কাজিৰঙা : কাজিৰঙাৰ ৩ টা চৰকাৰী অতিথিশালাৰ লগতে মুঠ ৫ টাকৈ চৰকাৰী সম্পত্তি চৰকাৰে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পৰিকল্পনা কৰাৰ আভিযোগ উঠিছে ৷ ইতিমধ্যে এক নিৰ্দিষ্ট ব্যৱসায়িক গোষ্ঠীক কাজিৰঙাৰ প্ৰথমটো ঐতিহ্যপূৰ্ণ চৰকাৰী অতিথিশালা 'বনানী' হস্তান্তৰৰ পৰিকল্পনাৰে নিবিদা জাৰি কৰা হৈছে ৷
চৰকাৰী অতিথিশালা লীজত দিয়াৰ পৰিকল্পনা
আনকি, কাজিৰঙাত অৱস্থিত অসম পৰ্যটন বিভাগৰ চৰকাৰী অতিথিশালাৰ কফিনত শেষৰটো গজাল মাৰি লীজত দিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম পৰ্যটন উন্নয়ন নিগমে ৷ নিগমৰ অতিৰিক্ত মহাপ্ৰৱন্ধক স্বাক্ষৰিত এক প্ৰেছ জাননীত উল্লেখ কৰা অনুসৰি, বনানী পৰ্যটন নিবাসৰ লগতে পৰ্যটন বিভাগৰে আন দুটা অতিথিশালা বনশ্ৰী আৰু কুঞ্জবন ব্যক্তিগত খণ্ডক গতাই দিবৰ বাবে নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ ইফালে, পৰ্যটন বিভাগৰ বনানী, বনশ্ৰী আৰু কুঞ্জবন অতিথিশালাক ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিব খোজা কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কাজিৰঙাৰ বিভিন্ন ব্যক্তি, দল-সংগঠন ৷ কাজিৰঙাৰ পৰ্যটন ইতিহাসৰ অন্যতম স্তম্ভ, ঐতিহ্যপূৰ্ণ বনানী পৰ্যটন নিবাস চৰকাৰে লীজত দিবলৈ ওলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
উল্লেখ্য যে কাজিৰঙাৰ হাবিক কেন্দ্ৰ কৰি ১৯৩৮ চনৰ পৰা আৰম্ভ হোৱা কাজিৰঙা পৰ্যটনে ইতিমধ্যেই ৮৫ টা গৌৰৱময় বৰ্ষ অতিক্ৰম কৰিছে ৷ আনকি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত বৰ্ষৰ ১১ ফেব্ৰুৱাৰীত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে ৷ এনে সময়তেই নিবিদা আৰম্ভ কৰিছে কাজিৰঙাৰ প্ৰথমটো চৰকাৰী অতিথিশালাৰ ৷
ঐতিহাসিক 'বনানী' অতিথিশালা
কাজিৰঙাৰ পৰ্যটন ইতিহাসৰ প্ৰথমটো পৰ্যটন নিবাস বনানী ১৯৬২ চনৰ পৰাই পৰ্যটকক আশ্ৰয় দি আহিছে ৷ কাজিৰঙালৈ অহা দেশী-বিদেশী পৰ্যটকক আশ্ৰয় দিয়া বনানী পূৰ্বতে আছিল কাজিৰঙা অভয়াৰণ্য পৰিচালনা কৰা বন বিভাগৰ এক কাৰ্যালয় ৷ কেইবাবছৰো বন বিভাগে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰাৰ পাছত কাজিৰঙালৈ অহা পৰ্যটকক আতিথ্য প্ৰদানৰ বাবে পৰ্যটন বিভাগক প্ৰদান কৰে বঙলাটো ৷ নাম দিয়া হ'ল বনানী ৷ কাজিৰঙা পৰ্যটনৰ ঐতিহ্যবহনকাৰী এই বনানী পৰ্যটন নিবাসত ইতিপূৰ্বে আগমন ঘটিছে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰ ভেংকটৰমন, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ভি ভেংকটেশ্বৰ, বলীউড মেগাষ্টাৰ অমিতাভ বচ্চন, প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল শংকৰ ৰয় চৌধুৰীকে ধৰি দেশ-বিদেশৰ বিভিন্নজন স্বনামধন্য ব্যক্তিৰ ৷
এনেদৰে বিগত ৬৫ টা বছৰ কাজিৰঙালৈ অহা পৰ্যটকক আতিথ্য প্ৰদান কৰা বনানী পৰ্যটন নিবাসৰ মেৰামতিৰ কাম আৰম্ভ হয় ২০২০ বৰ্ষৰ পৰা ৷ ২০২১ বৰ্ষত পুনৰ পৰ্যটকৰ বাবে মুকলি কৰি শেহতীয়াকৈ পুনঃসজ্জাৰ কাম সম্পন্ন হয় ৷ মাজতে জহি-খহি যোৱা বনানীয়ে ন-ৰূপ পোৱাত সাধাৰণতেই সুখী হৈছিল কাজিৰঙাবাসী আৰু দল-সংগঠনসমূহ ৷ কিন্তু তেনে সময়তে এনে এক পুৰণি ৬৫ বছৰীয়া পৰ্যটন ইতিহাসক সামৰি সগৌৰৱে থিয় দি থকা বনানীক এতিয়া চৰকাৰে লীজত দিবলৈ ওলোৱা কাৰ্যত স্বাভাৱিকতে বিৰোধিতা কৰিছে দল-সংগঠনসমূহে ৷
বিভিন্ন সংগঠনৰ প্ৰতিক্ৰিয়া
কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰৰ ৫ টা চৰকাৰী অতিথিশালা ব্যক্তিগত কোম্পানীক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গতাই দিব খোজা কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈছে জীপাল কৃষক শ্ৰমিক সংঘ ৷ সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰহ আৰু মুখপাত্ৰ প্ৰবীণ পেগুৱে ইয়াৰ প্ৰতিবাদত কয় যে আচলতে স্থানীয় কোনো লোকৰ সৈতে আলোচনা নকৰাকৈ পূৰ্বৰ পৰ্যটন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিলি এই সিদ্ধান্ত জাঁপি দিছে কাজিৰঙাত । তেওঁলোকে কয়,"যদি চৰকাৰে অতিথিশালাকেইটা চলাব নোৱাৰে, তেওঁলোক যদি ইমান অদক্ষ তেন্তে ৰাইজক গতাই দিয়ক আমি সমবায় ভিত্তিত চলাম ৷" কিন্তু, এনেদৰে ঐতিহাসিক সম্পদসমূহ ব্যক্তিগতকৰণ কৰি নিজৰ ব্যৰ্থতা প্ৰকাশ নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই ৷
সংগঠনটোৱে লগতে কয় যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ পূৰ্বৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ঘনিষ্ঠ ঠিকাদাৰক এই চৰকাৰী অতিথিশালা দিয়াৰ চক্ৰান্ত সম্পূৰ্ণ কৰা হৈছে, নিবিদা প্ৰক্ৰিয়া মাথো এক চকুত ধূলি মৰা কাণ্ড ৷ সংগঠনটোৱে কয় যে চৰকাৰে নোৱাৰিলে কাজিৰঙাৰ সংস্কৃতিবান ৰাইজে সমবায় নীতিৰে পৰিচালনা কৰিব ৷ নতুন পৰ্যটন মন্ত্ৰীক অপবাদৰ পৰা মুক্ত হ'বলৈ হ'লে ঐতিহাসিক চৰকাৰী অতিথিশালাক ব্যক্তিগত খণ্ডলৈ গতাব খোজাৰ প্ৰতিবাদ কৰাৰ পৰামৰ্শ দিয়ে সংগঠনটোৱে ৷ অন্যথা ৰাজ্য চৰকাৰ ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হ'ব বুলিও মন্তব্য কৰে জীপালৰ মুখ্য উপদেষ্টা সোণেশ্বৰ নৰহে ৷
ইফালে, অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰে । পৰিষদৰ বিষয়ববীয়া কিশোৰ চেত্ৰীয়ে কয়,"থলুৱা নিবনুৱা যুৱকৰ পেটত লাথ মৰা ষড়যন্ত্ৰ কোনোপধ্যেই মানি লোৱা নহ'ব ।" সামগ্ৰিক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে যুৱ-ছাত্ৰ পৰিষদে । ইয়াৰ পিছতো যদি চৰকাৰে বিষয়টো আওকাণ কৰে তেন্তে গণ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ দিয়ে সংগঠনটোৱে ।
কাজিৰঙা পৰ্যটন ব্যৱসায় কল্যাণ ছচাইটিৰ সভাপতি তুলসী বৰদলৈয়ে মত প্ৰকাশ কৰি কয় যে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত কোনোপধ্যে মানি ল'ব নোৱাৰি । কাজিৰঙা পৰ্যটনক্ষেত্ৰৰ ঐতিহ্য জড়িত প্ৰধানকৈ এই বনানী পৰ্যটন নিবাস কাজিৰঙাৰ পৰ্যটনৰ চিনাকী । গতিকে চৰকাৰে অতি সোনকালে সিদ্ধান্ত সলনি কৰি কাজিৰঙাৰ ঐতিহ্যবহনকাৰী পৰ্যটন নিবাস বনানীৰ নিবিদা বন্ধ কৰিবলৈ তেওঁ আহ্বান জনায় ।
ইফালে এগৰাকী হোটেল ব্যৱসায়ী ৰাজদীপ নাথে কয় যে চৰকাৰ চলাবলৈ ধনৰ নাটনি চলিছে, সেইবাবেই ক্ৰমাৎ ৰাজহুৱা সম্পত্তিৰ বিক্ৰী আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অংশ ব্যক্তিগত খণ্ডক গতাইছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাজদীপ নাথে ৷ সমান্তৰালকৈ বৃহত্তৰ কাজিৰঙা ভূমি সুৰক্ষা সমিতিৰ বিষয়ববীয়া প্ৰণৱ দলেই ইয়াৰ প্ৰতিবাদ কৰি কয়,"ৰাজহুৱা সম্পত্তি বিক্ৰী কৰাৰ জোৱাৰ উঠিছে এইখন চৰকাৰৰ, কাজিৰঙাৰ চৰকাৰী সম্পত্তিৰ ওপৰতো চকু এই চৰকাৰৰ । বৃহৎ পৰ্যটন মাৰ্টৰ পিছতে এই চৰকাৰে জাননী দিছে । কাজিৰঙাৰ অৰ্ধ সম্পত্তি বিক্ৰী কৰি ব্যক্তিগতকৰণ কৰি, হাতী কৰিডৰত বাণী গ্ৰীণ খুলিছে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ৷ আনহাতে, ইংলে পথাৰত হোটেল হায়াত নিৰ্মাণৰ প্ৰস্তুত চলিছে যদিও বহুতো দল সংগঠনে প্ৰতিবাদ কৰি আছে ।"
লগতে পঢ়ক :পলিঅ' প্ৰতিষেধক সেৱনৰ পিছতে শিশুৰ মৃত্যু; স্বাস্থ্য বিভাগৰ তদন্ত অব্যাহত