ETV Bharat / state

আৰম্ভ হ’ল ভাষা গৌৰৱ সপ্তাহ; অসমবাসীলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ - BHASHA GAURAV SAPTAH

ৰাজ্যজুৰি আৰম্ভ ভাষা গৌৰৱ সপ্তাহ ৷ জিলাই জিলাই আয়োজন ভিন্ন কাৰ্যসূচীৰ ৷ প্ৰধানমন্ত্ৰীয়েও ভাষা গৌৰৱ সপ্তাহলৈ জনালে শুভেচ্ছা ৷

BHASHA GAURAV SAPTAH
ভাষা গৌৰৱ সপ্তাহ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 3, 2024, 9:21 PM IST

গুৱাহাটী: ধ্ৰুপদী ভাষাৰ সূচীত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা চতুৰ্থ শতিকাৰ পৰা পৰ্যায়ক্ৰমে অসমীয়া ভাষাৰ উন্নতিত অৰিহণা যোগোৱা মহান মনীষী, পুৰোধা পণ্ডিত, ভাষাবিদসকললৈ কৃতজ্ঞতাৰ চিনস্বৰূপে অসম চৰকাৰে ৩-৯ নৱেম্বৰ ২০২৪ লৈ ভাষা গৌৰৱ সপ্তাহ উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চৰকাৰৰ আহ্বান মৰ্মে জিলাই জিলাই আৰম্ভ হৈছে ভাষা গৌৰৱ সপ্তাহৰ কাৰ্যসূচী ৷

দেওবাৰে কামৰূপ মহানগৰ জিলাত উদ্বোধনী অনুষ্ঠান গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই কয়, ‘‘অসমীয়া জাতিৰ প্ৰথম পৰিচয় হৈছে অসমীয়া ভাষা । প্ৰাচীন কালৰে পৰা আজি পৰ্যন্ত অগণন পণ্ডিতে-গৱেষক -মনীষীয়ে অশেষ শ্ৰম কৰি অসমীয়া ভাষাক এক সন্মানজনক পৰ্যায়ত উপনীত কৰাইছে । যাৰ ফলশ্ৰুতিত যোৱা ৩ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে দেশৰ মুঠ ১১ টা ভাষাৰ অন্যতম হিচাপে অসমীয়াক ধ্ৰুপদী ভাষাৰ মৰ্যদা প্ৰদান কৰে ।’’

ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই পুনৰাই কয়, ‘‘আমাৰ দৈনন্দিন জীৱনত ভাষাৰ সঠিক ব্যৱহাৰ, মাতৃভাষাত দক্ষতা বিকাশ, গ্ৰন্থ সংস্কৃতিৰ পুনৰুদ্ধাৰ, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰ ইত্যাদিৰ যোগেদি মাতৃভাষাৰ প্ৰতি হাবিয়াস আৰু একাত্মবোধৰ সৃষ্টি কৰিব লাগিব ।’’ একেটা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষা ইত্যাদি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় ‘‘অসমীয়া ভাষাটো অকল ধ্ৰুপদী ভাষাৰ স্বীকৃতি পালেই নহ'ব, ইয়াৰ মূল্য উপলব্ধি কৰি প্ৰত্যেকে নিজৰ নিজৰ ভাষাসমূহক আগুৱাই লৈ যাব লাগিব ।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষা গৌৰৱ সপ্তাহ আয়োজনৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰিছে ৷ এক্সযোগে এক বাৰ্তাত তেওঁ কয়, ‘‘ভাষা গৌৰৱ সপ্তাহ অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাত মানুহৰ উদ্যমক উজ্জ্বল কৰি তোলা এক উল্লেখযোগ্য প্ৰচেষ্টা । মোৰ শুভেচ্ছা থাকিল । সপ্তাহটোৰ ভিতৰত পৰিকল্পিত কাৰ্যসূচী সমূহে মানুহ আৰু অসমীয়া সংস্কৃতিৰ সংযোগ গভীৰ কৰক । লগতে অসমৰ বাহিৰৰ অসমীয়া লোকসকলকো অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ।’’

গোলাঘাটত অনুষ্ঠিত ভাষা গৌৰৱ সপ্তাহৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই কয়, ‘‘অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবে আমি স্বীকৃতি পালোঁ, তাৰ বাবে আমি তেখেতকো ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ অসমীয়া ভাষাই আজি স্বীকৃতি পোৱাৰ পাছত আমাৰ প্ৰত্যাহ্বান বিলাক হৈছে ইয়াৰ প্ৰায়োগিক দিশক লৈ আমি কেনেদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ ৷ অসমৰ বিভিন্ন জনৰ লগতে চৰকাৰ, শিক্ষানুষ্ঠান লগতে অসম সাহিত্য সভাৰ নিচিনা অনুষ্ঠানে ইয়াক আগবঢ়ায় নিব লাগিব ৷ তেতিয়া অসমীয়া ভাষা জগত সভালৈ যাব ।’’

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগ্ৰহ আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা বুলি হাজোত উল্লেখ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তেওঁ লগতে অসমীয়া ভাষাৰ সুদীৰ্ঘ ইতিহাস, সময়ৰ সৈতে হোৱা অসমীয়া ভাষাৰ বিকাশৰ ধাৰাৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ।

তিনিচুকীয়াতো ভাষা গৌৰৱ সপ্তাহ উপলক্ষে আয়োজন কৰা হয় বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত বহু কেইগৰাকী ব্যক্তিক সম্বৰ্ধনাও জনোৱা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষানৰ লগতে কেবাগৰাকীও গণ্যমান্য ব্যক্তি ৷

বৰপেটা জিলা পুথিভঁৰালত অনুষ্ঠিত ভাষা গৌৰৱ সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, নিৰুপমা মিশ্ৰ, হিৰণ শইকীয়া লহকৰ আৰু ডাঃ হৰেণ চৌধুৰীক সম্বৰ্ধনা জনোৱা হয় । সভাত অংশ লৈ মন্ত্ৰী অশোক সিংহালে ভাষা গৌৰৱ সপ্তাহৰ জৰিয়তে অসমীয়া ভাষাৰ নতুন দিশ মুকলি হব বুলি আশা ব্যক্ত কৰে ।

‘‘চৰকাৰীভাৱে অসমত অসমীয়া চৰকাৰী ভাষা যদিও আধুনিকতাৰ নামত আমি অসমীয়া ভাষাৰ ব্যৱহাৰ কমাই আনিছো । ল'ৰা ছোৱালীবোৰে ইংৰাজী মাধ্যমত পঢ়াৰ বাবেই ইংৰাজী ব্যৱহাৰ কৰিব বিচাৰে । সেয়ে ভাষা গৌৰৱ সপ্তাহৰ জৰিয়তে ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহতো এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । উক্ত অনুষ্ঠানসমূহত অসমীয়া ভাষাতে কথা কব লাগিব । অসমীয়া ভাষাটো কিমান মিঠা তেতিয়াহে কথাবোৰ বুজি পাবলৈ সক্ষম হ’ব’’ বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ 'ভাষা গৌৰৱ সপ্তাহ': মুখ্যমন্ত্রী

মধুৰ-ঐতিহাসিক ক্ষণ: অসমীয়া ভাষাই পালে ধ্ৰুপদী ভাষাৰ স্বীকৃতি - Classical Language

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.