মৰাণ, 5 আগষ্ট: লোকসভা নিৰ্বাচনৰ অন্তত আগন্তুক উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী সকলো ৰাজনৈতিক দলে ৰণনীতি প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে । কিন্তু তেনে সময়ত ডিব্ৰুগড়ত আম আদমি পাৰ্টীত খহনীয়া হোৱা দেখিবলৈ পোৱা গৈছে ।
শেহতীয়া লোকসভা নিৰ্বাচনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বি তা আগবঢ়াই শোচনীয়ভাৱে পৰাজিত হৈছিল । এই শোচনীয় পৰাজয়ৰ পাছতেই দলীয় কৰ্মীসকল হতাশাত ভোগা পৰিলক্ষিত হৈছিল । এই অৱস্থা বৰ্তি থকাৰ সময়তে ৰাজ্যিক সমিতিত আভ্যন্তৰীণ সংঘাতে দেখা দিয়ে ৷
দেওবাৰে এক সংবাদমেলৰ আয়োজন কৰে দলটোৰ ক্ষোভিত নেতা-কৰ্মীয়ে ৷ আপৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে একনায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি কয়, "মনোজ ধানোৱাৰে নিজৰ ইচ্ছা মতে দল চলাইছে । কোনো দলীয় কৰ্মীক গুৰুত্ব নিদিয়ে । পূৰ্বে কংগ্ৰেছ দলৰ পৰা কৰ্মীসকলে মনোজ ধানোৱাৰৰ নেতৃত্বত আম আদমিত যোগদান কৰিছিল যদিও নেতৃত্বৰ অভাৱৰ বাবে দল ত্যাগ কৰি অতি কম দিনৰ ভিতৰতে পুনৰ সকলো দল ত্যাগী আপ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰাৰ সিদ্ধান্ত লৈছে ।"
সমান্তৰালভাৱে দলীয় সংঘাতৰ বিষয়ে শীৰ্ষ মহলক অৱগত কৰাব বিচাৰিলে আপ অসমে কৰ্মীগৰাকীক দলীয় পদৰ পৰা অব্যাহতি দিয়া হয় বুলিও ক্ষোভিত কৰ্মীসকলে সংবাদমেলত সদৰী কৰে ৷ উল্লেখ কৰা প্ৰয়োজন যে, সমিতিত আৰম্ভ হোৱা এই সংঘাতৰ পৰিণতিত দলত্যাগৰ ঢৌ উঠা পৰিলক্ষিত হৈছে কৰ্মীসকলৰ মাজত ।
জানিব পৰা মতে মঙলবাৰে ডিব্ৰুগড়ত পাঁচখন পঞ্চায়তৰ প্ৰায় পাঁচ শতাধিক আপ কৰ্মীয়ে সমূহীয়াভাৱে পদত্যাগ কৰে ডিব্ৰুগড়ত । ডিব্ৰুগড়ৰ মাইজান গাঁও পঞ্চায়ত, কানাই গাঁও পঞ্চায়ত মোহনবাৰী গাঁও পঞ্চায়ত, চিৰিং দাইনীজান গাঁও পঞ্চায়ত, হিলৈধাৰী গাঁও পঞ্চায়তত পাঁচ শতাধিক আপৰ নেতা-কৰ্মীয়ে দলত্যাগ কৰে ।
ডিব্ৰুগড় সাহিত্য সভা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি এই কথা সদৰী কৰে দলটোৱে । দলৰ ভিতৰত অৰাজকতা বৰ্তি থকাৰ লগতে দলটোৰ কোনো ভৱিষ্যত নাই বুলিও আক্ষেপ প্ৰকাশ কৰে ক্ষুব্ধ কৰ্মীসকলে ।