ETV Bharat / state

ৰাহুল গান্ধীৰ বক্তব্যক লৈ অপপ্ৰচাৰত লিপ্ত হৈছে বিজেপি নেতা : প্ৰদেশ কংগ্ৰেছ - Assam Pradesh Congress Slams BJP

Assam Pradesh Congress Slams BJP : ৰাহুল গান্ধীয়ে সত্যটো দেখুৱাই দি হিন্দু ধৰ্মৰ মহানতা দাঙি ধৰিছিল । হিন্দুত্বৰ কথা কোৱা বিজেপি দলত সেই মহানতা নাই । বিজেপি দল শাসনলৈ অহাৰ পাচত দেশত হিংসা-বিদ্বেষৰ পৰিৱেশ বৃদ্ধি হৈছে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মাৰ ।

Assam Pradesh Congress Slams BJP
ৰাহুল গান্ধীৰ মন্তব্যক লৈ বিজেপিয়ে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 8:20 PM IST

গুৱাহাটী, ২ জুলাই : বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ প্ৰসংগত সংসদত দিয়া ভাষণক লৈ বিজেপি নেতাই অপপ্ৰচাৰ চলোৱাৰ প্ৰয়াস কৰিছে । এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ । মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্রী ববিতা শৰ্মাই কয় যে সোমবাৰে সংসদত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে হিন্দু ধৰ্মৰ প্ৰসংগত শিৱৰ ফটো প্ৰদৰ্শন কৰি ভাষণ আগবঢ়াইছিল । কিন্তু ৰাহুল গান্ধীৰ এই ভাষণক লৈ বিজেপিৰ নেতাসকলে অপপ্ৰচাৰ চলোৱাৰ প্ৰয়াস কৰিছে ।

প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মাৰ সংবাদমেল (ETV Bharat Assam)

ৰাহুল গান্ধীয়ে সত্যটো দেখুৱাই দি হিন্দু ধৰ্মৰ মহানতা দাঙি ধৰিছিল । হিন্দুত্বৰ কথা কোৱা বিজেপি দলত সেই মহানতা নাই । তেওঁ কয় যে বিজেপি দল শাসনত অহাৰ পাচত দেশত হিংসা-বিদ্বেষৰ পৰিৱেশ বৃদ্ধি হৈছে আৰু সেইটো সম্পূৰ্ণ সত্য । যিটো ৰাহুল গান্ধীয়ে ভাষণত দাঙি ধৰিছিল ।

তেওঁ লগতে কয় যে বিজেপিশাসিত প্ৰতিখন ৰাজ্যতে হিংসা-বিদ্বেষৰ পৰিৱেশ বিদ্যমান । ৰাহুল গান্ধীয়ে কোৱা সত্য কথাক বিজেপি নেতাই সামজিক মাধ্যমযোগে বিপথে পৰিচালিত কৰি অপপ্ৰচাৰ চলোৱা পৰিপ্ৰেক্ষিত হৈছে । তেওঁ কয় যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই । কিন্তু বিজেপিৰ দিনত হিংসা আৰু বিদ্বেষৰ পৰিৱেশে বিৰাজ কৰিছে । চৰকাৰে বিভাজনৰ ৰাজনীতি কৰিব নালাগে বুলি উল্লেখ কৰি তেওঁ কয় যে বিজেপি শাসনলৈ অহাৰ পিচত হিংসা-বিদ্বেষ বৃদ্ধি পাইছে । বিজেপিৰ নেতাসকলে ৰাহুল গান্ধীৰ ভাষণক অন্যধৰণে উপস্থাপন কৰিছে বুলি তেওঁ কয় ।

আনহাতে, ৰাজ্যত হোৱা ভয়াৱহ বানৰ খবৰ ল'বলৈ প্ৰধানমন্ত্রীকে ধৰি কেন্দ্ৰীয় মন্ত্রীৰ আহৰি নাই বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ লগতে কয় যে পূৰ্বতেও অসমৰ বানৰ খবৰ ল'বলৈ তেওঁলোক কোনো অহা নাছিল । প্ৰসংগক্ৰমে তেওঁ কংগ্ৰেছৰ দিনত বানৰ খবৰ ল'বলৈ মনমোহন সিং, ছোনীয়া গান্ধী অহাৰ কথা উল্লেখ কৰে ।

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে ৰাজ্যত বানে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই পৰ্যন্ত ৪০ জনকৈ লোকৰ মৃত্যু হৈছে । ইফালে নিম্নমানৰ কামৰ বাবে আৰু মেৰামতিৰ অভাৱত ঠায়ে ঠায়ে মথাউৰি ছিগিছে । তেওঁ লগতে কয় যে নিম্নমানৰ কামৰ বাবে কলিয়াবৰৰ হাতীমূড়াত এটা মথাউৰি ছিগিছে । যিটো মথাউৰি ২০১৭ চনতো ছিগিছিল । মন্ত্রী কেশৱ মহন্তৰ ভাতৃ কৃষ্ণ মহন্তই ৬.৭০ কোটি টকা ব্যয়সাপেক্ষে এই মথাউৰিটো নিৰ্মাণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ এই ঘটনাৰ উচিত তদন্ত দাবী কৰে । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :সনাতন সংস্কৃতিক অপমান কৰাৰ অধিকাৰ ৰাহুল গান্ধীৰ নাই : ভৱেশ কলিতা - Bhabesh Kalita Slams Rahul Gandhi
লগতে পঢ়ক :ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাই অসমত বাল্যবিবাহ ৰোধত সহায় কৰিব : মুখ্যমন্ত্ৰী - Bharatiya Nagarik Suraksha Sanhita

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.