ETV Bharat / state

মাৰ্ঘেৰিটাত এন এছ চি এন (আই এম)ৰ কেডাৰসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ - NSCN IM cadre arrested

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 8:05 PM IST

NSCN(IM) cadre arrested: নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম)এ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত ধনদাবী অব্যাহত ৰাখিছে ৷ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই সংগঠনটোৰ এজন কেডাৰক আটক কৰিবলৈ সক্ষম হয় । বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰও জব্দ ।

NSCN(IM) cadre arrested
মাৰ্ঘেৰিটাত NSCN(IM)ৰ কেডাৰসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ (ETV Bharat)

তিনিচুকীয়া,১২ ছেপ্টেম্বৰ : অসম-অৰুণাচল সীমান্তত শেহতীয়াকৈ প্ৰৱেশ কৰিছে নিষিদ্ধ নগা উগ্ৰপন্থী এন এছ চি এন (আই এম)ৰ এটা দল । বিগত ১০ দিনৰ পৰা ৪ জনীয়া এন এছ চি এন (আইএম)ৰ দলটোৱে তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী ইনথেমত প্ৰৱেশ কৰি ধনদাবীকে ধৰি বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে । তিনিচুকীয়া আৰক্ষীয়ে স্পষ্ট কৰিছে এই কথা ।

NSCN(IM)ৰ বিৰুদ্ধে অভিযান

এই খবৰৰ ভিত্তিতে তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ সফলতা লাভ কৰে । মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰা আৰু পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত আৰক্ষীয়ে শিখ ৰেজিমেণ্টৰ সহায়ত বুধবাৰে নিশা ইনথেমত এক অভিযান চলায় । এই অভিযানত অভিযানকাৰী দলটোৱে এন এছ চি এন (আই এম)ৰ এজন কেডাৰসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ।

সংবাদমেলযোগে এই অভিযানৰ তথ্য প্ৰকাশ কৰে তিনিচুকীয়া আৰক্ষীয়ে । তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত উজনি অসমৰ আৰক্ষী মহা-পৰিদৰ্শক সত্যৰাজ হাজৰিকা, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপ আৰু মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া সম্ভাৱী মিশ্ৰা উপস্থিত থাকে । সংবাদমেলত তেওঁলোকে উল্লেখ কৰা মতে অভিযানত ৰংকেশ্বৰ চাংমা নামৰ মেয়াঅ'ৰ এন এছ চি এন (আই এম) কেডাৰক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । লগতে কেডাৰজনৰ পৰা ৩ টা গ্ৰেণেড, দুটা পইণ্ট ২২ পিষ্টল, দুটা পিষ্টলৰ মেগজিন আৰু অৰ্ধশতাধিক সজীৱ গুলী জব্দ কৰে ৷

NSCN(IM)ৰ ধনদাবী

পৰৱৰ্তী সময়ত এন এছ চি এন (আই এম)ৰ কেডাৰজনক মাৰণাস্ত্ৰসহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ যোৱা হয় । জানিব পৰা মতে অধিক তথ্য লাভৰ উদ্দেশ্যে কেডাৰজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । আৰক্ষীৰ তদন্তত পৰৱৰ্তী সময়ত পোহৰলৈ আহিব কি পৰিকল্পনাৰে অস্ত্ৰসহ এন এছ চি এন (আই এম)ৰ কেডাৰজনে অসমত প্ৰৱেশ কৰিছিল ৷

ইফালে, তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে তিনিচুকীয়া জিলাখনৰ বিভিন্ন প্ৰান্তত বিদ্ৰোহী সংগঠনে ধন দাবী কৰাৰ অভিযোগ পোৱাৰ কথা সদৰী কৰাৰ লগতে সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা বুলি প্ৰকাশ কৰে । লগতে কোনো ব্যক্তিক যদি ধনদাবী কৰে তেন্তে আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ তেওঁ আহ্বান জনাই আৰু সেই সন্দৰ্ভত সম্পূৰ্ণ গোপনীয়তা অৱলম্বন কৰিব বুলিও আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :বিলাসী হোটেলত ব্ৰেকফাষ্ট ! চুমী-তাৰ্কিকক দিয়া হৈছে নেকি ৰাজ আতিথ্য ? - Stock Trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.