ETV Bharat / state

প্ৰথমে অপহৰণ, তাৰ পাচত আৰক্ষীক খুন্দিয়াই পলায়ন: আটক-৩, পলাতক-১ - kidnapping case

author img

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 8:24 PM IST

Kidnapping case: জালুকবাৰী উৰণ সেতুৰ ওচৰত চাঞ্চল্যকৰ অপহৰণকাণ্ড । অপহৰণকাৰীৰ গাড়ীৰ খুন্দাত আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ এজন কনিষ্টবল । আৰক্ষীৰ জিম্মাত তিনি অপহৰণকাৰী, ব্ৰহ্মপুত্ৰ নদীত জাঁপ দি পলায়ন অপহৰণকাণ্ডৰ মাষ্টাৰমাইণ্ড মনোৱাৰ হুছেইন ।

Kidnapping case
প্ৰথমে অপহৰণ, তাৰ পাচত আৰক্ষীক খুন্দিয়াই পলায়ন (Etv Bharat Assam)

বাইহাটা, ১০ জুলাই: মঙলবাৰৰ নিশা সংঘটিত হোৱা এক চাঞ্চল্যকৰ অপহৰণৰ ঘটনাই জোঁকাৰি গৈছে বাইহাটা চাৰিআলিৰ লগতে সমগ্ৰ কামৰূপ জিলা । অপহৰণৰ অভিযান চলাবলৈ গৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া । বৰ্তমান ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বিষয়াগৰাকী ।

কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা (Etv Bharat Assam)

গোৱালপাৰা জিলাৰ ৰংজুলিৰ এগৰাকী যুৱতীয়ে একেলগে কাম কৰা বেংগালুৰুৰ এজন যুৱকৰ সৈতে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি আহি জালুকবাৰী উৰণ সেতুৰ ওচৰত ৰৈ আছিল । এনেতে এখন টেক্সী ছুইফট ডিজায়াৰ গাড়ী তেওঁলোকৰ ওচৰত ৰৈ ৰংজুলিলৈ যাব বুলি কৈ তেওঁলোকক উঠাই লয় । গাড়ী চালকে পথত কেইবাটাও স্থানৰ পৰা আন তিনিজন যুৱকক গাড়ীত উঠাই বাইহাটা চাৰিআলি অভিমুখে আহি থকা অৱস্থাতে যুৱক-যুৱতীদ্বয়ক বিভিন্ন ধৰণে নিৰ্যাতন চলায় ।

লগতে পঢ়ক: নাৰেংগী কেন্দুগুৰিৰ পৰা যুৱকক অপহৰণ ! নগা যুৱকে অপহৰণ কৰাৰ সন্দেহ - Suspected kidnapping case

ইয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্তকেইটাই যুৱতীগৰাকীৰ পৰিয়ালৰ পৰা পঞ্চাছ লাখ টকা দাবী কৰে । টকা নিদিলে দুয়োকে হত্যা কৰাৰ ভাবুকি দিয়ে দুৰ্বৃত্তকেইটাই । এই অপহৰণৰ খবৰ লাভ কৰাৰ পাচতেই কামৰূপ আৰক্ষীয়ে অভিযান আৰম্ভ কৰে । অপহৰণকাৰীৰ দলটোৱে মুখ্য পথ এৰি মান্দাকাটা হৈ বেজেৰা অভিমুখে আহি থকাৰ খবৰ লাভ কৰি বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমিত মাহাতোৰ নেতৃত্বত আৰক্ষীৰ এটা দল সেই পথেৰে যায় ।

আৰক্ষীৰ দলটোৱে উক্ত পথৰ মান্দাকাটাত অপহৰণকাৰীৰ দলটোৰ সৈতে মুখামুখি হয় । আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাওতেই দুৰ্বৃত্তৰ দলটোৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত মাহাতো আৰু এজন আৰক্ষী কনিষ্টবল মৃণ্ময় হালৈক গাড়ীৰে খুন্দিয়ায় পলায়ন কৰে । দুৰ্বৃত্তৰ দলটোৱে বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ অন্তৰ্গত বেজেৰাৰ পৰা সাত কিলোমিটাৰ নিলগত এখন গাঁৱত যুৱক-যুৱতীদ্বয়ক নমাই থৈ পলায়ন কৰে ।

লগতে পঢ়ক: বিদ্যালয়ৰ পৰা ক'লৈ গ'ল জিতু ? সন্ধান নাই আজিও - Student Missing In Bongaigaon

কামৰূপ আৰক্ষীয়ে নিশাই যুৱক-যুৱতীদ্বয়ক উদ্ধাৰ কৰাৰ লগতে মহানগৰীৰ পৰা চাৰিজন অপহৰণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আনহাতে গাড়ীৰ খুন্দাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আৰক্ষী বিষয়া মাহাতোক প্ৰথমে বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাচত নাৰায়ণা হাস্পতালত ভৰ্তি কৰোৱা হয় । আটকধীন অপহৰণকাৰীকেইটা নলবাৰী জিলাৰ মুকালমুৱাৰ মনোৱাৰ হুছেইন, ৰমজান আলী, তফিজুদ্দিন আলী আৰু জেহেৰুল আলী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ইফালে এটা অপহৰণকাৰী তথা এই অপহৰণ কাণ্ডৰ মাষ্টাৰমাইণ্ড মনোৱাৰ হুছেইনক তেওঁৰ ঘৰত লুকুৱাই ৰখা পিষ্টলৰ সন্ধানত তালাচী চলাবলৈ ব্ৰহ্মপুত্ৰ নদীত এখন নাৱেৰে আৰক্ষীয়ে লৈ গৈ থকা অৱস্থাতে নাৱৰ পৰা জাঁপ দি পলায়ন কৰে । সম্প্ৰতি আৰক্ষী, নদী আৰক্ষী আৰু এছ ডি আৰ এফ, এনে ডি আৰ এফে মনোৱাৰ আলীক বিচাৰি অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: যোৰহাটত এমাহতে দুবাৰকৈ শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ - Child Abduction Attempt

এই অপহৰণকাণ্ড সন্দৰ্ভত বাইহাটা চাৰিআলি আৰক্ষীয়ে ১৮২/২৪ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় ন্যায় সংহিতাৰ ৬১/২/১৪০/১০৯/১৩২/৩১০/৭৪/১১১ ধাৰাৰ অধীনত তদন্ত আৰম্ভ কৰিছে । ঘটনা সন্দৰ্ভত কামৰূপ জিলাৰ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে এই অপহৰণকাৰী দলটোৰ লগত আৰু বহুকেইজন জড়িত হৈ আছে । ইফালে মনোৱাৰ হুছেইন ইয়াৰ পূৰ্বেও ১২ টাকৈ জঘন্য অপৰাধ কাৰ্যৰ লগত জড়িত বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.