ETV Bharat / state

কলিয়াবৰত ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদী সভা - loksabha election2024

Loksabha election 2024: 'কা' বিৰোধী প্ৰতিবাদী সভাত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত অখিল গগৈৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দিয়ে ৰ’জলীনা তিৰ্কী আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই ৷

apcc leader bhupen bora comments on loksabha election candidate list
ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:21 PM IST

ভূপেন বৰা, ৰ’জলীনা তিৰ্কীৰ মন্তব্য

কলিয়াবৰ, 8 মাৰ্চ : শুকুৰবাৰে কলিয়াবৰত ৰাজ্যৰ বিৰোধী ঐক্য মঞ্চৰ 'কা' বিৰোধী প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ সভাত সমাগত লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজালে বিৰোধী ঐক্য মঞ্চই । কাজিৰঙা সংসদীয় সমষ্টিৰ সাম্ভাব্য প্ৰাৰ্থীৰ ক্ষেত্ৰত একপ্ৰকাৰৰ ঐক্যমতত উপনীত হোৱাৰ ইংগিত দিয়ে ঐক্য মঞ্চৰ মুখ্য মুখপাত্ৰ অখিল গগৈয়ে । প্ৰতিবাদী সভাত আঁত ধৰোতাৰ ভূমিকা লৈ ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ সময়ত অখিল গগৈয়ে কাজিৰঙা লোকসভা সমষ্টিৰ বাবে প্ৰাৰ্থী ৰূপে আগবঢ়াইছে বুলি অৱগত কৰে । কিন্তু অসম কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই এইক্ষেত্ৰত এক কৌশলপূৰ্ণ মন্তব্য কৰি কয় যে ঐক্য মঞ্চৰ মুখপাত্ৰ অখিল গগৈয়ে এই ক্ষেত্ৰত আশা কৰিব পাৰে । আশা কৰাক লৈ অখিল গগৈক প্ৰশ্ন কৰিব নোৱাৰি বুলিও মন্তব্য কৰে তেওঁ ।

আনহাতে ভূপেন বৰাই তৃণমূল কংগ্ৰেছ দল, আম আদমী পাৰ্টি আৰু কমিউনিষ্ট দলৰে দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত বুজাবুজি হ’ব বুলি উল্লেখ কৰে । সকলোৱে একেলগে অনাগত নিৰ্বাচনত যুঁজ দিয়াৰ কথাও তেওঁ সদৰী কৰে । কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কোন হ’ব সেই বিষয়ে সোধা এক প্ৰশ্নত আগন্তুক 11 তাৰিখেহে সিদ্ধান্ত ৰাজহুৱা কৰা হ’ব বুলি জানিবলৈ দিয়ে সভাপতিজনে ।

আনহাতে, ৰ’জলীনা তিৰ্কীয়ে কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থিত্ব ৰূপে আৱেদন কৰিছে । কিন্তু প্ৰাৰ্থিত্ব পোৱা-নোপোৱাটো দলীয় সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব । তথাপিও আশাবাদী চাহ জনগোষ্ঠীৰ মহিলা নেত্ৰী তথা সৰুপথাৰৰ প্ৰাক্তন বিধায়িকাগৰাকী । নাৰী দিৱসৰ শুভেচ্ছা জনাই তিৰ্কীয়ে কয় যে বিজেপি চৰকাৰৰ দিনত তেওঁ নাৰী সুৰক্ষিত নহয় বুলি ভাৱে ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাই নাৰীৰ সুৰক্ষা বিচাৰি মন্তব্য কাজিৰঙাৰ সম্ভাব্য প্ৰাৰ্থী কংগ্ৰেছ দলৰ ৰ’জলীনা তিৰ্কীৰ । আগন্তক লোকসভা নিৰ্বাচনক লৈয়ো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰ’জলীনা তিৰ্কীয়ে ।

লগতে পঢ়ক : গণতান্ত্ৰিকভাৱে কৰা প্ৰতিবাদ কোনেও বাৰণ কৰিব নোৱাৰে: অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.