসংখ্যক গুণমুগ্ধ উপস্থিত থাকে ৷

লগতে পঢ়ক: নগাঁৱত বসুন্ধৰা 2.0 ৰ অধীনত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.