ETV Bharat / state

মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা : প্ৰশাসন হৈ পৰিছে সষ্টম - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:07 PM IST

Flood affected area in Assam : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰলয় ৷ বান পৰিস্থিতিক লৈ সষ্টম হৈ পৰিছে চৰকাৰ-প্ৰশাসন ৷ মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা ৷

Flood affected area in Assam
মুখ্যমন্ত্ৰী-মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানপীড়িত এলেকা (ETV Bharat Assam)

নিউজ ডেস্ক, 2 জুলাই : ৰাজ্যৰ কেউফালে এতিয়া কেৱল বান ৷ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ তৎপৰ হৈ পৰিছে প্ৰশাসন ৷ মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী-বিধায়কে পৰিদৰ্শন কৰিছে বানাক্ৰান্ত এলেকা ৷

গোলাঘাটৰ বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই:

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে বিধ্বস্ত কৰা বোকাখাত সমষ্টিৰ বংকোৱালত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মন্ত্ৰী অতুল বৰা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ পিচতে বানাক্ৰান্তৰ শিবিৰত উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ সৈতে মত-বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে ।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতিৰ লগতে বংকোৱালত মথাউৰি ভাগি প্ৰায় ৭২ খন গাঁও পানীত ডুব গৈছে । ভাগি যোৱা মথাউৰি মই পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত অঞ্চলটোৰ ৰাইজৰ যিখিনি সমস্যা হৈছে সেইখিনি পৰ্যায়ক্ৰমে নিৰাময় কৰিবলৈ চেষ্টা কৰা হ’ব ৷ ড৹ শৰ্মাই কয় যে ইতিমধ্যে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে যে বানপীড়িত ৰাইজক সাহায্য আগবঢ়োৱাত যাতে কোনোধৰণৰ কৃপণালি নকৰে । তদুপৰি পানী কমাৰ পিচত জিঅ’ বেগ ব্যৱহাৰ কৰি মথাউৰিটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানপানীৰ ক্ষয়-ক্ষতিৰ বুজ ল'ব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে ইতিমধ্যে কাজিৰঙাৰ মিহিমুখ অঞ্চল সম্পূৰ্ণৰূপে পানীত ডুব গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰা হৈছে, যাতে বন্যপ্ৰাণীসমূহৰ কোনোধৰণৰ ক্ষতি সাধন নহয় ৷ কাইলৈৰ পৰা বেটেলিয়নৰ এটা নতুন টীম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিয়োগ কৰা হ’ব ৷

মাজুলীৰ বান পৰিস্থিতিৰ বুজ ল’লে ৰণোজ পেগুৱে :

সোমবাৰে মাজুলীৰ আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰি গাঁও আৰু বোকোৰা গাঁৱৰ মাজৰ মাথাউৰি ব্ৰহ্মপুত্ৰৰ পানীয়ে চিঙা অংশ পৰিদৰ্শন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ মাথাউৰিৰ চিগা অংশ পৰিদৰ্শন কৰি ৰণোজ পেগুৱে সাংবাদিকৰ আগত কয় যে ব্ৰহ্মপুত্ৰৰ পানীয়ে যি অংশত মথাউৰি চিঙিলে, সেই ঠাইত চিঙিবলগীয়া নাছিল । গতিকে এই গোটেই বিষয়টোৰ ওপৰত তদন্ত কৰিবৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়া বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷ বানাক্ৰান্তসকলে চৰকাৰৰ ফালৰ পৰা যি সুবিধা পাব লাগে আৰু যিসকল লোকৰ বাসগৃহৰ লগতে আন আন বস্তুৰ অনিষ্ট হৈছে তেওঁলোকে অতি সোনকালে চৰকাৰৰ পৰা সুবিধা লাভ কৰিব বুলি কয় ৰণোজ পেগুৱে ৷ মথাউৰিৰ সুৰক্ষাৰ বাবেও চৰকাৰে উচিত পদক্ষেপ ল’ব বুলিও কয় ৰণোজ পেগুৱে ৷

মঙলদৈৰ বান পৰিস্থিতি:

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে মঙলদৈ চহৰৰ সমীপৱৰ্তী বান্দিয়া গাধোৱা, গেৰিমাৰী, মোৱামাৰি, চেৰেং, ৰঙামাটি, বাহঁজানী গৰুখুঁটি অঞ্চল বুৰাই পেলাইছে । জলমগ্ন হৈ পৰাত স্থানীয় লোকে ঘৰৰ সামগ্ৰী লৈ নিৰাপদ স্থানলৈ ঢাপলি মেলিছে । বহু পৰিয়ালৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে বাঢ়নী পানীয়ে ৷ বান্দিয়াত বান পৰিস্থিতিৰ বাবে ট্ৰেক্টৰত উঠি নিৰাপদ স্থানলৈ অহা শিশুসহ ৩০ গৰাকী যাত্ৰী বানে উটুৱাই লৈ যায় যদিও স্থানীয় লোকৰ সহায়ত সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সকলোকে ৷

আনহাতে দৰঙৰ ৫ টা ৰাজহ চক্ৰৰ ১২৫ খন গাঁও বানৰ কৱলত পৰিছে । ইয়াৰে মঙলদৈ ৰাজহ চক্ৰত ৩৩ খন গাঁও, ছিপাঝাৰত ৩৮ খন গাঁও, পূব মঙলদৈত ৩১ খন গাঁও, দলগাঁৱত ২১ খন গাঁও আৰু পাথৰিঘাট ৰাজহ চক্ৰত ২ খন গাঁও জলমগ্ন হৈছে ৷ জিলাখনৰ ১,৪৭,১৪৩ গৰাকী লোক বানৰ কৱলত পৰিছে । ইফালে বানৰ কবলত পৰিছে ৰাজ্য চৰকাৰৰ বহুচৰ্চিত গৰুখুঁটি কৃষি প্ৰকল্পও । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে নিশাৰ ভিতৰতে বুৰাই পেলায় কৃষি প্ৰকল্পটোৰ শশ বিঘা কৃষি ভূমভূমি। কৃষি প্ৰকল্পটোৰ ২০০ বিঘা ভূমিত লগোৱা মাকৈ, ৫০ বিঘা ভূমিত লগোৱা কল, ১৫ বিঘা ভূমিত লগোৱা নেমু, ১০ বিঘা ভূমিত লগোৱা অমিতা বিনষ্ট হয় প্ৰলয়ংকৰী বানত ।

জোনাইত খাদ্য সামগ্ৰী বিতৰণ কংগ্ৰেছৰ:

জোনাইত মূৰ্কংচেলেক ব্লক কংগ্ৰেছ কমিটি আৰু ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সজাতি দলে মঙলবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত পৰিয়ালসকলৰ সৈতে মত বিনিময় কৰি বিতৰণ কৰে বিভিন্ন খাদ্য সামগ্ৰী । বৰ্নাত্যসকলক এই খাদ্য সামগ্ৰী বিতৰণ কৰি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্ত পৰিয়ালসকলক বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত পূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সাংসদ তথা বিধায়কগৰাকীৰ লগতে জোনাই মহকুমা প্ৰশাসক আহ্বান জনাই কংগ্ৰেছ কমিটীৰ সদস্যসকলে ।

উল্লেখযোগ্য যে জোনাইৰ অসম-অৰুণাচল সীমান্তত কেবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ট বৃদ্ধি পোৱাৰ পিচতে চিয়াং-দিবাং আৰু দতুং নদীৰ বানে সম্পূৰ্ণৰূপে প্লাৱিত কৰে শিৱগুৰি গাঁও ৷ বানাক্ৰান্ত পৰিয়ালসমূহক জোনাই মহকুমা প্ৰশাসনৰ তৎপৰতাত SDRF ৰ দলে উদ্ধাৰ কৰি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ী শিৱিৰ স্থাপন কৰি থকাৰ ব্যৱস্থা কৰা হৈছে ৷

শিৱসাগৰৰ বান পৰিস্থিতিৰ বুজ ল’লে বিমল বড়াই :

দিখৌ, দিচাং, দৰিকা আদিকে ধৰি শিৱসাগৰৰ প্ৰায়বোৰ নদীৰে জলস্তৰ বৃদ্ধি পাইছে ৷ ফলত শিৱসাগৰ জিলাৰ বৃহৎ এলেকা বানৰ কৱলত পৰিছে । শিৱসাগৰ নগৰৰ সমীপৰ ন পাম গাঁও, শালমৰীয়া গাঁও, কোঁৱৰপুৰ, দিচাংমুখ, দিখৌমুখ ধৰি জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ ৫৫ খন গাঁও বাঢ়নী পানীয়ে বুৰাই পেলাইছে । চৰকাৰীভাৱে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে । উদ্ধাৰ কার্য সঠিকভাৱে সম্পন্ন কৰাৰ বাবে NDRF বাহিনী নিয়োজিত কৰা হৈছে ।

মঙলবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷ বানাক্ৰান্তসকলৰ উদ্ধাৰ, পুনৰ সংস্থাপন, সাহাৰ্য আদি দিশসমূহ সুক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি জিলা প্ৰশাসনক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে জিলাখনত ৬ টা আশ্ৰয় শিৱিৰ প্ৰশাসনৰ ফালৰ পৰা স্থাপন কৰা হৈছে । পূৰ্বৰ দুটা দিনতকৈ মঙলবাৰে পানী কিছু হ্ৰাস পোৱাৰ ফলত অনাগত কেইটামান দিনত পৰিস্থিতি উন্নত হ’ব বুলি ধাৰণা কৰা হৈছে ।

পলাশবাৰীৰ বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক হেমাংগ ঠাকুৰীয়াই :

মহাবহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে হঠাতে বুৰাই পেলালে পলাশবাৰীৰ দহখনতকৈও অধিক গাঁও । মঙলবাৰে দুপৰীয়াৰে পৰা ফেনে-ফুটুকাৰে বাঢ়ি অহা পানীয়ে মুহূৰ্তৰ ভিতৰতে প্লাৱিত কৰিলে দখলা, সত্ৰপাৰা, গুইমাৰা,চিমিনা ফুটুৰি আদিকে ধৰি দহখনতকৈও অধিক গাঁও । এতিয়ালৈকে হেজাৰৰো অধিক পৰিয়াল সাংঘাতিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ খবৰ আহিছে ৷ এইদৰে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি থাকিলে নৈপৰীয়া বহু গাঁও প্লাৱিত হৈ পৰিব বুলি আশংকা কৰা হৈছে । ইতিমধ্যে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু ৰাজহ চক্ৰ বিষয়া হিমাদ্ৰী বৰাই প্লাৱিত গাঁওসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ক্ষতিগ্ৰস্ত লোকসকলক কেবাখনো বিদ্যালয়ত অস্থায়ী আশ্ৰয় শিবিৰ পাতি থকা-খোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰে বিধায়ক ঠাকুৰীয়াই ।

কাজিৰঙাত জলমগ্ন ৯৫ টা বন শিৱিৰ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বৃদ্ধি পাইছে বাঢ়নী পানীৰ জলস্তৰ ৷ বিগত কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্যানসংযোগী নলাসমূহেদি তীব্ৰগতিত বাঢ়নী পানী প্ৰৱেশ কৰাৰ পৰিপ্ৰেক্ষিতত প্লাবিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখন৷ আনহাতে, বাঢ়নী পানীত বুৰ গৈছে বোকাখাতৰ শতাধিক বিদ্যালয় । তাৎক্ষণিক বানে ডুবাই পেলালে বিদ্যালয়সমূহ ৷ উদ্ধাৰ কৰিব পৰা নহ’ল বিদ্যালয়ৰ সা-সৰঞ্জাম, মধ্যাহ্ন ভোজনৰ খাদ্যদ্ৰব্য । ইয়াৰ মাজতে বহু শিক্ষকে পানীত নামি উদ্ধাৰ কৰিছে বিদ্যালয়ৰ সম্পদ, তথ্য-পাতি ।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল চন্দ্ৰ গোস্বামী বোকাখাতত উপস্থিত হৈ শিক্ষকসকলক কৃতজ্ঞতা জনোৱাৰ লগতে বানাক্ৰান্ত বিদ্যালয় আৰু শিক্ষকসকলক সহায় কৰিবলৈ চৰকাৰ আৰু স্থানীয় প্ৰশাসনক আহ্বান জনায় ৷

মৰিগাঁৱৰ বান পৰিস্থিতি :

ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ কেতবোৰ ঠাই বানৰ কৱলত পৰিছে । জিলাখনৰ তিনিটা ৰাজহচক্ৰ ভূৰাগাঁও, মায়ং আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ ১৫৬ খন গাঁও সাম্প্ৰতিক বানৰ কৱলত পৰিছে । ইয়াৰে ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৫৩ খন, মায়ং ৰাজহ চক্ৰৰ সৰ্বাধিক ৭৫ খন আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ ২৮ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । সাম্প্ৰতিক বানত শিশু আৰু মহিলাকে ধৰি প্ৰায় ৫০ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে । জিলা প্ৰশাসনৰ ফালৰ পৰা প্ৰয়োজনীয় ঠাইসমূহত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে । জিলা প্ৰশাসনে সাম্প্ৰতিক বানৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ।

মঙলবাৰে জিলা আয়ুক্তৰ নিৰ্দেশক্ৰমে অতিৰিক্ত জিলা আয়ুক্তসকল, প্ৰতিগৰাকী চক্ৰ বিষয়া আৰু প্ৰশাসনৰ আন বিষয়াসকলে জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় ৷ জিলা আয়ুক্ত জাগৃতি কলৱাৰে লাহৰীঘাট ৰাজহ চক্ৰ এলেকাৰ বান ক্ষতিগ্ৰস্ত কাঠনি, বগলীপাৰা আদি অঞ্চল পৰিদৰ্শন কৰি বানত হোৱা ক্ষয়-ক্ষতিৰ বিতং বুজ লয় । তেওঁ উলুবাৰী, চেনিমাৰী, মৈৰাবাৰী আদি অঞ্চললৈও যায় ।

আনহাতে মায়ঙৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে ৰাজহ চক্ৰটোৰ অধীনৰ ১ নং গাগলমাৰী, ২ নং গাগলমাৰী, মেৰৰহাবি, কছাৰীগাঁও, বৰামাৰী গাঁও, বৰামাৰী পাম আদি এলেকা তথা মথাউৰি পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় । আনহাতে মৰিগাঁও ৰাজহ চক্ৰৰ অধীনৰ এলেকাত এতিয়াও বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও চক্ৰ বিষয়া মনিকা বৰগোহাঁয়ে ৰাইনা পথাৰ অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতি নিৰীক্ষণ কৰে । একেদৰে ভূৰাগাঁৱৰ চক্ৰ বিষয়া অপ্ৰতিম গোস্বামীয়ে ৰাজহ চক্ৰটোৰ অধীনৰ ভালেমান অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত ৰাইজৰ অৱস্থাৰ বুজ লয় । অতিৰিক্ত জিলা আয়ুক্ত পল্লৱী কছাৰীয়েও ৰাজহ চক্ৰটোৰ অন্তৰ্গত ভালেমান অঞ্চল পৰিদৰ্শন কৰে । লাহৰীঘাটৰ চক্ৰ বিষয়া বিকাশ চেত্ৰীয়েও ৰাজহ চক্ৰটোৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে ৷

তিনিচুকীয়াৰ বান পৰিস্থিতিৰ বুজ ল’লে ৰণজিৎ কুমাৰ দাসে :

তিনিচুকীয়া জিলাৰ বহুকেইটা অঞ্চল বাঢ়নী পানীৰ কবলত পৰিছে ৷ মঙলবাৰে তিনিচুকীয়াত উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মন্ত্ৰীগৰাকী তিনিচুকীয়াত উপস্থিত হৈয়েই প্ৰথমে শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ আৰু চাবুৱা সমষ্টিৰ বিধায়ক পুনাকণ বৰুৱাৰ সৈতে গুইজান আৰু নতুন ৰংগাগড়াত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় ৷

পৰৱৰ্তী সময়ত পুনৰ ফিল’বাৰীৰ গৌৰীপুৰৰ প্ৰয়াত মোহন যাদৱৰ ঘৰত বিধায়ক ৰূপেশ গোৱালাৰ স’তে উপস্থিত হয় অভিভাৱক মন্ত্ৰীগৰাকী । মোহন যাদৱ নামৰ লোকজন চাইকেলেৰে ঘৰলৈ বুলি ঘূৰি অহা সময়ত ডুমডুমা নৈৰ জানত পৰি মৃত্যু হৈছিল দেওবাৰে ৷ গতিকে আজি মোহন যাদৱৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে । লগতে মোহন যাদৱৰ মৃত্যু হোৱা স্থানত এখন পকী দলঙৰ ব্যৱস্থা কৰাৰো পৰামৰ্শ আগবঢ়ায় বিধায়ক ৰূপেশ গোৱালাক ৷

পুনৰ ভাগিল কলিয়াবৰৰ হাতীমুৰা মথাউৰি : কেশৱ মহন্তই ল’লে পৰিস্থিতিৰ বুজ

নৱনিৰ্মিত শ্লুইচ গেটৰ কাষেৰে হোৰাহোৰে পানী সোমাইছে কলঙত ৷ ফলত কলিয়াবৰৰ ৰাইজৰ মাজত পুনৰ আতংকৰ সৃষ্টি হৈছে ৷ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । কলিয়াবৰীয়া ৰাইজ যাত অধিক বিপদত নপৰে তাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যোৱানিশা মন্ত্ৰী কেশৱ মহন্তই শ্লুইছ গে’টস্থলী পৰিদৰ্শন কৰিছিল ৷ মঙলবাৰে দিনৰ ১০:৩০ মান বজাত শ্লুইছ গে'টৰ কাষেদি মথাউৰি চিঙি পুনৰ কলিয়াবৰত বানৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে ৷

ইতিমধ্যে জখলাবন্ধাৰ বহু ঠাই বানৰ দ্বাৰা প্ৰভাৱিত হৈছে । উদ্ধাৰ কাৰ্যৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ লোক নিয়োজিত কৰা হৈছে । জখলাবন্ধাস্থিত অসম লোকনিৰ্মাণ বিভাগৰ কাৰ্যালয়, জলসিঞ্চন বিভাগৰ কাৰ্যালয়ৰ, আয়ুস পাব্লিক স্কুল, ৰামচন্দ্ৰন গোস্বামী হাইস্কুল, জখলাবন্ধা বজাৰ, কেৰিবাকৰি, দেৱৰ সত্ৰ, শেনচোৱা, ঢেকিয়াল, মিৰিভেটি জলমগ্ন । জখলাবন্ধা আৰক্ষী নিৱেশৰ চৌহদতো বান । আৰক্ষীৰ আৱাসত পানী ৷

লগতে পঢ়ক: বানৰ কবলত গাঁও-নগৰ : জীৱ-জন্তুৰ মাজতো হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.