ETV Bharat / state

বিধানসভাক মুখ্যমন্ত্রীয়ে নিৰ্বাচন জয়ৰ বাবে এখন ক্ষেত্র হিচাপে লৈছে : ভূপেন বৰা - APCC president Bhupen Bora

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:07 PM IST

APCC president Bhupen Bora: ৰাজীৱ ভৱনত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাক ভৱিষ্যতৰ নিৰ্বাচনৰ বাবে এখন ক্ষেত্র হিচাপে লৈছে বুলি কটাক্ষ কৰি প্ৰিণ্টিং প্ৰেছত আৰক্ষীৰ অভিযান সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৰাই ।

APCC president Bhupen Bora react on Assam Assembly activity
ভূপেন বৰাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

গুৱাহাটী,৩০ আগষ্ট: "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাক ভৱিষ্যতৰ নিৰ্বাচনৰ বাবে এখন ক্ষেত্র হিচাপে লৈছে । ভৱিষ্যৎ প্ৰজন্মৰ বাবে বিধানসভাত একো আলোচনা নহয় । ভৱিষ্যতৰ নিৰ্বাচন কিদৰে জয়ী হ'ব পাৰি তাৰ চিন্তা কৰা হয় বিধানসভাত ।" - এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এন এছ ইউ আইৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত অংশ লোৱা ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত এইদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

ভূপেন বৰাই কয়, "বিধানসভাৰ এনে পৰিৱেশৰ বাবেই ৰাজ্যিক এন এছ ইউ আয়ে বিধানসভাৰ অধ্যক্ষক সাক্ষাৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । অধ্যক্ষক সাক্ষাৎ কৰি বিধানসভাত এদিনৰ বাবে নিবনুৱা সমস্যাৰ ওপৰত আলোচনা কৰাৰ বাবে দাবী জনাব । ইয়াৰ মূল থীমটো ল'ব লাগে যে ১২৬০০ খন দৰ্খাস্তৰ বিপৰীতে ৩২ লাখ আবেদন পৰাৰ পাছত যদি চৰকাৰ মৌন হৈ থাকে তেন্তে লাহে লাহে এই সমস্যাই কিমান ভয়াৱহ ৰূপ ল'ব ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে চহী সংগ্ৰহৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া:

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হাটাও অভিযানৰ বাবে একাংশ বিধায়কে চহী কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূপেন বৰাই । বৰাই কয়, "মই সভাপতি থকা নথকাক লৈ অসমৰ ৰাইজে ইমান চিন্তা কৰি থকা নাই । আমি অসমৰ লৰা-ছোৱালীখিনিক লৈ চিন্তা কৰাটো ভাল হ'ব । কংগ্ৰেছৰ ইতিহাসত মই চাগে একমাত্র সভাপতি, মই কেতিয়াও দিল্লী নেতৃত্বৰ ওচৰলৈ গৈ মোক সভাপতি দিয়ক বুলি কোৱা নাই । দিল্লীত মোৰ নেতাই জানে যে ভূপেন বৰা দলৰ এগৰাকী আনুগত্যশীল ব্যক্তি । যিকোনো মুহূৰ্তত দলৰ নিৰ্দেশ মই মানি লও । মোক লৈ স্বাক্ষৰ গ্ৰহণ কৰিছে নে নাই মই নাজানো । কিন্তু মোক দিল্লীৰ পৰা এটা মেছেজ দিলেই মই এক মুহূৰ্তৰ বাবেও নাথাকো ।

লগতে তেওঁ কয়,"এই ইচ্ছ্যুটোত বেছি লাগি থাকিলে মই কম যে একাংশ সংবাদ মাধ্যম মুখ্যমন্ত্রীৰ পাল্লাত পৰিছে । মুখ্যমন্ত্রীয়ে এটা জাতি আৰু ধৰ্মক লৈ বিধানসভা পৰিচালিত কৰিছে । যাৰ বাবে অংগনৱাড়ীৰ, ‍আশাকৰ্মীৰ, টেট শিক্ষকৰ, চাহ শ্ৰমিকৰ, ছয় জনগোষ্ঠীৰ, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ, ছয় নং দফাৰ কথা আলোচনা নহ'ল । কিমান কৌশলেৰে মুখ্যমন্ত্রীয়ে জ্বলন্ত সমস্যাসমূহ গাপ দিছে । যাৰ বাবে আজি ছাত্র সংগঠনে নিবনুৱা সমস্যাৰ আলোচনা বিচাৰি সভা অনুষ্ঠিত কৰিবলগীয়া হৈছে ।"

প্ৰিণ্টিং প্ৰেছত আৰক্ষীৰ অভিযান সন্দৰ্ভত প্ৰতিক্ৰিয়া :

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে বেনাৰ ছপা কৰা প্ৰিণ্টিং প্ৰেছত আৰক্ষীয়ে অভিযান চলোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভূপেন বৰাই । বৰাই কয়, "এগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ দায়িত্ব সহকাৰে কিবা ছপা কৰিবলৈ গ'লে প্ৰিণ্টিং প্ৰেছটো কেনেকৈ জগৰীয়া হ'ব পাৰে । আজি বিজেপি চৰকাৰৰ অপকৰ্ম, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ বিৰুদ্ধে আমি কংগ্ৰেছ দলেও পৰিকল্পনা কৰি আছো, বহুত কথা প্ৰিণ্ট কৰি ৰাইজক জনাব লাগিব ।"

ইয়াৰোপৰি APCC ৰ সভাপতিগৰাকীয়ে কয়,"আমি বিজেপিৰ বিৰুদ্ধে ইতিমধ্যে মহাভিযোগ উলিয়াইছিলো । মহাভিযোগ সঁচা নে মিছা মুখ্যমন্ত্রীয়ে এতিয়া কওক । মহাভিযোগ প্ৰিণ্ট কৰা প্ৰিণ্টিং প্ৰেছটোক আক্ৰমণ কৰাটো কাপুৰুষালি । গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰিম বুলি মুখ্যমন্ত্রীয়ে ভাবি আছে যদি ভুল ভাবি আছে । এতিয়া অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে । ভয় দেখুবাই লাভ নাই, জনসমৰ্থন কমি আহিছে । আপোনাৰ প্ৰতি ৰাইজৰ আস্থা-বিশ্বাস কমি আহিছে । আমি ২০২৬ লৈ অপেক্ষা কৰিব লাগিব ।''

লগতে পঢ়ক: অতীজৰে পৰা চলি অহা এক পৰম্পৰা বন্ধ কৰি হিমন্ত বিশ্ব শৰ্মাই একো বীৰত্ব প্ৰদৰ্শন কৰা নাই: প্ৰদ্যুৎ বৰদলৈ - Namaz Break of Assam Assembly

বিভাজন নীতিত ব্ৰিটিছতকৈ ওস্তাদ মুখ্যমন্ত্ৰী হিমন্ত: গৌৰৱ গগৈ - Gaurav Gogoi slams Assam CM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.