মঙলদৈ : "আমাৰ সংস্কৃতি, সভ্যতা সঞ্জীৱিত কৰি ৰাখিবলৈ আমি গ্ৰন্থ অধ্যয়ন কৰিবই লাগিব । ইণ্টাৰনেটৰ সহায়ত যদি আমি তথ্য লাভ কৰো সেয়া ভুল কৰা হ'ব । কাৰণ ইণ্টাৰনেটে বহু সময়ত ভুল তথ্য দিয়ে, কিন্তু কিতাপে কেতিয়াও ভুল তথ্য নিদিয়ে ।" এই মন্তব্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ । মঙলদৈত অনুষ্ঠিত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত ৰাইজক উদ্দেশ্যি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিক্ষা মন্ত্ৰীগৰাকীয়ে ।
মঙলদৈ গ্ৰন্থমেলা ২০২৪ :
উল্লেখ্য যে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সহযোগত দেওবাৰৰ পৰা মঙলদৈ গান্ধী ময়দানত চতুৰ্থ বাৰ্ষিক গ্ৰন্থমেলা ২০২৪ আৰম্ভ হৈছে । অৰ্ধ শতাধিক গ্ৰন্থ বিপণিৰ এই গ্ৰন্থমেলা উদ্বোধন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ সভাপতিত্বত হোৱা উদ্বোধনী অনুষ্ঠানত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ 'অসম বৈভৱ' ৰঞ্জন গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ।
ইফালে যুৱ সাহিত্যিক বঁটাপ্ৰাপক ড৹ জুৰি দত্ত, ছিপাঝাৰৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমান, অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, বি টি আৰৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, গ্ৰন্থমেলা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি হোমেন কাকতি, বিশিষ্ট উদ্যোগপতি মুকুল চন্দ্ৰ ডেকা আদি উপস্থিত থাকে ।
গ্ৰন্থমেলাৰ মুখ্য অতিথি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জন গগৈ, মন্ত্ৰী ডাঃ ৰণোজ পেগু, ড৹ জুৰি দত্ত প্ৰমুখ্যে অতিথিসকলক গ্ৰন্থমেলাৰ মূল প্ৰৱেশদ্বাৰৰ পৰা গায়ন-বায়নেৰে মঞ্চলৈ আদৰি অনা হয় । শিল্পী প্ৰাঞ্জল শৰ্মাই আঁতধৰা অনুষ্ঠানটোত অতিথিসকলক গামোচা, চেলেং চাদৰ, অংগবস্ত্ৰ, শৰাই, স্মাৰক, সম্বৰ্ধনা পত্ৰ আদিৰে আদৰণি জনোৱা হয় । এই বছৰৰ দৰেই অহা বছৰো অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু মঙলদৈ প্ৰেছ ক্লাবৰ সহযোগত গ্ৰন্থমেলা অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰা হয় ।
সভাত ড৹ জুৰি দত্তই কয় যে নিজৰ ঘৰত শিশুসকলৰ সন্মুখত আমি গ্ৰন্থ পঢ়াৰ অভ্যাসটো কৰিব লাগে, তেতিয়াহে শিশুসকলক গ্ৰন্থ পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব পৰা যাব । যুগৰ যিমানেই পৰিৱৰ্তন নহওঁক কিয় কিতাপৰ কোনো বিকল্প নাই বুলিও বিশিষ্ট সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে । মঙলদৈ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দৰ্শকৰ ভিৰ দেখি তেওঁ অভিভূত হৈ কয় যে তেওঁ কোনো গ্ৰন্থমেলাতেই প্ৰথমদিনা ইমান মানুহৰ ভিৰ হোৱা দেখা নাই । ইফালে গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে বিশিষ্ট অতিথিসকলে মঙলদৈৰ পুষ্পাঞ্জলি শিৱমৰ কিন্নৰসকলক লৈ লিখা গ্ৰন্থ 'আকাভাইন' উন্মোচন কৰে ।
লগতে পঢ়ক :পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন; অহা ডেৰ বছৰ কাম কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ