ETV Bharat / state

ডিব্ৰুগড়ত আটাছুৰ মিঞা বিৰোধী অভিযান - Miya Muslims controversy

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 9:50 AM IST

Miya Muslims controversy: ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিঞাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে একাংশ সংগঠনে । শিৱসাগৰৰ পিচত ডিব্ৰুগড়ত আটাছুৱে মিঞা বিৰোধী অভিযান চলাইছে । এসপ্তাহৰ ভিতৰত সন্দেহজনক মিঞাক উজনি অসম এৰিবলৈ হুংকাৰ সংগঠনটোৰ ।

Miya Muslims controversy
ডিব্ৰুগড়ত আটাছুৰ মিঞা বিৰোধী অভিযান (ETV Bharat)

ডিব্ৰুগড়,২৬ আগষ্ট : নগাঁও জিলাৰ ধিঙৰ লগতে অসমৰ কেইবাখনো জিলাত নাৰীৰ বিৰুদ্ধে অপৰাধজনিত কেইবাটাও ঘটনা সংঘটিত হোৱা দেখা গৈছে । ইফালে এই ঘটনাবোৰত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদো অব্যাহত আছে । ৰাজ্যত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাত মিঞা মুছলমান জড়িত থকাৰো বিভিন্ন পক্ষই দাবী কৰিছে ।

মিঞা বিৰোধী অভিযান

লগে লগে ৰাজ্যত মিঞা বিৰোধী অভিযান আৰম্ভ হৈছে ! ইয়াৰ মাজতে মিঞা মুছলমানক ৭ দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ হুংকাৰ দিছে বিভিন্ন দল-সংগঠনে । শিৱসাগৰ জিলাত ইতিমধ্যে মিঞাৰ বিৰুদ্ধে দল-সংগঠনে অভিযান চলাই থকা সময়তে ডিব্ৰুগড়ত মিঞাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে । দেওবাৰে নিশা ডিব্ৰুগড় জিলাৰ মৰাণৰ বিভিন্ন অঞ্চলৰ লগতে খোৱাঙৰ চাৰিলেনযুক্ত পথ নিৰ্মাণত নিয়োজিত শ্ৰমিকৰ অস্থায়ী শিবিৰত উপস্থিত হৈ আটাছুৰ এটা দলে মিঞাক উজনি অসম এৰিবলৈ ৭ দিনৰ সময়সীমা বান্ধি দিলে । সংগঠনটোৱে দাবী কৰা মতে ৭ দিনৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব মিঞাই । অন্যথা যিকোনো পৰিস্থিতিৰ সৃষ্টি হোৱাৰ হুংকাৰ দিছে আটাছুৱে ।

ইফালে আটাছুৰ সকীয়নিৰ পিচতে ভয়ত কম্পমান হৈ পৰিছে একাংশ সন্দেহযুক্ত মিঞালোক । দুই এদিনতে সেই ঠাই ত্যাগ কৰিম বুলিও আটাছুৰ দলটোক প্ৰতিশ্ৰুতি দিছে মিঞাসকলে । আটাছুৰ কেন্দ্ৰীয় সমিতিৰ নেতাৰ নেতৃত্বত অহা দলটোৱে নিশা পৰ্যন্ত মিঞাৰ বিৰুদ্ধে অভিযান চলায় ।

আটাছুৰ হুংকাৰ

এই মিঞা বিৰোধী অভিযানত অংশগ্ৰহণ কৰি আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি দেৱজিত গগৈয়ে কয়,"ধিঙত যি নাৰকীয় কাণ্ড সংঘটিত হ'ল সেই ঘটনাৰ পাছতে উজনি অসমত যি সন্দেহযুক্ত মিঞা আছে তেওঁলোকক এক সপ্তাহৰ ভিতৰতে উজনি অসম এৰি যাবলৈ সময় বান্ধি দিয়া হৈছে । যিসকল সন্দেহজনক মিঞাক বিভিন্ন কেম্পত পোৱা গৈছে তেওঁলোকে অসমীয়া ক'ব নোৱাৰে । সেয়ে তেওঁলোকক উজনি অসম এৰিবলৈ কোৱা হৈছে ।"

লগতে পঢ়ক :জনজাতিকৰণৰ দাবীত দিল্লী কঁপাবলৈ সাজু টাইপা - Tai Ahom Yuva Parishad

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.