ETV Bharat / state

কাৰ ভুলৰ বাবে উন্মুক্ত হৈ আছিল নলা ? মুখ্যমন্ত্রীক জবাবদিহি ভূপেন বৰাৰ - Minor boy drowns in drain

author img

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 3:19 PM IST

Bhupen Kumar Borah: নলাত পৰি কৰুণ মৃত্যুক আঁকোৱালি লোৱা আঠ বছৰীয়া অবিনাশ সৰকাৰৰ পৰিয়ালৰ কাষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা । মঙলবাৰে অবিনাশ সৰকাৰৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃক সান্ত্বনা দিয়াৰ লগতে অবিনাশৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সভাপতিগৰাকীয়ে ৷ জ্যোতি নগৰৰ নলাত পৰি সন্ধানহীন হোৱা 8 বছৰীয়া অবিনাশ সৰকাৰৰ মৃতদেহ দেওবাৰৰ পুৱা মহানগৰীৰ ৰাজগড়ত উদ্ধাৰ হৈছিল ৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰে সভাপতিগৰাকীয়ে ৷

APCC president Bhupen kumar Borah visits family of Abinash sarkar who fell into drain and died, offers condolences
অবিনাশ সৰকাৰৰ ঘৰত উপস্থিত ভূপেন বৰা (ETV Bharat Assam)

গুৱাহাটী, 9 জুলাই: স্মাৰ্ট চিটীৰ উন্মুক্ত নলাত পৰি কৰুণভাবে মৃত্যুক আঁকোৱালি লোৱা আঠ বছৰীয়া অবিনাশ সৰকাৰৰ গুৱাহাটীৰ বাসগৃহত মঙলবাৰে উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । নুনমাটিৰ ভৱানীপুৰস্থিত শ্যামনগৰৰ অবিনাশ সৰকাৰৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে অবিনাশ সৰকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে । অবিনাশ সৰকাৰৰ দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰি তেওঁলোকৰ দুখৰ সমভাগী হৈ কংগ্ৰেছ নেতাজনে পৰিস্থিতিৰ বুজ লয় ।

শোকাৱহ ঘটনাটো সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয়, "এই শোকৰ কোনো ভাষা নাই । শুনি ভাল পাইছো যে মুখ্যমন্ত্রীয়েও সমবেদনা জনাবৰ বাবে ইয়ালৈ আহিছিল । আৰু এজন অবিনাশ সৰকাৰ যাতে গুৱাহাটীবাসীয়ে কৃত্রিম বানপানীৰ বাবে হেৰুৱাবলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্রীৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিছো । ইয়াৰ আগতেও এগৰাকী ছোৱালী উন্মুক্ত গাতত পৰি মৃত্যুমুখত পৰিছিল ।"

ইয়াৰ লগতে গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্রী অশোক সিংহলক কটাক্ষ কৰি কয়, "আজি পেপাৰ এখনত গুৱাহাটী উন্নয়ন মন্ত্রীজনৰ খুব ধুনীয়া হাঁহি থকা ফটো এখন ওলাইছে । মন্ত্রীগৰাকীয়ে হাঁহি আছে কিন্তু এই পৰিয়ালবোৰে হাঁহিব পৰা নাই । এই পৰিয়ালবোৰে নিজৰ দোষত কান্দিবলগীয়া হোৱা নাই ৷ এনে মৃত্যু চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে হৈছে । উন্মুক্ত হৈ ক'তো কোনো নলা নাথাকে বুলি চৰকাৰে কৈছিল ।"

অন্যতম ব্যস্ত চহৰ গুৱাহাটী মহানগৰী বুলি উল্লেখ কৰি বৰাই কয়, "ইয়াত যদি মানুহৰ জীৱনৰ মূল্য ইমান কমি যায় তেন্তে বাকী দুৰ্গম অঞ্চলৰ মানুহৰ জীৱনৰ মূল্য এইখন চৰকাৰৰ ওচৰত কি আছে । এইবোৰ কথা ৰাজনৈতিক কাৰণত কোৱা নাই ৷ মুখ্যমন্ত্রীগৰাকীয়ে বুকুত হাত থৈ এই কথাটো চিন্তা কৰিলে ভাল হয় যে এই ঘটনাটোৰ বাবে প্ৰকৃতাৰ্থত কোনোবা জগৰীয়া হয়নে নহয় । শিশুটিৰ নামত ৰাস্তা এটা দিম বুলি কৈ মুখ্যমন্ত্রীয়ে দায় সাৰিব নোৱাৰে ৷ পৰিয়ালটোৰ আন এটা শিশুৰ ভৱিষ্যৎ কি হ'ব ।"

ভূপেন বৰাই এই পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায় । লগতে, নলাটো উন্মুক্ত হৈ থকাৰ বাবে কোন জগৰীয়া সেয়া নিশ্চিত কৰাৰ বাবেও বৰাই মুখ্যমন্ত্রীৰ প্ৰতি আহ্বান জনায় ।

উল্লেখ্য যে, বিগত বৃহস্পতিবাৰে জ্যোতি নগৰৰ নলাত পৰি সন্ধানহীন হোৱা 8 বছৰীয়া অবিনাশ সৰকাৰৰ মৃতদেহ 45 ঘণ্টাৰো অধিক সময়ৰ অন্তত দেওবাৰৰ পুৱা মহানগৰীৰ ৰাজগড়ৰ এটা নলাত উদ্ধাৰ হৈছিল ।

লগতে পঢ়ক: চিতাত কণমানি নিথৰ দেহটো : বুকুৱে-বুকুৱে ধুমুহা এজাক বোৱাই অবিনাশ গ’লগৈ - Minor Boy Swept Away in Drain

অবিনাশৰ সন্ধানত নলাই নলাই অভিযান প্ৰশাসনৰ - Minor boy drowns in drain

অবিনাশৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা - Minor boy drowns in drain

সাৰে আছেনে চৰকাৰ-প্ৰশাসন ? আৰু কিমানজন অবিনাশক হেৰুৱাব লাগিব ? - DRAINAGE SYSTEM OF GUWAHATI

উদ্ধাৰ হ’ল নিখোজ অবিনাশৰ ছেণ্ডেলযোৰ; নলাই নলাই সন্তানক বিচাৰি হাবাথুৰি দুৰ্ভগীয়া পিতৃৰ - Minor Boy Swept Away in Drain

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.