ETV Bharat / state

নগাঁও আৰক্ষীৰ জালত বাংলাদেশী নাগৰিক: গৰু কিনিবলৈ আহিছিল গোপনে সীমা পাৰ হৈ - Bangladeshi arrested

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 3:46 PM IST

Illegal infiltration: নগাঁও জিলাৰ ধিং গৰু বজাৰত গ্ৰেপ্তাৰ হ’ল বাংলাদেশৰ হুমায়ুন ৷ গৰু কিনিবলৈ আহি আৰক্ষীৰ জালত পৰিল বাংলাদেশী লোকজন ৷ নগাঁৱৰেই তিনিজন লোকে দিছিল আশ্ৰয় ৷ পঢ়ক সবিশেষ-

Illegal infiltration
Bangladeshi arrested (ETV Bharat Assam)

নগাঁও, 8 আগষ্ট: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত সৃষ্টি হোৱা অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতে ভাৰত তথা অসমত বাংলাদেশীৰ অনুপ্ৰৱেশৰ আশংকা কৰিছে বিভিন্নজনে । আনকি ভাৰত-বাংলাদেশৰ সীমান্তৰ পহৰা অধিক কটকটীয়া কৰি তোলা বুলি ইতিমধ্যে জানিব পৰা গৈছে ৷ ইয়াৰ মাজতেই পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য । ভাৰত-বাংলাদেশ সীমান্ত পাৰ হৈ বাংলাদেশীয়ে অসমত প্ৰৱেশ কৰাৰ এক চাঞ্চল্যকৰ তথ্যই নিৰাপত্তা ব্যৱস্থালৈ ভাবুকি মাতিছে । নগাঁও আৰক্ষীৰ এক অভিযানত পোহৰলৈ আহিছে ভাৰত-বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ ফোঁপোলা দিশ ।

গৰু কিনিবলৈ আহোঁতেই জালত পৰিল বাংলাদেশী (ETV Bharat Assam)

নগাঁৱত আটক বাংলাদেশী নাগৰিক: বুধবাৰে নগাঁৱৰ ধিং আৰক্ষীৰ এক অভিযানত আটক হয় এজন বাংলাদেশী নাগৰিকৰ লগতে নগাঁৱৰ তিনিজনকৈ চোৰাং গৰু ব্যৱসায়ী । বুধবাৰে ধিং সাপ্তাহিক বজাৰৰ পৰা নগাঁৱৰ তিনিজনকৈ ব্যৱসায়ীৰ সহযোগত গৰু ক্ৰয় কৰাৰ সময়তেই ধিং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় এজন বাংলাদেশী নাগৰিকক ।

লগতে পঢ়ক: অসমৰ ১২ খন জিলাত আমি ইতিমধ্যেই সংখ্যালঘু হৈ পৰিছো : বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী - ASSAM CM ON BANGLADESH VIOLENCE

বাংলাদেশৰ ছিলেট জিলাৰ গৌয়াং আৰক্ষী থানাৰ অন্তৰ্গত মনিৰুদ্দিনৰ পুত্ৰ হুমায়ুন কবিৰক ধিং সাপ্তাহিক গৰু বজাৰৰ পৰা আটক কৰে ধিং আৰক্ষীয়ে । লগতে অবৈধভাৱে অসমত প্ৰৱেশ কৰি গৰু ক্ৰয় কৰাত বাংলাদেশী নাগৰিকজনক সহযোগ কৰা নগাঁৱৰ গেৰুৱা আটিৰ মতিবুৰ ৰহমান, আবুল হুছেইন আৰু মকবুল হুছেইনকো আটক কৰে ধিং আৰক্ষীয়ে । ধৃত বাংলাদেশী নাগৰিকজনৰ পৰা এটা মোবাইল, দুটা ছিম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে ।

কেতিয়া আৰু কেনেকৈ অসমত প্ৰৱেশ কৰিছিল বাংলাদেশী নাগৰিকজন ?

বুধবাৰে ধিং আৰক্ষীয়ে আটক কৰা অবৈধ বাংলাদেশী নাগৰিকজনে যোৱা 4 আগষ্টত মেঘালয়ৰ ডাউকি হৈ সীমান্ত অতিক্ৰম কৰি প্ৰৱেশ কৰিছিল ভাৰতত, তাৰ পিচত মেঘালয়ৰ পৰা আহি অসমৰ নগাঁও জিলাত উপস্থিত হয় । নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে, 6 আগষ্টত হুমায়ুন নামৰ বাংলাদেশীজন অবৈধভাৱে অসমত প্ৰৱেশ কৰি নগাঁৱৰ বৰঘাটত উপস্থিত হৈছিল । বুধবাৰে ধিঙৰ পৰা আটক কৰা হুমায়ুন নামৰ অনুপ্ৰৱেশকাৰীজনক নিশা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে ।

লগতে পঢ়ক: ভাৰতত প্ৰৱেশ কৰিবলৈ সীমান্তত ভিৰ শ শ বাংলাদেশীৰ : ভাইৰেল ভিডিঅ’ই বৃদ্ধি কৰিছে আশংকা - Bangladesh crisis

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.