গুৱাহাটী, ১৬ জুন : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াযোগে যোৱা তিনি বছৰত ৰাজ্যখনত ষ্টার্টআপৰ সাফল্যৰ কিছু তথ্য প্রকাশ কৰিছে । কিন্তু বাস্তৱত সৰ্বভাৰতীয় প্ৰেক্ষাপটত ষ্টার্টআপৰ ক্ষেত্ৰত অসমৰ ছবিখন মুঠেও উৎসাহজনক নহয় ।
ষ্টাৰ্টআপ ইণ্ডিয়া যোজনাখন নতুনকৈ ব্যৱসায়ী আৰম্ভ কৰিব বিচৰা ব্যৱসায়ীসকলক সহায় কৰা, এটা গতিশীল ষ্টাৰ্টআপ পৰিৱেশ নিৰ্মাণ কৰা আৰু ভাৰতক এখন নিয়োগ বিচৰা দেশৰ সলনি নিয়োগ প্ৰদান কৰা দেশলৈ পৰিৱৰ্তন কৰাৰ লক্ষ্য ৰাখি ২০১৬ চনৰ ১৬ জানুৱাৰীত মুকলি কৰা হৈছিল ।
মুখ্যমন্ত্রীয়ে কিছুদিন পূৰ্বে ছ'চিয়েল মিডিয়াযোগে প্রকাশ কৰা অনুসৰি বিগত তিনি বছৰত ৪৮৯ টা ষ্টার্টআপক চৰকাৰে সকলো ধৰণে সহায় কৰিছে ৷ ৭৪টা ষ্টার্টআপক ৭ কোটি টকাৰ অনুদান দিয়া হৈছে। ষ্টার্টআপবোৰে ৪০ কোটি টকা উপার্জন কৰিছে আৰু ৪,৯০০ টা সংস্থাপনৰ সৃষ্টি হৈছে ।
কেন্দ্রীয় চৰকাৰৰ বাণিজ্য মন্ত্রণালয়ৰ তথ্যত কিন্তু অসমৰ ষ্টার্টআপৰ ক্ষেত্ৰত ছবি উৎসাহজনক নহয় । কেন্দ্রীয় চৰকাৰৰ বাণিজ্য মন্ত্রণালয়ে অলপতে মুকলি কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত (২০১৯ চনৰ পৰা ২০২৩ চনলৈ) দেশত সৰ্বমুঠ ১,০৪,৮৮২টা ষ্টাৰ্টআপৰ স্বীকৃতি পাইছে ।
অসমত এনে ষ্টাৰ্টআপৰ সংখ্যা হৈছে মাত্র ১৯৫ । বাণিজ্য মন্ত্রণালয়ে মুকলি কৰা তথ্য অনুসৰি পাঁচ বছৰত দেশত ষ্টাৰ্টআপবোৰৰ যোগেদি প্রায় ১১.২৫ লাখ পোনপটীয়া সংস্থাপনৰ সৃষ্টি হৈছে । অসমত এই সংখ্যা হৈছে ৮,৯০৬ । অৰ্থাৎ দেশৰ মাত্ৰ ০.০০৭১ শতাংশ ।
ষ্টেট স্টার্টআপ ৰেংকিং ফ্ৰেমৱৰ্কৰ মতে এক কোটিৰ অধিক জনসংখ্যা থকা ৰাজ্যক এ কেটেগৰীত ৰখা হয় । আনহাতে এক কোটিৰ কম জনসংখ্যা থকা ৰাজ্যক বি কেটেগৰীত ৰখা হয় । অসমত যিহেতু জনসংখ্যা এক কোটিৰ অধিক আছে, গতিকে অসমক এ কেটেগৰীত ৰখা হৈছে ।
ষ্টেট স্টার্টআপ ৰেংকিং ফ্ৰেমৱৰ্কৰ মতে, ২০২১ আৰু ২০২৩ চনত অসমে এ কেটেগৰীৰ, (এক কোটিৰ অধিক জনসংখ্যা থকা ৰাজ্য) 'লীডাৰ' শাখাতহে স্থান পাবলৈ সক্ষম হৈছে । কিন্তু বি কেটেগৰীত (এক কোটিৰ কম জনসংখ্যা থকা ৰাজ্য) চুবুৰীয়া মেঘালয়ে টপ পাৰফৰ্মাৰ'ত স্থান পাবলৈ সক্ষম হৈছে ।
২০২২ চনৰ ষ্টেট স্টার্টআপ ৰেংকিং মতে, বেষ্ট পাৰফৰ্মাৰ ৰাজ্য হৈছে- গুজৰাট, কৰ্ণাটক, কেৰালা আৰু তামিলনাড়ু । আকৌ টপ পাৰফৰ্মাৰ ৰাজ্য হৈছে - মহাৰাষ্ট্ৰ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানা । তাৰ পাচৰ 'লীডাৰ শাখাত অন্ধ্রপ্রদেশ, মধ্য প্রদেশ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সৈতে অসমে স্থান লাভ কৰিছে ।
ইপিনে, ২০২৩ বৰ্ষৰ নেচনেল ষ্টার্টআপ এৱাৰ্ডৰ বাবে অসমৰ কোনো স্টার্টআপ বাছনি লাভ কৰা নাই । দেশৰ বিভিন্ন ৰাজ্যৰ ২১টা স্টার্টআপক এই বঁটাৰ বাবে বাছনি কৰা হৈছে ।
লগতে পঢ়ক : বাংলা ভাষাত সুতপা চক্ৰৱৰ্তীলৈ যুৱ সাহিত্য অকাদেমি বঁটা - Sahitya Akademi Yuva Puraskar 2024