এছ আই হ’বলৈ স্নাতক উত্তীৰ্ণ হ’ব লাগে: মানস বৰগোহাঁই আৰক্ষী নহয় বুলি ক’লে জিপি সিঙে - ULFA I
Spy in ULFA I camp: আলফা স্বাধীনৰ শিবিৰত বন্দী মানস বৰগোহাঁইকৈ এতিয়া পৃথক পৃথক মন্তব্য আগবঢ়াইছে আলফা(স্বা) আৰু অসম আৰক্ষীয়ে ৷ আলফা(স্বা)ৰ দাবী মানস আৰক্ষীৰ উপ-পৰিদৰ্শক ৷ ইফালে অসম আৰক্ষীৰ মতে মানস আৰক্ষীত ভৰ্তি হোৱাই নাছিল ৷ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ মতে এছ আই হ’ব পৰাকৈ যোগ্যতা নাই মানসৰ ৷
![এছ আই হ’বলৈ স্নাতক উত্তীৰ্ণ হ’ব লাগে: মানস বৰগোহাঁই আৰক্ষী নহয় বুলি ক’লে জিপি সিঙে assam police spy in ULFA I camp](https://etvbharatimages.akamaized.net/etvbharat/prod-images/29-01-2024/1200-675-20618697-thumbnail-16x9-gp-singh-ips.jpg?imwidth=3840)
![ETV Bharat Assamese Team author img](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jan 29, 2024, 7:10 PM IST
|Updated : Jan 30, 2024, 6:50 AM IST
গুৱাহাটী, ২৯ জানুৱাৰী: ‘‘এছ আই পদৰ বাবে থাকিবলগীয়া যোগ্যতা নাছিল আলফাই আৱদ্ধ কৰা যুৱকজনৰ গাত ।’’ আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাৰ অভিযোগত বন্দী হৈ থকা তথা অসম আৰক্ষীৰ বিশেষ শাখাৰ উপ-পৰিদৰ্শক বুলি চিনাকী দিয়া মানস বৰগোহাঁই সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷
দেওবাৰে দুপৰীয়া আলফা শিবিৰত মানসৰ ভাষ্যসহ ভিডিঅ’ ৰাজহুৱা হোৱাৰ সম্পূৰ্ণ এদিনৰ পিচত নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে ডিজিপি জি পি সিঙে । অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে দাবী কৰে যে বৰ্তমান আলফাত অসম আৰক্ষীৰ কোনো গুপ্তচৰ নাই ।
ডিজিপি সিঙে লগতে কয় যে অসম আৰক্ষীৰ এছ আই পদৰ বাবে থাকিব লগীয়া যোগ্যতাই নাছিল আলফাই আবদ্ধ কৰা যুৱকজনৰ গাত । আলফাই ভিডিঅ’ বাৰ্তাত দাবী কৰাৰ দৰে যুৱকজন আৰক্ষীৰ উপ-পৰিদৰ্শক নহয় । উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত সোমবাৰে অনুষ্ঠিত ভিডিপি অধিৱেশনত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই মন্তব্য কৰে ৷
উল্লেখ্য যে দেওবাৰৰ দুপৰীয়া আলফা স্বাধীনে কিছুদিন পূৰ্বে আলফাত যোগ দিয়া সৰুপথাৰৰ মানস বৰগোহাঁইক আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত ম্যানমাৰত বন্দী কৰি ৰখা ভিডিঅ’ৰ লগতে মানসৰ বিস্ফোৰক ভাষ্য সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল ৷ এই ভিডিঅ’টোত মানসে নিজকে অসমৰ আৰক্ষীৰ বিশেষ শাখাৰ এজন ছাব-ইন্সপেক্টৰ বুলি স্বীকাৰোক্তি দি চোৰাংচোৱাগিৰি কৰিবলৈ ম্যানমাৰলৈ যোৱা বুলি কৈছিল ৷
মানস বৰগোঁহাইৰ এই স্বীকাৰোক্তিয়ে ৰাজ্যজুৰি আলোড়নৰ সৃষ্টি কৰিছে ৷ তাৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে দিয়া মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ ডিজিপি সিঙৰ মতে মানস বৰগোঁহাইৰ আৰক্ষীৰ এছ আই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাই নাই । স্নাতক উত্তীৰ্ণই নহয় মানস বৰগোঁহাই ৷ জি পি সিঙৰ মন্তব্যই অধিক ৰহস্যঘন কৰি তুলিছে সমগ্ৰ বিষয়টো ।