ETV Bharat / state

চৌদিশে বানৰ বিভীষিকা : জোনাইত দুজনৰ মৃত্যু, দেৰগাঁৱত সন্ধানহীন এজন - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:14 PM IST

Assam flood situation : ৰাজ্যৰ কেবাখনো জিলাত বানে জটিল ৰূপ ধাৰণ কৰিছে ৷ ইতিমধ্যে বানত বুৰ গৈছে শ শ গাঁও, কৃষিভূমি ৷ বানত আবদ্ধ বন্যাৰ্তৰ মাজত হাহাকাৰ ৷ ইয়াৰ মাজতে বাঢ়নী পানীয়ে প্ৰাণ ল’লে কেবাজনো লোকৰ ৷

ASSAM FLOOD SITUATION
বানত বুৰ গৈছে শ শ গাঁও (ETV BHARAT ASSAM)

নিউজ ডেস্ক, 1 জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া বিভীষিকাময় পৰিৱেশ ৷ এতিয়াও উন্নত হোৱা নাই ৰাজ্যৰ বান পৰিস্থিতি ৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা ব্ৰহ্মপুত্ৰ নদীকে ধৰি আন আন নৈ-উপ নৈয়ে নিতৌ প্লাবিত কৰিছে ন ন অঞ্চল ৷ বানাক্ৰান্ত অঞ্চল সমূহত যাতায়ত-যোগাযোগৰ লগতে বিদ্যুৎ সেৱা ব্যাহত হৈ পৰিছে ৷ খোৱা পানীকে অত্যাৱশ্যকীয় সামগ্ৰী তথা পশু খাদ্যৰ অভাৱত হাহাকাৰ কৰিছে বন্যাৰ্তই ৷ ঠায়ে ঠায়ে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ ইফালে এই প্ৰলয়ংকৰী বানে ৰাজ্যৰ কেবাটাও প্ৰান্তত প্ৰাণ ল’লে কেবাজনো লোকৰ ৷

কেবাখনো জিলাত বানে জটিল ৰূপ ধাৰণ কৰিছে (ETV BHARAT ASSAM)

জোনাই : জোনাইত চাৰিওফালে বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে বাঢ়নী পানীত পৰি দুজন লোকৰ মৃত্যু হৈছে ৷ জোনাইৰ লুহিজান বেংগলী বেৰা গাঁৱৰ এজন সত্তৰ্ৰোদ্ধৰ ব্যক্তি আৰু জোনাইৰ তেলাম কমন চেলেকৰ এগৰাকী 16 বছৰীয়া কিশোৰ বাঢ়নী পানীত পৰি মৃত্যু হয় ৷ জানিব পৰা মতে সোমবাৰে বিয়লি প্ৰায় পাঁচ বজাত ঘৰৰ পৰা বজাৰ কৰিবলৈ ওলাই গৈছিল 70 বছৰীয়া সন্তোষ দাস ৷ কিন্তু বজাৰ কৰি ঘৰলৈ উভতি অহাৰ সময়তে জোনাই নদী পাৰ হওঁতেই প্ৰৱল সোঁতত উটি যায় ব্যক্তিজন ৷ ঘটনাৰ পিচতে স্থানীয় ৰাইজে ব্যক্তিজনৰ মৃতদেহ ঘটনাস্থলীৰ পৰা প্ৰায় আধা কিলোমিটাৰ নিলগত উদ্ধাৰ কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত জোনাই আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷

আনহাতে জোনাইৰ তেলাম কমন চেলেকৰ নিবাসী কৃষ্ণকান্ত পেগুৰ পুত্ৰ জুৱেল পেগু নামৰ 16 বছৰীয়া এজন কিশোৰে বন্ধুৰ সৈতে পথাৰৰ পৰা আহি থকাৰ পথত চিকেৰ চাপৰিৰ কাষতে খৰস্ৰোতা দিখাৰী নদী পাৰ হওঁতেই নদীৰ সোঁতে উটুৱাই নিয়ে ৷ ঘটনাৰ লগে লগে বন্ধুজনে চিঞৰ-বাখৰ কৰাত কাষতে থকা কেইজনমান লোক ঘটনাস্থলীত উপস্থিত হৈ মৃত অৱস্থা উদ্ধাৰ কৰে কিশোৰজনক ৷

লগতে পঢ়ক : প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

উল্লেখ্য যে, জোনাই মহকুমাৰ ৰামধন দিখাৰী, লাইমেকুৰী, বিজয়পুৰ, চিলে, বাহিৰ জোনাই গাওঁ পঞ্চায়তৰ প্ৰায় শতাধিক গাওঁ বুৰাই পেলাইছে বাঢ়নী পানীয়ে ৷ মহকুমাটোৰ নৈ-উপনৈৰ বাঢ়নী পানীয়ে জলডুবি, উলনি, বগুৰিগুৰী, মোলান, বদলপুৰ, বাহিৰ চিলে, লংকা, কাৰ্দংচুক, মালভোগ, বেৰা বেংগলী, শান্তিপুৰ, ৰাভাকাঠনি আদি কেবাখনো গাঁও ক্ষতি সাধন কৰিছে ৷ আনহাতে ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে সোমবাৰে জোনাইত উপস্থিত হৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিৱিৰত পৰিদৰ্শন কৰি বৰ্নাত্যৰ সৈতে মত বিনিময় কৰে ৷

ডিব্ৰুগড় : বিগত পাঁচটা দিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ডিব্ৰুগড় চহৰত কৃত্ৰিম বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ চহৰখনৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ঠায়ে ঠায়ে এতিয়া পানীৰ তলত ৷ ইয়াৰ মাজতে আজি ডিব্ৰুগড়ৰ কৃত্ৰিম বান সন্দৰ্ভত বুজ লোৱাৰ বাবে উপস্থিত হয় দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন ৷ কৃত্ৰিম বানৰ সমস্যা সন্দৰ্ভত বুজ লোৱাৰ লগতে এই সমস্যাৰ স্থায়ী সমাধানৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে কৃত্ৰিম বানৰ বাবে ডিব্ৰুগড়ত শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰা হৈছে ৷ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত সকলো শিক্ষানুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে জিলা আয়ুক্তই ৷

হাফলং : বৰাক-গুৱাহাটী সংযোগী মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে পুনৰ বন্ধ হৈ পৰিল বাহনৰ চলাচল | মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছৰ লুমছুনংত খহি পৰিল ৰাষ্ট্ৰীয় ঘাইপথ | ভূমি স্খলনৰ ফলত পথৰ দুয়োকাষে আৱদ্ধ শ শ বাহন ৷ পুৱাৰে পৰা হোৱা নেৰানেপৰা বৰষুণৰ ফলত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে লুমছুনঙত ৷ ইফালে পুৱাৰে পৰা বন্ধ হৈ আছে শিলচৰ-হাফলং ৰোড ৷ ফলত গুৱাহাটিৰ লগত বৰাকৰ যোগাযোগ ব্যবস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ৷

ৰঙাপৰা : চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু ৰাজ্যখনত হোৱা মুষলধাৰ বৰষুণৰ ফলত শোণিতপুৰৰ ৰঙাপৰাৰ একাংশ ঠাইত সৃষ্টি হৈছে বান ৷ ধাৰাসাৰ বৰষুণৰ ফলত গাভৰু, জৰাসৰ, মানশিৰি, ডিপোটা, কালনি আদি নৈসমূহ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে ৷ ইতিমধ্যে জৰাসৰ নৈৰ বাঢ়নী পানীয়ে কেইবাটাও বাসগৃহ বুৰাই পেলাইছে ৷ অত্যাধিক বৰষুণ হোৱাৰ ফলত ৰঙাপৰা, মিছামাৰী আৰু বালিপৰা অঞ্চলৰ কৃষিভূমি সাগৰ সদৃশ হৈ পৰিছে ৷ ৰঙাপৰাৰ নামনিগাঁৱত সৃষ্টি হৈছে কৃত্ৰিম বান ৷ আনহাতে শোণিতপুৰৰ বালিপৰাত জৰাসৰ নৈয়ে সৃষ্টি কৰিছে বান ৷ বালিপৰাৰ দিঘলী, দিঘলী বালিজান, কমাৰীগাওঁ প্ৰাথমিক বিদ্যালয়, বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় এতিয়া জৰাসৰ নদীৰ বাঢ়নী পানীৰ তলত ৷ ইয়াৰ মাজতে বিধায়ক পদ্ম হাজৰিকাই বালিপৰাত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ৷

দলগাঁও : বিগত কিছুদিনৰ পৰা হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দৰঙৰ দলগাঁও সমষ্টিৰ ৰৌমাৰী চাপৰিত ধনশিৰী নৈয়ে লৈছে ভয়ংকৰ ৰূপ ৷ ফেনে-ফোটোকাৰে বাঢ়ি অহা পানীৰ প্ৰৱল সোঁতে সৃষ্টি কৰিছে তীব্ৰ গৰাখহনীয়াৰ ৷ গৰাখহনীয়াই কৱলত পৰি এতিয়ালৈ গৃহহাৰা হৈ পৰিছে 10 টাতকৈ অধিক পৰিয়াল ৷ মাটি-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱা নৈপৰীয়া ৰাইজৰ অৱস্থাৰ বুজ ল’বলৈ উপস্থিত হয় দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান ৷ পৰিস্থিতি কিছু সাধাৰণ হোৱাৰ পিচত ৰৌমাৰী চাপৰি গাঁওখন ৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে ৰাইজক অৱগত কৰে বিধায়ক ৰহমানে ৷

তিনিচুকীয়া : মাৰ্ঘেৰিটা বিধানসভা সমষ্টিতো বানে লৈছে ভয়ংকৰ ৰূপ ৷ নেৰানেপেৰা বৰষুণৰ ফলত দ্ৰুতগতিত বৃদ্ধি পাইছে বুঢ়ীদিহিং আৰু টিৰাপ নৈৰ জলপৃষ্ঠ ৷ চৰকাৰী তথ্য অনুযায়ী সমষ্টিটোৰ 50 খনৰো অধিক গাওঁ বানৰ কবলত ৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এতিয়াও শ শ পৰিয়াল আবদ্ধ হৈ আছে ৷ বানপীড়িতৰ মাজত প্ৰশাসনে পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান নধৰাৰ অভিযোগ ৷ ইয়াৰ মাজতে আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিটোৰ অন্তৰ্গত বিভিন্ন জলমগ্ন এলেকাত উপস্থিত হৈ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত ৰাইজৰ খবৰ লোৱাৰ লগতে আৰু তেওঁলোকে যাতে খাদ্য, ঔষধকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰী সময়মতে লাভ কৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে ৷ আনহাতে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বানাক্ৰান্ত কেইবাখনো গাওঁ আজি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগ, যুটীয়া সম্পাদক তপন দে, শ্যামল নেওগৰ নেতৃত্বত এটি প্ৰতিনিধি দলে পৰিদৰ্শন কৰে ৷

লগতে পঢ়ক : ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood in Assam

ধেমাজি : ধেমাজিত বাঢ়নী পানিয়ে নিতৌ ন ন ঠাই প্লাবিত কৰিছে ৷ ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অধীনৰ বৰদলনিৰ ন নদীয়ে সংহাৰী ৰূপ ধাৰণ কৰি চেনিয়া হিলৈমাৰীৰ গড়কাপ্তানি পথ বিচ্ছিন্ন কৰাৰ লগতে বিস্তীৰ্ণ অঞ্চলত বানৰ কবলত পৰিছে ৷ বাঢ়নী পানীত ঘৰ-বাৰী, পথাৰ, পথ সকলো একাকাৰ হৈ পৰিছে ৷ ফলত মাজৰবাৰী, নগাওঁ, হিলৈমাৰী আদি গাৱঁৰ বন্যাৰ্তৰ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

গোলাঘাট : বানৰ বিভীষিকাৰ মাজতে দেৰগাঁও গড়মৰা চকীয়ালত অঘটন ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে এজন বিবাহিত যুৱকক ৷ টুলুঙা নাৱত যাত্ৰা কৰা চাৰিজন যুৱকৰ এজন বাঢ়নী পানীত পৰি যায় ৷ পানীত পৰা যুৱকজনৰ নাম বিশ্ব ভূঞা বুলি জানিব পৰা গৈছে ৷ যুৱকজনৰ ঘৰ স্থানীয় নাৰমাৰী গাঁৱত ৷ স্থানীয় লোকে যুৱকজনক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে সফল হোৱা নাই ৷ ইফালে খুমটাই সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলত নাৱত উঠি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ ৷ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ সমস্যা বুজ লয় বিধায়কগৰাকীয়ে ৷

লগতে পঢ়ক : বানাক্ৰান্তৰ চকুলো মচিবলৈ নাই কোনো : আজানপীৰ দৰগাহলৈ বানে আনিছে ভাবুকি - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.