বঙাইগাঁও/ বাক্সা, 3 মে’ : ‘‘2 নং ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী শুকুৰ আলীক মুখ্যমন্ত্ৰীৰ মাকৰ সন্তান ৷ সেইবাবেই ধুবুৰী লোকসভা সমষ্টিত আজমল আৰু ৰকিবুলতকৈ শুকুৰ আলীক ভোট দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে ৷’’ এই অভিযোগ এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ ৷
আজমল আৰু ৰকিবুলৰ ৰাজনৈতিক পিতৃ ৰাহুল গান্ধী বুলি মুখ্যমন্ত্ৰীয়ে শেহতীয়াভাৱে মন্তব্য আগবঢ়াইছিল ৷ এই সন্দৰ্ভত বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "... তেখেতে সেইটো গালি দিছে ৷ ৰাহুল গান্ধী মোৰ পিতা নহয় ৷ মোৰ পিতাৰ নাম আজমল আলী চাহাব ৷ পুৰা পৃথিৱীয়ে জানে ৷ তেখেত যদি নাজানে এইটো জনাটো ভাল ৷ আমাক এনেকুৱা গালি দিব নালাগে ৷"
উল্লেখ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰত লিপ্ত হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ বৃহস্পতিবাৰে এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে । বঙাইগাঁও জিলাৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত লেংটিছিঙাত অনুষ্ঠিত হোৱা এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেতবোৰ বিতৰ্কিত মন্তব্য আগবঢ়ায় এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ।
আনফালে, বাক্সাত বিপিএফ দলৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰীয়ে চলাইছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ । ইখনৰ পাচত সিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে । বাক্সা জিলাৰ বাক্সা বিধানসভা সমষ্টিৰ অন্তৰ্গত দীঘলদঙাত বৃহস্পতিবাৰে এখন নিৰ্বাচনী সভাত নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে ৷
তেওঁ কয়, "কোকৰাঝাৰত বিজেপি দলৰ মন্ত্ৰী-বিধায়কে বাহৰ পাতি থাকিলেও কামত নাহে । ইউ পি পি এল দলক সহায় কৰা বাবে বিটিচিৰ ৰাইজে বেয়া পাইছে বিজেপিক । 70 শতাংশ ভোট লৈ জয়ী হ’ব বিপিএফ দল । বিপিএফৰ শাসন কালত এবছু আৰু ইউ পি পি এল দলে ডিভাইদ আচাম ফিফটি ফিফটিৰে ৰেলপথ, ৰাজপথত ধৰ্ণা দি পৰিৱশ অশান্ত কৰি তোলাৰ লগতে উগ্ৰপন্থীসকলোকো উচতনি দিছিল ।"
- " class="align-text-top noRightClick twitterSection" data="">
ইফালে বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ লগতো ভাল বন্ধুত্ব থকা বুলি উল্লেখ কৰি বিপিএফ দলৰ প্ৰাৰ্থীগৰাকীয়ে শৰণীয়াৰ ৰাজনৈতিক উজ্জ্বল ভৱিষ্যত কামনা কৰে ।
লগতে পঢ়ক: নিজৰেই নিৰ্বাচনী প্ৰচাৰ সভাত অনুপস্থিত আজমল; ক্ষোভ প্ৰকাশ সমষ্টিবাসীৰ - Lok sabha Election 2024