ETV Bharat / state

লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচল প্ৰশাসনৰ হাতোৰা - Assam Arunachal border disputes

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 1:14 PM IST

Eviction drive in Assam-Arunachal border : অৱশেষত অৰুণাচলৰ প্ৰশাসনে বৃহস্পতিবাৰে চলালে উচ্ছেদ অভিযান । লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে কৰা বেদখল অৰুণাচলৰ প্ৰশাসনে উচ্ছেদ কৰে ।

Eviction drive in Assam-Arunachal border
লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলে চলালে উচ্ছেদ অভিযান (ETV BHARAT ASSAM)

লখিমপুৰ,২৮ জুন : অৱশেষত অৰুণাচলে চলালে উচ্ছেদ অভিযান । ভাঙিলে অসম ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰা বিনোদন কেন্দ্ৰ । বুধবাৰৰ দিনটো তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছিল লখিমপুৰৰ অৰুণাচল সীমান্তৱৰ্তী ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বগীবিল অঞ্চলত ।

অৰুণাচলীয়ে উক্ত অঞ্চলত পথ, বিনোদন কেন্দ্ৰ আদি নিৰ্মাণ কৰাৰ বাবে লখিমপুৰ জিলা প্ৰশাসনে বিশাল আৰক্ষী বাহিনী লৈ উচ্ছেদ চলাবলৈ গৈ বিফল হ’বলগীয়া হৈছিল । একাংশ অৰুণাচলী লোকৰ বাধাত তীব্ৰ উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছিল ৷ আনকি লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ নকৰাকৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল ।

তাৰ পূৰ্বে অৰুণাচলৰ স্থানীয় প্ৰশাসনৰ সৈতে লখিমপুৰ জিলা প্ৰশাসনৰ বিষয় ববীয়াই এক আলোচনাত মিলিত হৈছিল আৰু অৰুণাচলৰ প্ৰশাসনে তেওঁলোকে নিজেই উচ্ছেদ চলাব বুলি লখিমপুৰ জিলা প্ৰশাসনৰ বিষয় ববীয়াক উল্লেখ কৰিছিল ।

কথা দি কথা ৰাখিলে অৰুণাচলৰ প্ৰশাসনে । বৃহস্পতিবাৰে অৰুণাচলৰ প্ৰশাসনে বিয়লিৰ পৰা সন্ধ্যা পর্যন্ত উক্ত এলেকাত উচ্ছেদ অভিযান চলাই তাত নিৰ্মাণ কৰা গৃহসমূহ জেচিবি লগাই ভাঙি পেলায় ।

লগতে পঢ়ক : অসমৰ ভূমিত অৰুণাচলীৰ গছপুলি ৰোপনক লৈ উত্তপ্ত ধেমাজি - Assam Arunachal border disputes

এই উচ্ছেদ অভিযান কালত অৰুণাচলৰ অতিৰিক্ত আয়ুক্ত কুজ তানাং,পাপুম পাৰেৰ উপ আৰক্ষী অধীক্ষক ৰাধি অগিং, লখিমপুৰ জিলাৰ বন বিষয়া অশোক দেৱ চৌধুৰী, উপ আৰক্ষী অধীক্ষক দেবেন বৰা, ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ বৰা আদি উপস্থিত থাকে । তেওঁলোকৰ উপস্থিতিত অৰুণাচলৰ আৰক্ষীয়ে জেচিবি লগাই উচ্ছেদ অভিযান চলায় । ফলত এক সাম্ভাব্য সংঘাতময় পৰিৱেশৰ যৱনিকা পৰে ।

উল্লেখ্য যে, বুধবাৰে উক্ত এলেকাত অৰুণাচলীৰ আগ্ৰাসনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ গৈ বুধবাৰে ওৰে দিন থমকি ৰ’বলগীয়া হৈছিল লখিমপুৰৰ বিশাল নিৰাপত্তা বাহিনী । লখিমপুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, লখিমপুৰ বন সংমণ্ডল বিষয়াসহ বিশাল আৰক্ষী বাহিনী আৰু বনকৰ্মীৰ লগতে নাওবৈচা ৰাজহ চক্ৰ বিষয়াই উক্ত স্থানত উচ্ছেদ অভিযান চলাবলৈ উপস্থিত হয় ৷ পিছে উচ্ছেদকাৰী বাহিনী দখলিকৃত এলেকাত উপস্থিত হোৱাৰ পাচতে পৰিস্থিতি ক্ৰমে উত্তপ্ত হৈ পৰে ।

লক্ষ্যণীয় বিষয় যে, অসম ভূমিৰ দিশে থকা পথত নিশাই গাঁত খান্দি অৰুণাচলীয়ে যান বাহন যাব নোৱাৰা কৰি থৈছিল । গাঁত পুতি উচ্ছেদ চলাবলৈ সাজু হয় লখিমপুৰ জিলা প্ৰশাসন । খান্দি ৰখা পথটো জেচিবিৰে পুতি বিশাল আৰক্ষী, অৰ্ধসামৰিক বাহিনী যান বাহনসহ আগুৱাই যায় ।

পিছে অসম ভূমিৰ যি স্থানত অৰুণাচলীয়ে নিৰ্মাণ কাৰ্য কৰিছিল সেই স্থানত উচ্ছেদকাৰী বাহিনীৰ দলটো গৈ উপস্থিত হ’ব নোৱাৰিলে । তাৰ পূৰ্বেই একাংশ অৰুণাচলী লোক ওলাই আহি বাহিনীটোক আগুৱাই যোৱাত বাধা প্ৰদান কৰে । ফলত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক : অব্যাহত অসম-অৰুণাচলৰ সীমা সমস্যা: চৰকাৰী বিষয়াক অপদস্থ কৰাৰ অভিযোগ - ARUNACHALI AGGRESSION IN ASSAM

অৰুণাচলী লোকসকলে উচ্ছেদকাৰী বাহিনীক বাধা প্ৰদান কৰি তুমুল তৰ্কবাদত লিপ্ত হোৱাৰ লগতে তেওঁলোকক উভটি যাবলৈ হুংকাৰ দিয়ে । হাতে-হাতে দা লাঠি মাৰণাস্ত্ৰ লৈ ভাবুকি দিয়ে বন ধ্বংসকাৰী অৰুণাচলী লোকসকলে । অৰুণাচলীৰ যুদ্ধংদেহী পৰিস্থিতি দেখি উচ্ছেদ চলোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হয় আৰক্ষী, অৰ্ধসামৰিক তথা বনৰক্ষী বাহিনী ।

আৰক্ষী বিষয়া, ৰাজহ চক্ৰ বিষয়াই ইয়াৰ পিচতে পুনৰ অৰুণাচলৰ প্ৰশাসনীয় বিষয়াৰ সৈতে সন্ধ্যাৰ পূৰ্বে এক আলোচনা ত মিলিত হয় । উক্ত আলোচনাৰ সিদ্ধান্ত মৰ্মে বৃহস্পতিবাৰে অৰুণাচলৰ প্ৰশাসনে উচ্ছেদ অভিযান চলায় ।

উল্লেখ্য যে, বিগত ২০২৩ বৰ্ষত উক্ত এলেকাত অৰুণাচলীয়ে অসমৰ পুলি বাগান নিঃশেষ কৰাৰ উপৰিও অসমৰ বন বিভাগৰ ওপৰত আক্ৰমণ চলাইছিল । অৰুণাচলীৰ এই আগ্ৰাসন আৰু বেদখল লখিমপুৰ জিলা প্ৰাশাসনে সেই সময়ত বন্ধ কৰিছিল যদিও চলিত বৰ্ষত পুনৰ উক্ত বনাঞ্চলৰ ভূমিতেই অৰুণাচলীয়ে আহি ঘৰ নিৰ্মাণ, পথ নিৰ্মাণ আৰু ৰামপুৰ দেউৰী জে এফ এম চিৰ সহযোগত নিৰ্মাণ কৰা বনানিকৰণৰ ভূমিৰ ফেন্সিং বেৰা, ভাঙি পেলোৱা ঘটনাই সীমান্তৱৰ্তী এলেকাৰ পৰিস্থিতি উতেতেজনাপূৰ্ণ কৰি তুলিছে ।

সম্প্ৰতি সাময়িকভাৱে এই বেদখল উচ্ছেদ কৰি সমস্যাটো সমাধান কৰা হ’লেও ঘটনাৰ যে পুনৰাবৃত্তি নহ’ব তাৰ কোনো নিশ্চয়তা নাই ।

লগতে পঢ়ক : লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলত উত্তেজনা, উচ্ছেদ চলাবলৈ গৈ থমকিল বিশাল আৰক্ষী বাহিনী - Assam Arunachal border disputes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.