ETV Bharat / state

ৰাণা গোস্বামীৰ প্ৰসংগত অশোক শৰ্মাক কিয় জিলা পৰ্যায়ৰ নেতা বুলিলে বিধায়ক ভৱেশ কলিতাই ?

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 9:39 AM IST

EX BJP MLA Ashok Sarma on Rana Goswami : নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই ন-বিজেপি ৰাণা গোস্বামীক ৰাজ‍্যিক উপ-সভাপতিৰ পদ প্ৰদান কৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল ৷ বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাৰ ৷

Bhabesh Kalita reaction to the appointment of Rana Goswami as State Vice President
ৰাণা গোস্বামীৰ প্ৰসংগত অশোক শৰ্মাক কিয় জিলা পৰ্যায়ৰ নেতা বুলি ক’লে বিধায়ক ভৱেশ কলিতাই

ৰঙিয়া, 4 মাৰ্চ: "ৰাণা গোস্বামীয়ে এটা দলক সন্মুখৰ পৰা নেতৃত্ব দি আছিল । তেওঁ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিল । আনহাতে অশোক শৰ্মা বিধায়ক নহ’লেও বিজেপি দলৰ এগৰাকী কাৰ্যকৰ্তা । অশোক শৰ্মা কোনো দলৰ কাৰ্যকৰী সভাপতি নাছিল, তেওঁ জিলা পৰ্যায়ৰহে এগৰাকী নেতা । অশোক শৰ্মাক দলে উপেক্ষা কৰা নাই ৷" এই মন্তব্য ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ ৷

কংগ্ৰেছৰ পৰা আঁতৰি আহি ৰাণা গোস্বামীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে দলটোৰ ৰাজ‍্যিক উপ-সভাপতিৰ পদ লাভ কৰা সন্দৰ্ভত দলটোৰ এগৰাকী পুৰণি সদস্য অশোক শৰ্মাই আপত্তি দৰ্শাইছিল । পিছে বিষয়টো সন্দৰ্ভত দেওবাৰে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

কলিতাই কয়, "ৰাণা গোস্বামী এগৰাকী যোগ্য ব্যক্তি লগতে সাংগঠনিকভাবে তেওঁ যথেষ্ট শক্তিশালী । ৰাণা গোস্বামীয়ে এটা দলক সন্মুখৰ পৰা নেতৃত্ব দি আছিল । তেওঁ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিল । আনহাতে অশোক শৰ্মা বিধায়ক নহ’লেও বিজেপি দলৰ এগৰাকী কাৰ্যকৰ্তা । অশোক শৰ্মা কোনো দলৰ কাৰ্যকৰী সভাপতি নাছিল, তেওঁ জিলা পৰ্যায়ৰহে এগৰাকী নেতা । অশোক শৰ্মাক দলটোৱে উপেক্ষা নাই কৰা ৷"

লগতে ৰঙিয়াৰ বিধায়কগৰাকীয়ে কয়, " অশোক শৰ্মাক চৰকাৰে যি সন্মান দিব লাগিছিল সেয়া আগতেই দি থৈছে । বিজেপিত ন-পুৰণি বুলি কোনো কথা নাই ৷ দলটোৰ প্ৰতিগৰাকী সদস্যই একোজন কৰ্মী । বিজেপি দলত সদায় জ্যেষ্ঠক সন্মান আৰু কনিষ্ঠক মৰম যাচি অহা হৈছে ।"

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, বিগত 29 ফেব্ৰুৱাৰীৰ দিনা গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গেৰুৱা দলটোত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল প্ৰাক্তন কংগ্ৰেছী ৰাণা গোস্বামীয়ে ৷

লগতে পঢ়ক: নাৰাজ অশোক শৰ্মাৰ সন্দৰ্ভত ভৱেশ কলিতাৰ মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.