বৰপেটাৰোড : পোহৰৰ উৎসৱ দীপাৱলী সমাগত ৷ দীপাৱলীৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ব্যস্ততা বৃদ্ধি পাইছে মৃৎশিল্পীসকলৰ । সৰু-ডাঙৰ বিভিন্ন ধৰণৰ মাটিৰ চাকি প্ৰস্তুত কৰিছে এইসকল থলুৱা মৃৎশিল্পীয়ে । এইক্ষেত্ৰত বৰপেটাৰোডৰ সমীপৰ বাঁহবাৰী-পালপাৰাৰ মৃৎশিল্পীসকলেও পিছ পৰি থকা নাই । পালপাৰাৰ মৃৎশিল্পী সকলেও দিনে-নিশাই থলুৱা মাটিৰ চাকি প্ৰস্তুতত ব্যস্ত হৈ পৰিছে ।
একো একোজন মৃৎশিল্পীয়ে নিতৌ প্ৰায় একৰ পৰা ডেৰ হাজাৰ চাকি প্ৰস্তুত কৰে । পথাৰৰ পৰা ক্ৰয় কৰি অনা বোকা মাটি কুমাৰৰ চাকৰে মৃৎশিল্পীৰ কোমল হাতৰ পৰশত এইসমূহ চাকি প্ৰস্তুত কৰি ৰ'দত শুকুৱাই বৰপেটাৰোডৰ বজাৰত বিক্ৰী কৰে ।
তেওঁলোকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰতো বিক্ৰী কৰি আহিছে । এইসমূহ থলুৱা চাকিয়েই দীপাৱলীত পোহৰাই তুলিব সকলোৰে ঘৰৰ পদূলি । বৰপেটাৰোডৰ পালপাৰাৰ মৃৎশিল্পীসকলে তেওঁলোকৰ হাতৰ পৰশত যুগ যুগ ধৰি এইদৰেই থলুৱাভাৱে মাটিৰ চাকি প্ৰস্তুত কৰি ৰাজ্যৰ বিভিন্ন বজাৰত বিক্ৰী কৰি কোনোমতে নিজৰ পৰিয়াল পোহপাল দি আহিছে ।
উচ্চ শিক্ষিত ছাত্ৰীও ব্য়স্ত মাটিৰ চাকি প্ৰস্তুত কৰাত
বৰপেটাৰোডৰ বাঁহবাৰী-পালপাৰাৰ অনিতা পাল নামৰ এগৰাকী স্নাতকোত্তৰ দ্বিতীয় ছেমিছষ্টাৰৰ ছাত্ৰীয়ে নিজে অধ্যয়ন কৰি থকাৰ সমান্তৰালকৈ পুৱা-গধূলি নিতৌ প্ৰস্তুত কৰিছে মাটিৰ চাকিৰ লগতে মাটিৰে প্ৰস্তুত কৰা বিভিন্ন সা-সামগ্ৰী । বোকা-মাটিৰে প্ৰস্তুত কৰা সা-সামগ্ৰীসমূহ বিক্ৰী কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ছাত্ৰীগৰাকীয়ে ইয়াৰ মাজতে টিউচনো কৰে ।
মৃৎশিল্পীক আৰ্থিকভাৱে সহায় কৰিবলৈ আহ্বান
বাহঁবাৰী-পালপাৰাৰ মৃৎশিল্পীসকলক আৰ্থিকভাৱে সহায় কৰিবলৈ চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে এইসকল মৃৎশিল্পীৰ বাবে কোনোধৰণৰ আচঁনি গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে ৷ সেয়ে মৃৎশিল্পীসকলৰ কল্যাণৰ বাবে আচঁনি গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাইছে ।
লগতে পঢ়ক : মৃৎশিল্পকে কৰ্ম হিচাপে লোৱা এখন বিশেষ গাঁও লগতে পঢ়ক : আহোম ৰজাই স্থাপন কৰা গাঁওখনৰ আলোকময় যাত্ৰা |