ETV Bharat / state

২০২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ গো-মাংস প্ৰংসগ উত্থাপন; ঈদগাহ সমিতিৰ অভিযোগ - ASSAM CABINET BAN BEEF

কেবিনেটে গো-মাংসক লৈ সিদ্ধান্ত গ্ৰহণ কৰা সন্দৰ্ভত যোৰহাট ঈদগাহ সমিতিৰ সম্পাদকৰ লগতে আন এজন যুৱকেও আগবঢ়াইছে মতামত ৷ তেওঁলোকৰ মতে এয়া ৰাজনৈতিক চক্ৰান্ত ৷

s
গো-মাংসক লৈ উত্তাল হৈ আছে ৰাজ্য (s)
author img

By ETV Bharat Assamese Team

Published : Dec 6, 2024, 10:36 PM IST

যোৰহাট : উপ-নিৰ্বাচনৰ সময়ৰে পৰাই গো-মাংসক লৈ উত্তাল হৈ আছে ৰাজ্য । ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে উপ-নিৰ্বাচনৰ সময়ত বিজেপিৰ বিৰুদ্ধে গো-মাংস সন্দৰ্ভত বিতৰ্কিত মন্তব্য় কৰাৰ পিচতেই ইয়াকে লৈ আৰম্ভ হৈছে ৰাজনীতি । ইপিনে, অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমৰ্মে ৰাজহুৱা স্থানত গো-মাংস নিষিদ্ধ কৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

কেবিনেটে গো-মাংসক লৈ সিদ্ধান্ত গ্ৰহণ কৰা সন্দৰ্ভত যোৰহাট ঈদগাহ সমিতিৰ সম্পাদক পাৰভেজ হুছেইনে কয়, "গো-মাংস নিষিদ্ধ কৰা বিষয়টো এক ৰাজনৈতিক ইচ্ছ্য়ু । তেওঁলোকে কয় এইখন ডবল ইঞ্জিন চৰকাৰ আৰু অসমৰ ইঞ্জিনটো সৰু, মুখ্য ইঞ্জিনটো আছে দিল্লীত । সেয়েহে আমি কওঁ যে প্ৰথমতে বিজেপি শাসিত চৰকাৰখনে গো-মাংসৰ ৰপ্তানি বন্ধ কৰক । গো-মাংস ৰপ্তানিত ভাৰত তৃতীয় ৰপ্তানিকাৰী দেশ ।"

গো-মাংসক লৈ উত্তাল হৈ আছে ৰাজ্য (s)

তেওঁ পুনৰ কয়, "গো-মাংস ৰপ্তানি কৰা কোম্পানীৰ পৰা বিজেপি চৰকাৰখনে নিৰ্বাচনৰ বাবে টকা লয় । এয়া জানো হিন্দুত্ববাদী চৰকাৰখনৰ বাবে উচিত কাৰ্য ?" লগতে তেওঁ কয় যে যি সময়ত ৰাইজ বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত হৈ আছে, সেই সময়ত মুখ্যমন্ত্ৰীৰ এনে চিন্তাই এই কথাকে স্পষ্ট কৰিছে যে তেওঁলোকে ২৬ৰ নিৰ্বাচনী বৈতৰণী পাৰ হ'বৰ বাবে এই সময়ত গো-মাংস বিষয়টো টানি আনিছে ।

ৰাজ্যত গো-মাংস বিষয়টোৰ আজিৰ তাৰিখত কোনো ধৰণৰ চৰ্চা নাই । লগতে ছ'চিয়েল মিডিয়াত উক্ত বিষয়ত কোনো আলোচনা বা মতামত দেখা পোৱা নাই, এয়া এক ৰাজনৈতিক মুনাফা বুলি তেওঁ উল্লেখ কৰে । হুছেইনে পুনৰ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা বিষয়সমূহৰ পৰিৱৰ্তে ৰাজ্যৰ জ্বলন্ত সমস্যা সমূহৰ বিষয়ে মাত মাতক ।

আনহাতে, আন এগৰাকী সমাজ সচেতন ব্যক্তি প্ৰাণদ্বীপ দত্তই কয়, ‘‘ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ । কিন্তু এইখন চৰকাৰে বিশেষ সম্প্ৰদায়ৰ প্ৰতি আক্ৰোশমূলক ভাৱ গ্ৰহণ কৰিছে, সেয়ে মই আহ্বান জনাম যে গণতন্ত্ৰ পৰিপন্থী কামৰ বিপৰীতে গণতন্ত্ৰৰ স্বাৰ্থত কাম কৰাটো প্ৰয়োজন ।’’ লগতে তেওঁ কয়, ‘‘বহু জ্বলন্ত সমস্যাত ৰাইজ জৰ্জৰিত । সেয়ে ৰাইজৰ সমস্যা সমাধানৰ বিষয়টোত গুৰুত্ব দিয়ক ।’’

লগতে পঢ়ক:২০২৬ত বিজেপি বিৰোধী মিত্ৰতা শক্তিশালী কৰিব কংগ্ৰেছে; ভূপেন বৰাক সেউজ সংকেত ৰাহুল গান্ধীৰ

গো-মাংস নিষিদ্ধৰ বাবে ৰূপক শৰ্মায়ো জগৰীয়া কৰিলে সাংসদ ৰকিবুলকেই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.