ETV Bharat / state

৩৮০০ প্ৰব্ৰজনকাৰীক ম্যানমাৰলৈ ঘূৰাই পঠিয়ালে মণিপুৰে - MANIPUR ILLEGAL IMMIGRANTS

মণিপুৰ চৰকাৰে ম্যানমাৰলৈ অনুপ্ৰৱেশকাৰীৰ বিতাৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ৩,৮০০ প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিয়াইছে ৰাজ্য়ৰ পৰা ।

Biometric examination inManipur
ম্যানমাৰৰ অনুপ্ৰৱেশকাৰীৰ বায়'মেট্ৰিক পৰীক্ষা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2024, 8:25 PM IST

তেজপুৰ: বিগত এবছৰ ধৰি মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । অগ্নিগৰ্ভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিতৌ সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ আহিছে । এনে পৰিস্থিতিৰ মাজতেই অনুপ্ৰৱেশকাৰীৰ সমস্য়াই জটিল ৰূপ লৈছে । সেয়েহে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে মণিপুৰত চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা অনুপ্ৰৱেশ হোৱা নাগৰিকৰ বায়'মেট্ৰিক পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

এই বায়'মেট্ৰিক পৰীক্ষাৰ দ্বাৰা বৰ্তমানলৈকে চুবুৰীয়া ৰাজ্যখনত ৮,৫০০ লোকক পৰীক্ষা কৰা হৈছে বুলি সদৰী কৰিছে মণিপুৰৰ যুটীয়া গৃহ সচিব পিটাৰ চালামে । এই সন্দৰ্ভতগৃহ সচিব পিটাৰ চালামে ইটিভি ভাৰতক কয়, "ৰাজ্য চৰকাৰে বৰ্তমানলৈকে প্ৰায় ১০,৫০০ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰিছে । ইয়াৰ ভিতৰত প্ৰায় ৮,৫০০ লোকৰ বায়'মেট্ৰিক পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে ।"

গৃহ সচিব পিটাৰ চালামে পুনৰ কয়, "বৰ্তমানলৈকে ৰাজ্যখনত এই বায়'মেট্ৰিক পৰীক্ষা কৰাৰ পিছত প্ৰায় ৩,৮০০ প্ৰব্ৰজনকাৰীক ঘূৰাই পঠিওৱা হয় । " কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে মণিপুৰত গোষ্ঠীগত হিংসা চলি থকাৰ সময়তে ২০২৩ৰ ২৯ জুলাইত ৰাজ্য চৰকাৰক এই বায়'মেট্ৰিক পৰীক্ষা কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল । চালামে কয়, "এই বায়'মেট্ৰিক পৰীক্ষা বৰ্তমান ৰাজ্যখনৰ প্ৰত্যেক জিলাতে চলি আছে ।"

উল্লেখ্য় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে যোৱা ১৩ মে'ত এখন সংবাদমেলত উল্লেখ কৰিছিল যে মণিপুৰৰ চাণ্ডেলৰ দহখন গাঁৱত বায়’মেট্ৰিক পৰীক্ষা লোৱাৰ সময়ত ১১৬৫ জন অনুপ্ৰৱেশকাৰী পোৱা গৈছিল । একেদৰে টেঙনৌপাল জিলাৰ ১৩ খন গাঁৱত ১১৪৭ জন, চুৰাচান্দপুৰত ১৫৪ জন আৰু বাকী সকলো কামজং জিলাত পোৱা গৈছিল ।" মণিপুৰত বিগত বৰ্ষত ২০২৩ চনৰ ৩ মে'ৰ পৰা গোষ্ঠীগত হিংসাই গ্ৰাস কৰাৰ ফলস্বৰূপে প্ৰায় ৩০০ ৰো অধিক লোকৰ মৃত্যু হয় । প্ৰায় ৬০,০০০ লোক গৃহহীন হয় ।

কামজং জিলাত সৰ্বাধিক ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী:কংগ্ৰেছ

ণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি কেইশাম মেঘাচন্দ্ৰ সিঙে আজি ইটিভি ভাৰতক টেলিফোনযোগে কয়, "মণিপুৰৰ কামজং জিলাত সৰ্বাধিক ম্যানমাৰৰ অনুপ্ৰৱেশকাৰী আছে, কিন্তু বৰ্তমান বহু সংখ্যক জিলাখনৰ পৰা অন্য ঠাইত সিঁচৰতি হৈছে ।" তেওঁ পুনৰ কয় যে মণিপুৰৰ অনুপ্ৰৱেশৰ সমস্যাৰ সমাধানৰ বাবে চৰকাৰে যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰয়োজন সেই ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰা নাই । মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সংবাদমেলত দিয়া তথ্যৰ সকলো সত্য, কিন্তু সেইধৰণৰ কাম কৰা নাই ।

মেঘাচন্দ্ৰই পুনৰ কয়, "মণিপুৰৰ পাহাৰীয়া অঞ্চলত এতিয়াও হিংসাত্মক কাৰ্য সংঘটিত হৈ আছে । মেইটেই লোকসকল অন্য ঠাইলৈ যাব পৰা নাই । ৰাষ্ট্ৰীয় ঘাইপথ প্ৰায় বন্ধ হৈ পৰে । কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত সুৰক্ষা বাহিনী ৰাজ্যখনলৈ প্ৰেৰণ কৰিছে যদিও শান্তি-শৃংখলা ঘূৰি অহা নাই ৰাজ্যখনলৈ ।"

লগতে পঢ়ক:মণিপুৰৰ হিংসাত আমেৰিকা-চীনৰ দৰে তৃতীয় শক্তি জড়িত নেকি ? - Manipur crisis - MANIPUR CRISIS

হিংসাজৰ্জৰ মণিপুৰত ক'ৰ পৰা আহিল ৫,৪৫৭ অনুপ্ৰৱেশকাৰী - Manipur Illegal Immigrants - MANIPUR ILLEGAL IMMIGRANTS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.