ETV Bharat / state

দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত - Assam CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 11:58 AM IST

Assam CM FB Live : পুনৰ সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ লাইভ ৷ ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক অৱগত কৰিলে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ কথা ৷

Assam CM FB Live
দুটা বিশেষ প্ৰকল্পৰ অনুমোদনৰ অপেক্ষাত আছে মুখ্যমন্ত্ৰী : ক'লে সামাজিক মাধ্যমত (Himanta Biswa Sarma,s FB page)

গুৱাহাটী, ৩ আগষ্ট : কেন্দ্ৰীয় কেবিনেটে গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ বাবে অনুমোদন জনায় । এই কথা সামাজিক মাধ্যমযোগে অৱগত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে নিশা ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তটোৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁক এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ফোনযোগে অৱগত কৰিছে ।

গুৱাহাটী ৰিং ৰোড :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘গুৱাহাটী লাহে লাহে দক্ষিণ পূব এছিয়াৰ গেটৱে হৈ গৈ আছে । গুৱাহাটীত এটা ৰিং ৰোডৰ প্ৰয়োজনীয়তা আছিল । গুৱাহাটী ৰিং ৰোডটোৱে ৫৫.৫৪ কিলোমিটাৰ হ'ব । ইয়াৰ দ্বাৰা গুৱাহাটীৰ পৰা বাইহাটালৈ ৰাষ্ট্ৰীয় ঘাইপথটো ছয় লেনযুক্ত হ'ব । ইয়াৰ পাচত বাইহাটা চাৰিআলিৰ পৰা কুৰুৱালৈ যাব ।’’

‘‘কুৰুৱা আৰু নাৰেংগী-চন্দ্ৰপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব । তাৰ পৰা পথচোৱা সোণাপুৰলৈ আহিব । সোনাপুৰৰ পৰা ছয় লেনযুক্ত এটা ৰাস্তা বৰ্তমানৰ ৰাস্তাটোৰ ওপৰতে হ'ব । যিটো খানাপাৰাত আহি সংযোগ লাগিব । এই প্ৰকল্পটোত ৬৭৯৭ কোটি টকা ব্যয় হ'ব । ইয়াৰে এহাজাৰ কোটি টকা ৰাজ্য চৰকাৰে আৰু ৫৭২৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ।’’ তেওঁ কয় ৷

অপেক্ষাৰত দুটা প্ৰকল্প :

অপেক্ষাৰত দুটা প্ৰকল্পৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এটা হৈছে কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰ এলিভেটেড ক'ৰিডৰ আৰু আনটো হৈছে গোলাঘাট আৰু গহপুৰৰ মাজত এটা সুৰংগৰে গাড়ী অহা-যোবা কৰিব পৰা ব্যৱস্থা । এই প্ৰকল্প কেইটা ২০২৬ চনৰ ভিতৰত ভাৰত চৰকাৰৰ পৰা অনুমোদন পোৱাৰ বাবে মই নিৰন্তৰ প্ৰচেষ্টা কৰি আছো । আজি এটা সৰ্ববৃহৎ প্ৰাপ্তি হ'ল ।’’

৩ কোটি গছপুলি ৰোপণ :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আলোচনা তথা সমালোচনা আদিলৈ চাবলৈ সময় নহয় । আমি নতুন অসম নিৰ্মাণ কৰিব লাগিব । আমি ৩ কোটি গছপুলি ৰোপণৰ লক্ষ্যৰে অমৃত বৃক্ষ আন্দোলন আৰম্ভ কৰিছো । সকলোৱে নিজৰ মাৰ নামত একোডাল গছপুলি ৰোপণ কৰক ।’’

লগতে পঢ়ক : জাগীৰোডত গছপুলি ৰোপণ পীযুষ হাজৰীকাৰ - Ek Ped Maa Ke Naam

সংবাদ মাধ্যমক সমালোচনা :

সমালোচনা কৰা একাংশ সংবাদ মাধ্যমক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘অসমত একাংশ সংবাদ গোষ্ঠী আছে যি বাৰে বাৰে আগৰ বাৰ ৰোপণ কৰা গছপুলি মৰি যোৱাৰ কথা কয় । ভাল প্ৰচেষ্টা এটা ল'লে আপোনালোকে ঋণাত্মক কথাবিলাক কিয় কয় । গছপুলিবোৰ কিয় মৰিব আৰু যদি সচাঁকৈয়ে গছপুলিডাল মৰা দেখিছো তেন্তে আন এডাল ৰোপণ কৰি দিলেই হ'ল । সাংবাদিকৰ দায়িত্ব কেমেৰাত ফটো তুলি লৈ অহা নে গছপুলি এডাল মৰহি গ'লে আন এডাল ৰোপণ কৰা । এক কোটি গছপুলিৰ ৰক্ষণাবেক্ষণ মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰে । গছপুলি ৰোপণ কৰাটো সমাজৰ-মানুহৰ আন্দোলন ।’’

ছেমি কণ্ডাক্টৰ প্ৰকল্প :

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাগীৰোডত ২৭ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ ছেমি কণ্ডাক্টৰ উদ্যোগৰ আধাৰশিলা স্থাপন কৰিছিল । তাতো সমালোচনা । শনিবাৰে টাটা ছনছৰ পৰিচালন সঞ্চালক এন চন্দ্ৰশেখৰণ গুৱাহাটীলৈ আহিব । আমি দুয়োজনে জাগীৰোডত হ'বলগীয়া ছেমি কণ্ডাক্টৰ উদ্যোগৰ ভূমিপূজন কৰিম । ১৮ মাহৰ ভিতৰত এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ'ব ।’’

লগতে পঢ়ক : ১২১ কিলোমিটাৰ দৈৰ্ঘৰ গুৱাহাটী ৰিং ৰোডত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ - Union Cabinet

নুনমাটি- দীঘলীপুখুৰী উৰণ সেতু :

ঝাৰখণ্ডৰ পৰা আহিয়েই লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগত মিলিত হোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘নুনমাটিৰ পৰা দীঘলীপুখুলৈ আমি বনাই থকা ফ্লাইঅভাৰখনৰ বাবে ট্ৰেফিকৰ কষ্ট হয় আৰু মানুহৰো যান-বাহনৰ কষ্ট হৈছে । আজি আমি এটা সংকল্প ল'লো যে ২০২৫ চনৰ ব'হাগ বিহুৰ আগলৈকে নুনমাটিৰ পৰা চানমাৰিলৈকে ফ্লাইঅভাৰৰ অংশটো সম্পূৰ্ণ কৰিম আৰু তাৰ পিছৰ ব'হাগ বিহুৰ আগতে চানমাৰিৰ পৰা দীঘলীপুখুৰীৰ অংশটো সম্পূৰ্ণ কৰিম ।’’

‘‘যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মিয়মান হৈ থকা ফ্লাইঅভাৰখন দুৰ্গা পূজাৰ মহাপঞ্চমীৰ দিনা ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰো ।’’ তেওঁ কয় ৷

লগতে পঢ়ক : ৰাস্তা বন্ধ কৰি বেৰিকেড দি জনতাক অসুবিধা নিদিব : জিলা আয়ুক্তসকললৈ আহ্বান মুখ্যমন্ত্ৰীৰ - Assam CM urges DCs

৮ হাজাৰ শিল্পীৰে ঝুমুৰ নাচ :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘যোৱাবাৰ আমি বিহুক বিশ্বৰ দৰবাৰলৈ লৈ গৈছিলো । এইবাৰ আমি ৮০০ খন চাহ বাগিচাৰ পৰা ৮০০০ শিল্পীক গুৱাহাটীলৈ আনিম আৰু ২০ নবেম্বৰত তেওঁলোকে একেলগে ঝুমুৰ নাচ প্ৰদৰ্শন কৰিব । ঝুমুৰ নাচক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস । মই আশা কৰো যাতে ইয়াক লৈ কোনেও সমালোচনা নকৰে । আমি এইটোও সিদ্ধান্ত লৈছো যে ঝুমুৰৰ পাচত কোকৰাঝাৰত ১০ হাজাৰ শিল্পীৰে বাগৰুম্বা নৃত্যৰো এটা প্ৰদৰ্শন কৰিম ।’’

পৰ্যটনৰ বিকাশৰ প্ৰসংগ :

সংস্কৃতি আৰু ক্ৰীড়াক চফ্ট পাৱাৰ হিচাপে লৈ পৰ্যটন ক্ষেত্ৰৰ বিকাশ সাধনত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘চফ্ট পাৱাৰ থকা ৰাজ্যই অৰ্থনৈতিকভাৱে উন্নতি কৰিব পাৰে । কাৰণ চফ্ট পাৱাৰে পৰ্যটকক আকৰ্ষিত কৰে । ঝুমুৰ, বাগৰুম্বাই অসমৰ সাংস্কৃতিক জগতখনক বিশ্বৰ মানচিত্ৰত আকৌ এবাৰ লৈ যাব । পৰ্যটনৰ বিকাশৰ বাবে কাজিৰঙাৰ হাতীখুলী চাহ বাগিচাত টাটা গ্ৰুপে এখন পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিব । টকা খৰচ কৰিব পৰা পৰ্যটকসকল আহিলে কাজিৰঙাৰ আশে-পাশৰ ৰাইজৰ অৰ্থনৈতিক সমৃদ্ধি হ'ব ।’’

ক্ৰেডিট লোৱাত ব্যস্ত কংগ্ৰেছ :

মুখ্যমন্ত্ৰীয়ে কয়, ‘‘চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য হোৱাৰ পাচত এতিয়া কংগ্ৰেছৰ নেতাসকলে চাবলৈ দৌৰ মাৰিছে । বিগত তিনিটা বছৰত আমি বাৰে বাৰে তালৈ গৈছো । কিবা এটা কৰাৰ আমাৰ বিশ্বাস আছিল । কাম হোৱাৰ আগত পৰিশ্ৰম কৰিব লাগে । কাম হোৱাৰ পাচত ক্ৰেডিট ল'বলৈ দৌৰি যোৱাসকলক আমি কি বুলি চিনাক্ত কৰিম । সিদ্ধান্ত আপোনালোকৰ ।’’

প্ৰসংগ চিকিৎসা সেৱা মাচুল বৃদ্ধি :

চিকিৎসাৰ সেৱা মাচুল বৃদ্ধি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বিগত ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত এটকাৰো মাচুল বৃদ্ধি কৰা নাই । এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে । সেইবাবে আমি অকণ অকণ মান মাচুল মেডিকেল কলেজসমূহত বৃদ্ধি কৰাৰ বাবে অনুমতি দিছো । তাকো কোৱা হৈছে যে দুখীয়া মানুহৰ ক্ষতি নোহোৱাকৈ বৃদ্ধি কৰিব ।’’

‘‘বি পি এল সকলে এটা টকাও যাতে খৰচ কৰিব নালাগে তাৰ বাবে মেডিকেল কলেজৰ অধ্যক্ষসকলক কোৱা হৈছে । দৰিদ্ৰজনৰ লগত আমি সদায় আছো । অহা ১ ছেপ্তেম্বৰৰ পৰা অসমৰ ১৩ খন মেডিকেল কলেজত এটা বিশেষ মেডিকেল শিবিৰ অনুষ্ঠিত হ'ব । এই শিবিৰৰ যোগেদি হৃদৰোগ থকা ১৪ বছৰৰ তলৰ শিশুসকলক চিনাক্ত কৰা হ'ব । যাক অপাৰেচনৰ প্ৰয়োজন হ'ব তেনে শিশুক বিভিন্ন ঠাইত নি অপাৰেচন কৰোৱা হ'ব । বৰ্তমানলৈ ১১ হাজাৰ শিশুৰ অপাৰেচন কৰোৱা হৈছে । এইবাৰ হৃদৰোগৰ উপৰি আমাৰ মাজত থকা থেলাচেমীয়া ৰোগীসকলকো চিনাক্ত কৰা হ'ব ।’’ তেওঁ কয় ৷

লগতে পঢ়ক : যিমান হিন্দু ৰাজনৈতিক দল হয় সিমানেই ভাল : মুখ্যমন্ত্রী - Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.