ETV Bharat / state

অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেটক বৃদ্ধিমুখী আখ্যা এৰিডাৰ

author img

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 6:46 AM IST

Assam Budget 2024-2025 : অসম চৰকাৰৰ বাজেটক আদৰণি আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ৰ । ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত বাজেটত বিশেষ গুৰুত্ব । বাজেটত নিৰ্মাণ খণ্ডৰ বাবে আছে বহু উল্লেখযোগ্য পদক্ষেপ ।

Assam Budget 2024-2025
অসম চৰকাৰৰ ২০২৪-২৫ বৰ্ষৰ বাজেট

গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী : বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে বিধানসভাত দাখিল কৰে ২০২৪-২৫ বৰ্ষৰ বাজেট । অসম চৰকাৰৰ এই বাজেটখনক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই । বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই ৰাজ্যিক বাজেটৰ বিভিন্ন বিকাশমুখী ব্যৱস্থাক আদৰণি জনাই কয় যে যিয়ে সমগ্ৰ ৰাজ্যতে ৰিয়েল ইষ্টেটৰ মূল্যবৃদ্ধি কৰিব ।

ৰাজ্যৰ ১০ খন মহানগৰৰ উন্নয়নকলৈ চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাক উদ্ভাৱনীমূলক আখ্যা দি শৰ্মাই কয় যে বাজেটত আপোন ঘৰ আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ উপৰিও মুখ্যমন্ত্ৰী আৱাস যোজনাত অতিৰিক্ত ১৩ হাজাৰ ঘৰ নিৰ্মাণ, সমগ্ৰ ৰাজ্যৰ পথ আৰু নগৰ আন্তঃগাঁথনি উন্নয়নৰ ওপৰত ব্যাপক গুৰুত্ব দিয়া হৈছে । ৰাজ্যৰ আন্তঃগাঁথনি উন্নয়নত বাজেটত বিশেষ গুৰুত্ব দিয়াৰ কথা সদৰী কৰি শৰ্মাই কয় যে বাজেটত নিৰ্মাণ খণ্ডৰ বাবে বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

আনহাতে, জাগীৰোডত ঔদ্যোগিক নগৰ বিকশিত কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমক দায়িত্ব দিয়া হৈছে । এই ঔদ্যোগিক নগৰৰ যোগেদি গুৱাহাটীৰ উপকণ্ঠত ৰিয়েল ইষ্টেটৰ মূল্যবৃদ্ধি কৰিব । ইয়াৰ উপৰি গুৱাহাটীৰ চাৰিওফালে একে ধৰণৰ কেইবাটাও উপগ্ৰহ নগৰ বিকশিত কৰাৰ পৰিকল্পনা আশাব্যঞ্জক বুলি শৰ্মাই কয় ।

লগতে পঢ়ক : ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

আনহাতে, গুৱাহাটীৰ ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন চহৰৰ উপকণ্ঠলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱে অঞ্চলটোৰ ব্যস্ততা যথেষ্ট লাঘব কৰিব । বাজেটত গৃহ আৰু নগৰ উন্নয়ন বিভাগলৈ ৩০৮৪.৫৯ কোটি টকা ‍আবণ্টন দিয়া কাৰ্যক আদৰণি জনাই শৰ্মাই কয় যে বিদ্যুতৰ বাবে সকলো ব্যক্তিগত আৰু ৰাজহুৱা আৱাসত 'ৰুফ ট'প চ'লাৰ' বাধ্যতামূলক কৰাটো প্ৰশংসনীয় ।

২০২৪ চনৰ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও শৰ্মাই সদৰী কৰে । শৰ্মাই লগতে কয় যে প্ৰস্তাৱিত অমৃত-জি আই জি চহৰখন ১০০০ একৰ এলেকাত সম্পূৰ্ণৰূপে পৰিকল্পিত আৰু নতুন যুগৰ আৱাসিক আৰু সামাজিক আন্তঃগাঁথনিৰ সৈতে পৰৱৰ্তী প্ৰজন্মৰ উদ্যোগসকলৰ বাবে বিশ্বশ্ৰেণীৰ ভ্ৰাতৃত্বৰ মিশ্ৰণৰ সৈতে একত্ৰিত হোৱাটো আদৰণীয় ।

লগতে পঢ়ক : অমৃত কালৰ সন্তানৰ বাবে অমৃত কালৰ আইকনিক প্ৰজেক্ট আছে বাজেটত : মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.