ETV Bharat / state

২১ জুলাইৰ পৰা আৰম্ভ পবিত্ৰ ব’লব’ম : ভক্তক আদৰিবলৈ সাজু পঞ্চধাৰা শিৱধাম ন্যাস কমিটী - Bolbom 2024

author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 4:00 PM IST

Shravana Month : ২১ জুলাই, দেওবাৰে নিশাৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ব’লব’ম ৷ ভক্তক আদৰিবলৈ সাজু হৈছে পামহীৰ ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱধাম ন্যাস কমিটী ৷

Bhimasankar Dwadas Jyotirlinga Dham Committee preparation for Bolbom 2024
২১ জুলাই পৰা আৰম্ভ পবিত্ৰ ব’লব’ম (ETV Bharat)

গুৱাহাটী, ১৯ জুলাই : শাওণ মাহ আৰম্ভ হোৱাৰ সময়ৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বহুতেই মাহটোক এক পবিত্ৰ মাহ বুলি গণ্য কৰি আহিছে । লোকবিশ্বাস অনুসৰি শাওন মাহ তথা ব’লব’ম হিচাপে জনপ্ৰিয় আৰু দেৱাদি দেৱ মহাদেৱৰ সৈতে স্মৃতি বিজড়িত শাওণৰ গোটেই মাহত হিন্দু ধৰ্মাৱলম্বী লোকৰ বহুতেই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ লগতে প্ৰতি সোমবাৰে পুৱা বা বহুতেই দেওবাৰে মাজনিশাৰ পৰা ওচৰৰ নদীৰ পৰা পদব্ৰজে গৈ পানী আনি সেই পানী কোনোবা শিৱ মন্দিৰ বা শিৱলিংগত পবিত্ৰ মনেৰে ঢালি দিয়ে ।

Bhimasankar Dwadas Jyotirlinga Dham Committee preparation for Bolbom 2024
পবিত্ৰ ব’লব’ম (ETV Bharat Assam)

পৰম্পৰা অনুসৰি অসমৰ আন বহু অঞ্চলৰ দৰে গুৱাহাটী মহানগৰীৰ আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা গড়চুকৰ সমীপৰ পামহীস্থিত ডাকিনীবামা পাহাৰত প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা ভীমাশংকৰত বিগত বছৰসমূহত শাওণ মাহত দেওবাৰে মাজনিশাৰে পৰা পুৰুষ-মহিলা নিৰ্বিশেষে হাজাৰ হাজাৰ লোকৰ সমাগম হৈ আহিছে । এইবেলি পূৰ্বতকৈ অধিক সংখ্যক ভক্তৰ সমাগম হ’ব আশা ব্যক্ত কৰিছে ভীমা শংকৰ মন্দিৰ পৰিচালনাৰ দায়িত্বত থকা ভীমা শংকৰ দ্বাদশ জ্যোতিলিংগ ডাকিনী পাহাৰ পঞ্চধাৰা শিৱ ধাম ন্যাস কমিটীয়ে ।

২১ জুলাই পৰা আৰম্ভ পবিত্ৰ ব’লব’ম (ETV Bharat Assam)

এই সন্দৰ্ভত কমিটীৰ সভাপতি সনেশ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে এইবাৰ ১৭ জুলাইত শাওন মাহ আৰম্ভ হৈছে যদিও পূৰ্ণিমা তিথিৰ লগত সংগতি ৰাখি অহা ২১ জুলাই দেওবাৰে নিশাৰ পৰা পবিত্ৰ ব’লব’ম আৰম্ভ হ’ব ।

লগতে পঢ়ক : শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

ব’লব’মত পূৰ্বৰ দৰে হাজাৰ হাজাৰ ভক্তৰ সমাগম হ’ব বুলি কমিটীৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ আৰক্ষীয়ে ধাৰণা কৰিছে । যাৰ বাবে নিৰাপত্তা ব্যৱস্থাকে ধৰি উক্ত অঞ্চলটোত মাজে সময়ে বনৰীয়া হাতীৰ আবিৰ্ভাৱ হোৱা বাবে সকলো দিশ সামৰি ব’লব’মত ভাগ ল’বলৈ অহা কোনো ভক্ত যাতে অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে আৰক্ষী, কমিটীৰ যৌথ বৈঠক অনুষ্ঠিত হৈ আছে ।

১৭ জুলাইত স্থানীয় গড়চুক আৰক্ষী থানাত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় । মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্তগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কমিটীৰ সভাপতি সনেশ টেৰণ, সম্পাদক হেনৰী ডেভিড টেৰণ, সহকাৰী সম্পাদক সুশীল টেৰণ, কাৰ্যকৰী সদস্য দীপক তেৰাং, কল্যাণ ৰংচালকে ধৰি আন বিষয়ববীয়াৰ উপৰিও আৰক্ষী, বন বিভাগকে ধৰি ব’লব’মৰ লগত জড়িত থকা বিভিন্ন বিভাগৰ কৰ্মকৰ্তা উপস্থিত আছিল ।

বৈঠকত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে পুৰুষ-মহিলা নিৰ্বিশেষে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিযুক্ত কৰা, সন্দেহজনক ভক্তৰ গতিবিধিত চকু ৰখাৰ বাবে প্ৰৱেশ - প্ৰস্থান পথসহ সমগ্ৰ চৌহদত চিচি টিভি স্থাপন কৰা, প্ৰতি দেওবাৰে মাজনিশা ১২.৩০ বজাৰ পাচতহে ভক্তৰ প্ৰৱেশত অনুমতি আৰু পাচদিনা সোমবাৰে সন্ধিয়া ৭ বজাৰ পাচত ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰা, ব’লব’মৰ সময়ত আৰক্ষী আৰু বন বিভাগৰ পহৰা অব্যাহত ৰখাকে ধৰি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

লগতে পঢ়ক : গুৱাহাটীত ব’লব’ম বা শাওণ মেলা পৰিচালনাৰ বাবে প্ৰশাসনৰ বিশেষ বৈঠক - Bolbom 2024

ইয়াৰ উপৰিও কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত কোনো ভক্ত হঠাতে অসুস্থ হ’লে ততাতৈয়াকৈ প্ৰাথমিক চিকিৎসা প্ৰদানৰ বাবে চিকিৎসা সেৱা কেন্দ্ৰ স্থাপন কৰাকে ধৰি এম্বুলেন্সৰ ব্যৱস্থা কৰা আদি সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে, ভক্তৰ অধিক সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ভীমাশংকৰত থকা শিৱ লিংগত গৈ ভক্ত সকলে যাতে শৃংখলাবদ্ধভাৱে শাৰী পাতিব পাৰে তাৰ বাবে বিগত ২০২২ বৰ্ষত নতুনকৈ এটা প্ৰৱেশ পথ নিৰ্মাণ কৰা হৈছিল । বিগত ২০২৩ বৰ্ষত ব'লব'মৰ সময়ত প্ৰতি দেওবাৰে নিশাৰ পৰা সোমবাৰে সন্ধিয়া পৰ্যন্ত প্ৰায় এক লাখৰো অধিক ভক্তই নতুন প্ৰৱেশ পথৰে প্ৰায় এক কিঃমিঃ পৰ্যন্ত শাৰীত থিয় দি কেবাঘণ্টা জোৰা অপেক্ষাৰ অন্তত গৈ শিৱলিংগত পানী ঢালি যাবতীয় পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছিল ।

ইফালে বিগত বৰ্ষৰ দৰে এইবেলিও কেবাটাও সংগঠনে ভীমাশংকৰলৈ অহা ভক্তই দৰ্শন কৰাৰ পাচত যাতে এমুঠি অন্ন গ্ৰহণ কৰিব পাৰে, তাৰ বাবে ভোগ বিতৰণৰ বাবে সাজু হৈ যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে । আনকি সমগ্ৰ অঞ্চলটো যাতে নিশা আলোকিত হৈ থাকে তাৰ বাবে অস্থায়ীভাৱে জেনেৰেটৰ স্থাপন আৰু অৰ্দ্ধ শতাধিক উচ্চ পোহৰযুক্ত লাইট সংযোজনৰ কাম আৰম্ভ কৰা হৈছে বুলি কমিটীৰ কৰ্মকৰ্তাসকলে সদৰী কৰিছে ।

ইফালে বাহন লৈ অহা ভক্তৰ বাহন ৰখাৰ বাবে মন্দিৰৰ প্ৰৱেশ পথৰ সন্মুখত গড়চুক-ৰাণীগেট সংযোগী পথৰ দাঁতিত থকা খেলপথাৰত পাৰ্কিং স্থাপন কৰি আলোকসজ্জাৰ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক : শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.