ETV Bharat / state

ৰ‍াজ্যৰ ২১খন জিলাৰ আঠ লক্ষাধিক লোক এতিয়াও বানৰ কবলত; মৃতকৰ সংখ্যা ৯১ লৈ বৃদ্ধি - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 11:13 AM IST

Assam flood report : বাৰিষাৰ দ্বিতীয়টো বানৰ পৰা প্ৰভাৱমুক্ত হোৱা নাই ৰাজ্য । বানত পুনৰ এজনৰ মৃত্যু । সীমাহীন সমস্যাৰ মাজত ৰাজ্যৰ লাখ লাখ বানাক্ৰান্ত লোক । ঠায়ে ঠায়ে বানৰ প্ৰভাৱ কমিছে যদিও বানাক্ৰান্তৰ দুখ-দুৰ্গতি দূৰ হোৱা নাই । এতিয়াও বানৰ কবলত আছে ২১ খন জিলা ।

Assam flood report
ৰাজ্যৰ বান পৰিস্থিতি (ETV Bharat Assam)

গুৱাহাটী, ১৪ জুলাই : ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বৰ্তমান সময়তো ২১ খন জিলাৰ আঠ লক্ষাধিক লোক বানৰ কবলত আছে । এতিয়াও ৰাজ্যৰ ৬৫ টা ৰাজহ চক্ৰৰ ১৭০৫ খন গাঁও প্লাবিত হৈ আছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত হোৱা বৰষুণৰ ফলত বান পৰিস্থিতি এতিয়াও বহু কেইখন জিলাত ভয়াৱহ হৈ আছে ।

চলিত বাৰিষাৰ দ্বিতীয়টো বানে ৰাজ্যৰ বিভিন্ন জিলাত বিস্তৰ ক্ষতি সাধন কৰিছে । এতিয়ালৈকে বানত ৯১ গৰাকী লোকৰ মৃত্যু হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে বিগত ২৪ ঘণ্টাত ৰাজ্যখনত বানত এজন লোকৰ মৃত্যু হৈছে ।

Assam flood report
ৰাজ্যৰ বান পৰিস্থিতি (ETV Bharat Assam)
  • বানত মৃত্যু হোৱাৰ সংখ্যা ৯১ লৈ বৃদ্ধি :

ৰাজ্যজুৰি প্ৰলয়ৰ সৃষ্টি কৰা চলিত বাৰিষাৰ দ্বিতীয়টো বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯১ গৰাকীলৈ বৃদ্ধি পালে । শেহতীয়াকৈ এজন লোকৰ মৃত্যু হৈছে । মৃত্যু হোৱা লোকজন ধেমাজি জিলাৰ ।

  • বানত কবলত ৰাজ্যৰ ২১ খন জিলা :

বৰ্তমান বানৰ কবলত আছে ৰাজ্যৰ ২১ খন জিলা । জিলা কেইখন হৈছে ক্ৰমে কাছাৰ, নলবাৰী, কামৰূপ, গোলাঘাট, মৰিগাঁও, ডিব্ৰুগড়, ধুবুৰী, নগাঁও, হাইলাকান্দি, ধেমাজি, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমাৰা, দৰং, কৰিমগঞ্জ, বৰপেটা, কামৰূপ মহানগৰ, বিশ্বনাথ, চিৰাং আৰু যোৰহাট ।

২১ খন জিলাৰ ৬৫ টা ৰাজহ চক্ৰৰ ১৭০৫ খন গাঁও এতিয়াও বানৰ কবলত আছে । ইয়াৰ ভিৰতৰ মৰিগাঁও জিলাৰ সৰ্বাধিক ২৪৪ খন গাঁও প্লাবিত হৈ আছে ।

লগতে পঢ়ক : কমা নাই বিভীষিকা : বাঢ়নী পানীত পৰি দুটি শিশুসহ বৃদ্ধৰ মৃত্যু - Assam Flood 2024

  • বিপদসীমাৰ ওপৰৰে বৈ আছে কেইবাখনো নৈ :

ধাৰাসাৰ বৰষুণৰ বাবে কেইবাখনো নৈ-উপনৈ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে । শেহতীয়া তথ্য মতে, বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰ নদী নিমাতীঘাট, তেজপুৰ আৰু ধুবুৰীত বিপদসীমাৰ ওপৰৰে বৈ আছে । সেইদৰে বুঢ়ীদিহিং নৈ খোৱাঙৰ চেনীমাৰিত আৰু দিচাং নৈ নঙলামূৰাঘাটত আৰু কুশিয়াৰা নৈ কৰিমগঞ্জত বিপদসীমাৰ ওপৰৰে বৈ আছে ।

  • বানত ক্ষতিগ্ৰস্ত আঠ লক্ষাধিক লোক :

শেহতীয়া তথ্য মতে ২১ খন জিলাৰ ৮৪০০৫১ গৰাকী লোক বৰ্তমান বানৰ কবলত আছে । ইয়াৰ ভিতৰত ৩৪৩৪১৬ জন পুৰুষ, ২৯৭২৩৫ গৰাকী মহিলা আৰু ১৯৯৪০০ টি শিশু আছে । ইয়াৰ ভিতৰত কাছাৰ জিলাৰ সৰ্বাধিক ১৪৮৬০৯ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈ আছে ।

  • বানৰ কবলত বিশাল কৃষিভূমি :

কালৰূপী বানত ৰাজ্যৰ শস্যভূমিৰ বিস্তৰ ক্ষতিসাধন হৈছে । শেহতীয়া তথ্য মতে, বৰ্তমান বানত ক্ষতিগ্ৰস্ত হোৱা কৃষিভূমিৰ পৰিমাণ হৈছে ২৯৩৮৭ হেক্টৰ । ইয়াৰ ভিতৰত কামৰূপ জিলাৰ সৰ্বাধিক ৩০৭০ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে ।

লগতে পঢ়ক : বঙাইগাঁৱৰ টেন্টনপুৰত আই নৈৰ খহনীয়াত সৰ্বহাৰা নৈপৰীয়া - Assam Flood 2024

আশ্ৰয় শিবিৰত আশ্ৰয় বহুজনৰ :

ৰাজ্যৰ বানাক্ৰান্ত জিলা কেইখনত বৰ্তমান ২২১ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । ইয়াৰ ভিতৰত কাছাৰ জিলাত সৰ্বাধিক ৪৬ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে । আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা হৈছে ৩৬১৬৬ গৰাকী । ইয়াৰ ভিতৰত ১৪৪২৮ জন পুৰুষ, ১৪২০৪ গৰাকী মহিলা আৰু ৭৫৩৪ টি শিশু আছে । আনহাতে সাহায্য বিতৰণ শিবিৰত আছে ৩৫৮৮০ গৰাকী লোক ।

  • বানত ক্ষতিগ্ৰস্ত পশুধন :

বানত মানুহৰ লগতে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে পশুধন । বৰ্তমান সময়ত বানত ৫০৩৪৫০ টা পোহনীয়া জন্তু ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ ভিতৰত ২৮৮২৮৩ টা ডাঙৰ প্ৰজাতিৰ আৰু ১৬০৯০৭ টা সৰু প্ৰজাতিৰ পশুধন আছে । তদুপৰি পলিট্ৰি ফাৰ্মিঙৰ ক্ষেত্ৰতো বানে যথেষ্ট ক্ষতিসাধন কৰিছে । ৫০ হাজাৰৰো অধিক কুকুৰা বানত ক্ষতিগ্ৰস্ত হৈছে । ইফালে বানত সাত শতাধিক গৃহৰ ক্ষতিসাধন হৈছে ।

লগতে পঢ়ক : ৰাজ্যৰ ২৪ জিলা এতিয়াও বানৰ কবলত; বানত মৃত্যুৰ সংখ্যা ৯০ জনলৈ বৃদ্ধি - Assam Flood 2024

  • অব্যাহত উদ্ধাৰ অভিযান আৰু সাহায্য বিতৰণ :

বানাক্ৰান্ত ৰাইজৰ নিৰাপদ স্থানলৈ নিয়াৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান । এছ ডি আৰ এফ, এন ডি আৰ এফ, অগ্নি আৰু আপাদকালীন সেৱা, স্থানীয় প্ৰশাসন, আভ্যন্তৰিণ জল পৰিৱহণ, চক্ৰ কাৰ্যালয় আৰু আৰক্ষী উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে ।

ইফালে শেহতীয়াকৈ বানাক্ৰান্তৰ মাজত ৬১৭ কুইণ্টল চাউল, ১১২ কুইণ্টল দাইল, ৩২ কুইণ্টল নিমখ আৰু ২৯৫৬ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে । তদুপৰি শিশু খাদ্য আৰু পশুধনৰ খাদ্যৰ যোগানো ধৰা হৈছে ।

  • বানত আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন :

শেহতীয়া তথ্য মতে বানত ৪৫ টা পথৰ বিস্তৰ ক্ষতিসাধন হৈছে । সেইদৰে বহুকেইখন দলঙৰ বিস্তৰ ক্ষতিসাধন হৈছে । আনহাতে বানে মথাউৰিৰো ক্ষতিসাধন কৰিছে । তদুপৰি বানৰ কবলত পৰা জিলাসমূহত বিভিন্ন আন্তঃগাঁথনিৰ ব্যাপক ক্ষতিসাধন হৈছে । বহু শিক্ষানুষ্ঠানকে ধৰি চৰকাৰী কাৰ্যালয় বানত ক্ষতিগ্ৰস্ত হৈছে ।

ইফালে বানত বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে বন্যপ্ৰাণী । ইতিমধ্যে বানত ভালেসংখ্যক বন্যপ্ৰাণীৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : বানত ক্ষতিগ্ৰস্তৰ হাহাকাৰ : ১০ দিনৰ পাচতো আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই বানাক্ৰান্ত - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.