ETV Bharat / state

অশান্ত বাংলাদেশৰ পৰা কৰিমগঞ্জ সীমান্তৰে অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ - BANGLADESH VIOLENCE

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 12:16 PM IST

Assam-Bangladesh border: সীমান্ত অঞ্চলত সষ্টম হৈ আছে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকল ৷ তাৰপাচতো সীমান্তৰে অসমত প্ৰৱেশৰ চেষ্টা বাংলাদেশী নাগৰিকৰ ৷ বাধা প্ৰদান অসম আৰক্ষীৰ ৷

Bangladesh Crisis
অনুপ্ৰৱেশৰ চেষ্টা চলোৱা চাৰি বাংলাদেশী নাগৰিক (X account of Himanta Biswa Sarma)

গুৱাহাটী, 12 আগষ্ট: বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তে অবৈধভাৱে অসমত প্ৰৱেশৰ চেষ্টা চলাইছে দেশখনৰ চাৰিজনকৈ নাগৰিকে ৷ এই চাৰিজন বাংলাদেশৰ নাগৰিকক অসমত প্ৰৱেশত বাধা দিবলৈ সক্ষম হৈছে অসম আৰক্ষী ।

মুখ্যমন্ত্ৰীৰ টুইট

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X ত সদৰী কৰা মতে, দেওবাৰৰ নিশা প্ৰায় 1.30 বজাত কৰিমগঞ্জ আৰক্ষীয়ে অসম-বাংলাদেশ সীমান্তৰ মাজেৰে কৰিমগঞ্জ জিলাত প্ৰৱেশৰ চেষ্টা চলোৱা চাৰিজন বাংলাদেশী নাগৰিকৰ প্ৰৱেশত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে । অসমত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশী নাগৰিক চাৰিগৰাকী ক্ৰমে মতিউৰ শ্বেখ, মুছাহিৰ মোল্লা, তানিয়া মোল্লা আৰু ৰীতা মোল্লা ৷ অৱশ্যে আৰক্ষীয়ে শূন্যবিন্দুত ফলপ্ৰসূভাৱে তেওঁলোকৰ অনুপ্ৰৱেশত হস্তক্ষেপ কৰিছিল আৰু লগে লগে আৰক্ষীয়ে তেওঁলোকৰ প্ৰৱেশ প্ৰতিহত কৰিছিল ।

কৰিমগঞ্জ জিলা অধীক্ষকৰ মন্তব্য

এই সন্দৰ্ভত কৰিমগঞ্জ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতীম দাসে ফোনযোগে জনায়, "নিশা চাৰিজন বাংলাদেশী নাগৰিকে ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ ছেক্টৰৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল । আৰক্ষীয়ে তেওঁলোকক জিৰো পইণ্টত চিনাক্ত কৰে । তেওঁলোকৰ সকলো নথি-পত্ৰ চাই তেওঁলোক বাংলাদেশী নাগৰিক বুলি নিশ্চিত কৰা হৈছে । তাৰ পিছত লগে লগে তেওঁলোকক ভাৰতত প্ৰৱেশত বাধা দিয়া হয় আৰু বাংলাদেশ আৰক্ষীৰ লগত যোগাযোগ কৰি তেওঁলোকক ওভতাই পঠোৱা হয় ।

কিয় অসমত প্ৰৱেশ কৰিছিল, এই সন্দৰ্ভত সোধা প্ৰশ্নৰ সবিশেষ উত্তৰ জনোৱাৰ‌ পৰা আৰক্ষী অধীক্ষকগৰাকী বিৰত থাকে ।

উল্লেখ্য যে, বাংলাদেশৰ পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলোৱা 11 জন বাংলাদেশীক দেওবাৰে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বি এছ এফে আটক কৰিছে । এই বিষয়ে সংবাদ মাধ্যমত বি এছ এফে তথ্য ৰাজহুৱা কৰিছে । পশ্চিমবংগ, ত্ৰিপুৰা, মেঘালয়ৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰে সেই বাংলাদেশীকেইজনে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল ।

লগতে পঢ়ক: যি ধৰ্মৰে নহওক, বাংলাদেশীৰ বোজা কোনো কাৰণতে অসমে গ্ৰহণ কৰিব নোৱাৰে : দৃঢ় মন্ত্রী অতুল বৰা - Minister Atul Bora

বাংলাদেশৰ হিন্দু সংখ্যালঘু সন্দৰ্ভত কংগ্ৰেছ নীৰৱ কিয় ? ঝাৰখণ্ডত ড৹ শৰ্মাই আঁহ ফালি বুজালে - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.