ETV Bharat / state

খেলা খতম ! চুমীৰ আত্মসমৰ্পণক লৈ ডিজিপিৰ ভাষ্যত সন্দেহ প্ৰকাশ দেৱব্ৰত শইকীয়াৰ - Assam Investment Scam

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 6:00 PM IST

Congress meet Assam governor : চুমী বৰাৰ আত্মসমৰ্পণৰ পিছতে ৰাজ্যপালক সাক্ষাৎ প্ৰদেশ কংগ্ৰেছৰ ৷ উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ আহ্বান ৷ নাচনীগৰাকীয়ে জানো টকা তুলিছিল বুলি প্ৰশ্ন বিৰোধী দলপতিৰ ৷

Congress meet Assam governor
বিনিয়োগ কেলেংকাৰীৰ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ETV Bharat Assam)

গুৱাহাটী, ১৪ ছেপ্টেম্বৰ : নাচনী চুমী বৰাতে শেষ হ’ব নেকি ট্ৰেড কেলেংকাৰীৰ তদন্ত ? চুমী বৰাৰ আত্মসমৰ্পণতে শেষ হ’ব নেকি এই ভয়ংকৰ কেলেংকাৰীৰ তদন্ত ? সাৰি যাব নেকি আচল দোষী ? এই সন্দেহ ব্যক্ত কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ।

ন্যায়িক তদন্ত দাবীৰে ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছৰ :

ৰাজ্য তোলপাৰ লগোৱা অনলাইন ট্ৰেডিং কেলেংকাৰীৰ আচল দোষী যাতে সাৰি নাযায় তাৰ বাবে ন্যায়িক তদন্ত বিচাৰিছে অসম কংগ্ৰেছে ৷ অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি বিষয়টোত উচ্চ ন্যায়ালয়ত কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনাই স্মাৰকপত্ৰ প্ৰদান কৰে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া আৰু বিধায়কে ।

বৃহস্পতিবাৰে বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কেবাজনো কংগ্ৰেছ বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ দলে গুৱাহাটীৰ ৰাজভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্যক সাক্ষাৎ কৰি অসমত শেহতীয়াকৈ ভুৱা ট্ৰেডিং কোম্পানীৰ নামত বৃদ্ধি পোৱা বিত্তীয় কেলেংকাৰীৰ ওপৰত ন্যায়িক তদন্তৰ আহ্বান জনায় ।

ৰাজ্যপালক সাক্ষাতৰ পিছত বিৰোধী দলপতি শইকীয়াই কয়- “এই কেলেংকাৰীয়ে অগণন নিৰীহ বিনিয়োগকাৰীক ধ্বংস কৰিছে, যাৰ বাবে ইয়াৰ ওপৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন । সেয়ে এক স্মাৰকপত্ৰৰ জৰিয়তে আমি স্বচ্ছতা আৰু ন্যায় সুনিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত কেন্দ্ৰীয় সংস্থাসমূহৰ পুংখানুপুংখ তদন্তৰ দাবী জনাওঁ । ইয়াৰ উপৰিও দোষীক জবাবদিহি কৰাৰ লগতে আমাৰ জনসাধাৰণৰ আৰ্থিক স্বাৰ্থ ৰক্ষা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিবলৈও ৰাজ্যপালক আহ্বান জনাওঁ ৷”

নাচনী চুমীৰ আত্মসমৰ্পণক লৈ ডিজিপিলৈ সন্দেহৰ আঙুলি :

অনলাইন ট্ৰেডিঙৰ সৈতে জড়িত হৈ খলনায়িকাত পৰিণত হোৱা চুমী বৰাৰ আত্মসমৰ্পণ প্ৰসংগতো সন্দেহ প্ৰকাশ দেৱব্ৰত শইকীয়াৰ ৷ কেলেংকাৰীটোৰ মূল মানুহবোৰ সাৰি যাব নেকি বুলিও তেওঁৰ প্ৰশ্ন । দেৱব্ৰত শইকীয়াই কয়- “কোনোবা এগৰাকী নাচনীক লৈ অসম তোলপাৰ লাগিছে ৷ নাচনীগৰাকীয়ে জানো টকা তুলিছিল ? নাচনীগৰাকীৰ লগত লাগি আমি মূল অপৰাধীক সাৰি যাবলৈ দিম নেকি ? মোৰ সন্দেহ হৈছে ৷”

“ ডিজিপি মহোদয়ে কৈছে 'খেলা খতম' ৷ কিন্তু ছোৱালীজনীয়ে ধন লোৱাই নাই । তেন্তে খেলা খতম কেনেকৈ হ’ব ? এনেকুৱা যদি মিছগাইড হয়, তেন্তে মূল দোষী ধৰা নপৰিব । ”- চুমি বৰা আৰু তাৰ্কিক বৰা প্ৰসংগত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ মন্তব্যক লৈয়ো সন্দেহ উত্থাপন বিৰোধীৰ নেতাগৰাকীৰ ।

লগতে পঢ়ক : এছ টি এফে আটক কৰি কোনো অজ্ঞাত স্থানত ৰাখিছে চুমী আৰু তাৰ্কিক বৰাক

এছ টি এফে ডিব্ৰুগড় আৰক্ষীক গতালে চুমী-তাৰ্কিক: চিআইডিয়ে চলাব জেৰা

ডিব্ৰুগড়ত আটক চুমী, বৰঝাৰতো আৰক্ষীৰ জালত পৰিল প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰীত জড়িত মাইনাও ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.