ETV Bharat / state

অভিযুক্তক ৰেহাই দিয়াৰ নামত ১৩ লাখ টকা লৈ গ্ৰেপ্তাৰ পল্টন বজাৰ থানাৰ এ এছ আই

author img

By ETV Bharat Assamese Team

Published : Mar 13, 2024, 10:25 PM IST

Assam bribery case : বেজৰ নাকতেই খৰ । এইবাৰ আন্তঃৰাষ্ট্ৰীয় চুৰি মোবাইলৰ ক'লা বজাৰ চলোৱা চক্ৰক সহযোগ কৰি গ্ৰেপ্তাৰ স্বয়ং আৰক্ষী বিষয়া ।

Case in Paltan Bazar police
পল্টন বজাৰ আৰক্ষী থানা

গুৱাহাটী, ১৩ মাৰ্চ: চৰকাৰে আৰক্ষীক জনসাধাৰণৰ ওচৰ চপাই নিবলৈ যিমানেই পদক্ষেপ গ্ৰহণ নকৰক কিয় একাংশ ঘোচখোৰ আৰক্ষীৰ বাবে ৰাইজে আৰক্ষীৰ ওপৰত যেন আস্থা হেৰুৱাই পেলাব ধৰিছে । পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে আৰক্ষীৰ এজন উপ-পৰিদৰ্শকে । অভিযুক্তক ৰেহাই দিয়াৰ নামত ১৩ লাখ টকা লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল পল্টন বজাৰ থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক কৃষ্ণ উপাধ্যায় ।

আন্তঃৰাষ্ট্ৰীয় চুৰি মোবাইলৰ বজাৰৰ চলোৱা চক্ৰক সহযোগ কৰি গ্ৰেপ্তাৰ হৈছে পল্টন বজাৰ থানাৰ আৰক্ষীৰ উপ পৰিদৰ্শক কৃষ্ণ উপাধ্যায় । উল্লেখ্য যে গোপন সূত্ৰৰ ভিত্তিত দেশৰ বিভিন্ন স্থানৰ পৰা চুৰি মোবাইল বাংলাদেশলৈ সৰবৰাহ কৰা এটা কুৰিয়াৰ এজেন্সিৰ পৰা কিছুদিন পূৰ্বে পল্টনবজাৰ আৰক্ষীয়ে মোবাইল জব্দ কৰিছিল । পৰৱৰ্তী সময়ত ২৬/২৪ নম্বৰৰ গোচৰটো পল্টন বজাৰ থানাৰ পৰা অপৰাধ শাখালৈ স্থানান্তৰ কৰা হৈছিল । এই চক্ৰটোৱে দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চুৰি হোৱা মোবাইল অসম আৰু মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছতে কুৰিয়াৰ এজেন্সিটোৰ এজন অভিযুক্ত ভবেশ শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল ।

পল্টন বজাৰ থানাৰ আৰক্ষীৰ উপ-পৰিদৰ্শক কৃষ্ণ উপাধ্যায় অভিযুক্ত চক্ৰটোৰ সৈতে জড়িত থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ লগতে তেওঁ চক্ৰটোৰ পৰা ১৩ লাখ টকা লৈছিল বুলি জানিব পাৰে ৷ আনকি আৰক্ষীৰ নামত দুজন অভিযুক্তক অপহৰণ কৰি বলপূৰ্বকভাৱে এখন হোটেলত ৰখাৰ লগতে মুকলি কৰি দিয়াৰ পূৰ্বে ধন দাবী কৰিছিল উপাধ্যায়ে ৷ এই সমগ্ৰ তথ্য লাভ কৰাৰ পিছতে অপৰাধ শাখাই কৃষ্ণ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:কাছাৰৰ পৰা তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.