কলিয়াবৰ, 23 ফেব্ৰুৱাৰী: এতিয়া ফাগুন মাহ ৷ ছাইৰঙী আকাশত শিমলুৰ ৰঙে ফাকু ছটিয়াইছে ৷ বহুতেই ফাগুনক উদাস বা শুকান বুলি ক’লেও আন বহুতেই ফাগুনত বিচাৰি পায় সৃষ্টিৰ সোপান ৷ সুধাকণ্ঠই গাইছিল ‘‘পলাশৰে ৰং কোনেনো সানিলে এই মিঠা সেউজ বননিত’’ ৷ জয়ন্ত হাজৰিকাৰ গীততো আছিল ফাগুনৰ বন্দনা, ’মোৰ ফাগুন আছেহি আহি ৰৈ তোমাৰ কথাকে ক’বলৈ ৷’’ নৱ সৃষ্টিৰ অৱকাশ দিয়ে ফাগুনে...
- " class="align-text-top noRightClick twitterSection" data="">
ফাগুনক লৈ কত যে গীত, কত কবিতা, গল্প...৷ কাৰোবাৰ বাবে ফাগুন আমনি দায়ক, আন কাৰোবাৰ বাবে প্ৰেৰণাৰ উৎস...৷ নতুন আশাৰ মেটমৰা সম্ভাৰেৰে পূৰ্ণ ফাগুন ৷ ফাগুনৰ আছে নিজস্ব স্বৰলিপি ৷
শুকান ধূলিয়ৰি বাটে আকাশৰ শুভ্ৰ ডাৱৰৰ ফালে আশাৰে দূৰ চকুৰে চায়, পাৰা যদি যোৱা বৰষি, মনৰ হাবিয়াস পূৰাই ব’হাগৰ বতৰা হৈ । বসন্তৰ বতৰা লৈ ফাগুনৰ আকাশত ডাৱৰৰ ক’লা ৰং সানি আশাৰ এজাক বৰষুণৰ হৈ পৰে । বৰষুণ জাকে জীপাল কৰা ধৰাৰ বতৰাত গীতিকবিয়ে বিচাৰি পাইছে আধা কোৱা গোপন বেথা ।
বৰষুণে ধুই নিয়া পাতে-পাতে পতা কথাত কাৰোবাৰ হৃদয়ৰ বীণখনিৰ কৰুণ সুৰৰ প্ৰতিধ্বনি শুনিছে । অনামী কবিয়ে লিখিছে-
‘‘ ৰিমঝিম ফাগুনৰ বলিয়া বৰষুণ
এই আহানা বৰষুণত তিতোঁ
বাকহীন অভিমানবোৰ
সেউজহীন সপোনবোৰ পাহৰি
দুহাত প্ৰসাৰি দিওঁ দুয়ো একেলগে
নৈ এখন উজাই যাওক বুকুৰ পৰা বুকুলৈ’’
ফাগুনে নিৰাশাৰ মাজত আনাৰ বতৰা কঢ়িয়াই দুখৰ বুকুতো সুখৰ খৰিকাজাই ফুলাই, প্ৰচণ্ড ধুমুহাতো হাওলি নপৰাকৈ থকাৰ সাহস দিয়ে ফাগুনে । ফাগুনৰ এই আবতৰীয়া মেঘে ওন্দোলাই অনা আকাশখনে মনত পেলাই গীতিকবিৰ ৰচনাৰে সুধা কণ্ঠৰ সেই যুগমীয়া গীতটি ।
লগতে পঢ়ক: অঁকৰা কবিৰ স’তে চুপতি কৰিবলৈ আকৌ আহিল মায়াৱী ফাগুন