ETV Bharat / state

বিধায়কক প্ৰত্য়াহ্বান: উজনিৰ পৰা অবৈধ মিঞা উচ্ছেদ কৰিবলৈ নিৰ্দেশ আটাছুৰ - Miya Muslims Controversy

author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 4:26 PM IST

Abdur Rashid Mandal on Miya Muslims: উজনি অসমৰ পৰা মিঞাক খেদি পঠিয়াব নোৱাৰে বুলি প্ৰত্যাহ্বান বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ ৷ ইয়াৰ পিচতেই বিধায়কগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আটাছু ।

ATASU protest against MLA
সদৌ তাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া, ২৫ আগষ্ট: পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে উজনিৰ পৰা অবৈধ মিঞা খেদিব নোৱাৰে বুলি কৰা মন্তব্য় পিচতেই সৰৱ হৈ পৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ 'আটাছু'। বিধায়কগৰাকীয়ে কৰা মন্তব্য়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে আব্দুৰ ৰচিদ মণ্ডলক জনাইছে মুকলি প্ৰত্য়াহ্বান । আজি ইয়াৰেই প্ৰতিবাদত তিনিচুকীয়াৰ থানা চাৰিআলিত বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰে আটাছুই ।

বিধায়কৰ পুত্তলিকা দাহ :

শেহতীয়াভাৱে ৰাজ্য়ৰ বিভিন্ন ঠাইত অবৈধ নাগৰিকৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজ তথা দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সময়তেই বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে উজনিৰ পৰা অবৈধ মিঞা খেদিব নোৱাৰে বুলি এক বিতৰ্কিত মন্তব্য় আগবঢ়াইছিল । বিধায়কগৰাকীৰ এই প্ৰত্য়াহ্বান গ্ৰহণ কৰি আটাছুই আজি এইদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি উজনিত প্ৰৱেশ নকৰিবলৈ সকীয়াই দিয়ে ।

তিনিচুকীয়াৰ থানা চাৰিআলিত দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ৰ সমীপৰ পৰা এক সমদল উলিয়াই থানা চাৰিআলিত বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰে ৷ পুত্তলিকা দাহ কৰাৰ সময়ত ' আটাছু লং লিভ',' আব্দুল ৰছিদ মণ্ডল হায় হায়',' আব্দুৰ ৰচিদ মণ্ডল লেই লেই ছেই ছেই' আদি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

উজনিত আব্দুৰ ৰচিদ মণ্ডলক কঠোৰ সকীয়নি আটাছুৰ :

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে কয়, "অসমত এতিয়া এক বিদেশী খেদাৰ আন্দোলনৰ উকমুকনি দেখা দেখা গৈছে ৷ তেনে সময়তে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে কৰা মন্তব্য দুৰ্ভাগ্যজনক ৷ গতিকে আটাছুৱে উজনি অসমৰ পৰা অবৈধ মিঞাসকলক খেদিব নোৱাৰে বুলি বিধায়ক আব্দুৰ ৰচিদ মণ্ডলে কৰা মন্তব্য়ক প্ৰত্য়াহ্বান জনাইছো । আটাছুৰ কমিটীসমূহক ইতিমধ্যে অবৈধ মিঞাসকলক উজনি অসমৰ পৰা খেদিবলৈ নিৰ্দেশ প্ৰদান কৰিছো ৷" তদুপৰি আব্দুৰ ৰৰচিদ মণ্ডল উজনি অসমলৈ আহিলে গুৰুলাগুৰুলকৈ পিটিবলৈ সকলো সমিতিকেই নিৰ্দেশ দিয়া হৈছে বুলিও কয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁইয়ে ।

লগতে পঢ়ক:অনামিঞা ক্ৰিমিনেলৰ পক্ষত বিজেপিয়ে থিয় দিয়াৰ ৰেকৰ্ড আছে : বিধায়ক আব্দুৰ ৰচিদ মণ্ডল - Dhing rape case

পাৰে যদি খেদক না, খেদিব নোৱাৰে : মিঞা খেদাৰ প্ৰসংগত বিধায়ক আব্দুৰ ৰচিদ মণ্ডলৰ প্ৰত্যাহ্বান - Mla Abdur Rashid Mandal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.