গুৱাহাটী ১৩ এপ্ৰিল :
"চ’তে গৈয়ে গৈয়ে ব’হাগে পালেহি,
ফুলিলে ভেবেলী লতা,
কৈনো কৈ থাকিলে ওৰকে নপৰে
ব’হাগৰ বিহুৰে কথা..."
এয়া গছে কুঁহিপাত সলোৱাৰ বতৰ ৷ আজিৰে পৰা আৰম্ভ হ’ল অসমীয়াৰ প্ৰাণস্পন্দন স্বৰূপ ব’হাগ বিহু ৷ পৰম্পৰা অনুসৰি আজি ব’হাগ বিহুৰ প্ৰথমটো দিন । ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু । আজি পুৱাই সাতাম পুৰুষীয়া পৰম্পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৈ-পুখুৰী, বিল আদিত গোধনক গা ধুৱা হয় ।
গোধনসমূহক গা ধুৱাই পৰম্পৰাগতভাৱে 'চাত' মাৰি বছৰটোৰ বাবে কৃষিজীৱী ৰাইজৰ কৃষি কৰ্ম আৰু উৎপাদনৰ অংশ গৰুৰ কুশল কামনা কৰা হয় ৷ গৰু বিহুৰ কিছু পৰম্পৰা আৰু বিশ্বাসৰ বিষয়ে জানো আহক এই প্ৰতিবেদনৰ জৰুয়তে-
গৰু বিহুৰ পুৱাৰ পৰম্পৰা :-
“লাও খা, বেঙেনা খা,
বছৰে বছৰে বাঢ়ি যা
মাৰ সৰু বাপেৰ সৰু
তই হ’বি বৰ বৰ গৰু”
- এইদৰে কৈ বা গাই আজিৰ দিনটোত ঘৰৰ গৰুক পুৱাই মূৰ, শিঙ আৰু গাত পিচি থোৱা মাহ-হালধি সানি আদৰ কৰা হয় । গৰুৰ গা, খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধি সনা পৰ্বক নোৱোওৱা বুলি কোৱা হয় । গৰুক নোওৱাৰ পিছত সমীপৱৰ্তী নৈ-বিল, পুখুৰী আদিলৈ নি গা ধুওৱা হয় ।
গা ধুওৱা সময়তেই লাও, বেঙেনা, থেকেৰা, হালধী আদি সৰু সৰুকৈ চকলিয়াই গৰুৰ গাত মৰমেৰে কুশল কামনা কৰি দলিয়াই দলিয়াই মৰা হয় । ইয়াকে চাত মৰা বোলা হয় । বাঁহৰ সৰু সৰু কামিত লাও, বেঙেনা, থেকেৰা, হালধী আদি শালি লৈ পূৰ্বৰে পৰা সাজু কৰি ৰখা হয় গৰুৰ গা ধুৱা পৰ্বৰ পূৰ্বে । ইয়াক চাত বোলা হয় ।
কোনো কোনো ঠাইত চাক বুলিও কোৱা হয় । জনবিশ্বাস আছে যে এইদৰে লাও, বেঙেনা, থেকেৰা৷ হালধী আদিৰে চাত মাকিলে গৰুৰ বছৰটোলৈ সুস্থ হৈ থাকে । মাৰি-মৰক আদিৰ পৰা আতৰি থাকিব পাৰে পশুধন । চাত মৰাৰ পিছত গা ধুই গৃহস্থ নাইবা গৰুৰ লগত লাগি থকা পৰিয়ালৰ লোকে আনৰ লগত চাতৰ সাল-সলনি কৰে ৷
সুস্থ-সৱল গৰু থকা লোকৰ লগতহে এই চাত সলনি কৰাৰ চেষ্টা কৰা হয় । বিশ্বাস কৰা হয় যে এনেদৰে চাত সলনি কৰিলে গৰুৰ সুস্বাস্থ্যৰ শক্তি সঞ্চালিত হয় । কেৱল যে পৰম্পৰা অনুসৰি চাতেই সলনি কৰে এনে নহয় । সেইদিনা গৰু কোবোৱা দীঘলতী, মাখিয়তী আদিও বেলেগৰ লগত সলনি কৰি আনি পুনৰ গোহালিৰ চালত থৈ দিয়া হয় । এনে কৰিলে বোলে গোহালিৰ গৰুবোৰে বছৰটোৰ বাবে কোনো বেমাৰ-আজাৰৰ পৰা হাত সাৰি থাকিব পাৰে ।
লগতে গা ধুৱাবলৈ নিওতে পূৰ্বেই যোগাৰ কৰি থোৱা মাখিলতী আৰু দীঘলতীৰে গৰুৰ গাত মৃদুকৈ কোবোৱা হয় ৷ তেতিয়া চহা লোক সকলে গায়—
“দীঘলতী দীঘপাত
মাখি মাৰো জাক জাক
মাখিলতী মাখিপাত
মাখি মাৰো জাক জাক ৷’’
বিশ্বাস কৰা হয় যে গৰু বিহুৰ দিনা এইদৰে দীঘলতী আৰু মাখিলতীৰে কোবালে আৰম্ভ হ’বলগীয়া বছৰটোৰ পৰৱৰ্তী দিনবোৰ মহ-দাহ আদিৰ আক্ৰমণৰ পৰা আতৰি থাকিব পাৰি গৰু-ম’হ আদি ৷ স্থানভেদে এই জনবিশ্বাস আৰু পৰম্পৰা বেলেগ বেলেগ ৷
এই বছৰো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিজ নিজ পৰম্পৰা অনুসৰি উলহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু । এই গৰু বিহুৱে বহন কৰি আহিছে অসমীয়া চহা জীৱনৰ বিভিন্ন লোক বিশ্বাস।
পুৱাই গৃহস্থই ধাৰণা কৰে এইবাৰ বানপানী হ’বনে নাই ?
গৰু বিহুৰ দিনাই পৰম্পৰা অনুসৰি কাহিলীপুৱাতে গৃহস্থই গৰু গোহালিলৈ আহি গৰুবোৰ শুই আছে নে থিয় হৈ আছে লক্ষ্য কৰে । জনবিশ্বাস অনুসৰি গোহালিৰ গৰুবোৰ থিয় হৈ থকা দেখে তেন্তে সেই বছৰটোত বানপানী হোৱাৰ সম্ভাৱনা থাকে ৷ আনহাতে যদিহে গৰুবোৰ শুই থকা দেখে তেন্তে বানপানী নহয় বুলি এক বিশ্বাস চলি আহিছে ।
জাগ দিয়া প্ৰথা :
গৰু বিহুৰ এক এৰাব নোৱাৰা পৰম্পৰা হ’ল জাগ দিয়া (ধোঁৱা দিয়া) পৰম্পৰা । গৰুক গা ধুৱাৰ পিছৰে পৰা প্ৰস্তুতি আৰম্ভ হয় গৰুক জাগ দিবৰ বাবে । কৃষকে গৰুক ধুৱাই বাহিৰে বাহিৰে নৈৰ পাৰ বা সমীপৱৰ্তী অঞ্চলৰ পৰা জাগ দিবলৈ বিভিন্ন প্ৰাকৃতিক গছ-বন আদি সংগ্ৰহ কৰে ।
তৰা গাঁজ, অগৰা, ঘেঁহু আদি সংগ্ৰহ কৰি আনে ঘৰলৈ ৷ সন্ধিয়াৰ পূৰ্বে গোহালিৰ সন্মুখত ধান খেৰ, তুঁহ, মাখিয়তীৰ লগতে তৰা গাঁজ, অগৰা, ঘেঁহু আদি জাপি এটা সৰু দম কৰা হয় । এই দমটোত জুই লগাই দি গোহালিত ধোঁৱা দিয়া হয় ৷ ইয়াক জাগ দিয়া বোলা হয় ।
এনে কৰিলে ঘৰৰ গৰুকেইটা মহ, দাঁহ, মাখি আদিৰপৰা বছৰটোলৈ ৰক্ষা পৰাৰ লগতে গৰুবোৰ চৰ্ম ৰোগৰ পৰা বাচি থাকিব পাৰি বুলি এক জনবিশ্বাস আছে ।
নতুন পঘা :
বিহুত মানুহে নতুন কাপোৰ লয় ৷ কিন্তু ঘৰৰ গৰু কেইটাক কি দিয়ে মানুহে ? পৰম্পৰাগতভাৱে গৰু বিহুৰ দিনা সলোৱা হয় গোহালিৰ সকলো পুৰণি গৰু বন্ধা পঘা । ব’হাগত মানুহে নতুন বস্ত্ৰ লোৱাৰ দৰে আজিৰ দিনটোত গৰুকো মৰাপাটেৰে প্ৰস্তুত কৰা নতুন পঘা দিয়া হয় । অৰ্থাৎ কৃষিজীৱী পৰিয়ালৰ সদস্য জ্ঞান কৰি গৰুক নতুন পঘা দিয়া হয় ।
গৰুৰ পিঠা খুওৱা পৰ্ব :
ব’হাগ বিহুত কেৱল মানুহেই পিঠা নাখায় । গৰুকো পিঠা খুৱায় কৃষকে ৷ গৰু বিহুৰ দিনা সন্ধিয়া জাগ দিয়া চাফ-চিকুণ কৰি ৰখা গোহালিত নতুন পঘাৰে গৰু বন্ধা হয় ৷ তাৰ পিছতেই গৰুক কেঁচা পিঠাগুড়িৰে প্ৰস্তুত কৰা লাড়ু সদৃশ পিঠা মৰমেৰে খুওৱা হয়। নিমখ দি প্ৰস্তুত কৰা হয় গৰুৰ এই পিঠা ৷
দুৱাৰদলীত টিকনী বৰুৱা:
টিকনী বৰুৱা হ’ল এবিধ কাঁইটীয়া মধ্যমীয়া শকত লতা জাতীয় ঔষধী গছ । ঘৰৰ দুৱাৰদলীত এই লতাৰ অংশ কাট পআনি গৰুৰ বিহুৰ দিনা আৰি দিয়া হয় । বিশ্বাস কৰা হয় যে এইদৰে টিকনী বৰুৱা আৰিলে ঘৰত আহি থকা গৰমৰ দিন কেইটাত সাপ আদিৰ প্ৰৱেশ নঘটে ।
এশ এবিধ শাকৰ আঞ্জা :
গৰু বিহুৰ দিনা অসমীয়া সমাজত এবিধ শাকৰ আঞ্জা খোৱাৰ পৰম্পৰা চলি আহিছে ৷ গৰু বিহুৰ দিনা পথাৰ আৰু বাৰীৰ পৰা বুটলি অনা এশ এবিধ শাক খোৱাৰ পৰম্পৰা চলি আহিছে । এই আঞ্জাত গৰুৰ চাটত দিয়া লাও, বেঙেনা, হালধী, থেকেৰা আদিও দিয়া হয়। বিশ্বাস কৰা হয় যে এনেকৈ এশ এবিধ শাক খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় । যাৰ ফলত বহু ৰোগ-ব্যাধি আদিৰ পৰা আতৰি থাকিব পাৰি বুলি জনা যায়।
নাহৰ পাতত মন্ত্ৰ লিখা পৰম্পৰা :
পূৰ্বৰ সময়ত বহুলোকে গৰু বিহুৰ দিনা পৰম্পৰাগতভাৱে নাহৰ পাতত এক মন্ত্ৰ লিখি ঘৰৰ চালত গুজি থৈছিল । এতিয়াও বহুলোকে এই ৰীতি পালন কৰে । মূলত বিপদৰ সময়ত ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰা শিৱলৈ প্ৰাৰ্থনা জনাই নাহৰ পাতৰ ভিতৰৰ ফালে লিখা হয় এইদৰে -
“দেৱ দেৱ মহাদেৱ নীলগ্ৰীব জটাধৰ ।
বাত বৃষ্টি হৰংদেৱ মহাদেৱ নমস্তুতে ॥”
লোকবিশ্বাস আছে যে নাহৰ পাতত লিখা এনে মন্ত্ৰই বছৰটোত ধুমুহা, ঢেৰেকণি, বজ্ৰপাত আদিৰ পৰা ঘৰখনক বচাই ৰাখে ।
বৰ্তমানৰ বাস্তৱ আৰু গৰু বিহু:
লক্ষণীয়ভাৱে দ্ৰুতগতিত অসমীয়া কৃষিজীৱি লোকৰ সংখ্যা দিনক দিনে হ্ৰাস পাই আহিছে। হ্ৰাস পাই আহিছে খেতিৰ ভূমি । হ্ৰাস পাই আহিছে ঘৰত গৰু পোহা কাৰ্য । নৈ-বিলবোৰ লাহে লাহে বাম হৈ আহিছে । গৰুৰ ঠাই গ্ৰহণ কৰিছে যন্ত্ৰই - ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদিয়ে আদিয়ে ৷ খেতিৰ ব্যয়ৰ পৰিমাণ আৰ্জনতকৈ বেছি হোৱা বাবে কমিছে খেতি কৰাৰ পৰিমাণ।
ইয়াৰ উপৰিও চৰকাৰী বিনামূলীয়া হিতাধিকাৰী আঁচনি আদিয়েও কৃষি ক্ষেত্ৰত পেলাইছে ব্যাপক প্ৰভাৱ । অসমীয়া সমাজত বাঢ়িছে ভঁৰাল আৰু গোহালি নোহোৱা ঘৰৰ সংখ্যা । সেয়ে ইয়াৰ প্ৰভাৱ পৰিছে বহাগ বিহুৰ প্ৰথমটো দিন গৰু বিহুৰ লোকাচাৰত । তাৰ মাজতো আজি ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত কৃষিজীৱী সকলৰ লগতে আনসকলেও পালন কৰিছে পৰম্পৰা অনুসৰি আদৰৰ গৰু বিহু ৷
লগতে পঢ়ক : আধুনিকতাৰ ধামখুমীয়াৰ মাজতো চহা অসমীয়াৰ চোতালত আজি গৰু বিহু - RONGALI BIHU 2024