ETV Bharat / state

যুঁজ এখন হ’ব ! চৰকাৰক সমালোচনা কৰি ক’লে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে - APCC in charge Jitendra Singh

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 2:17 PM IST

Political Affairs Committee meeting : অসম প্ৰদেশ কংগ্ৰেছৰ ইখনৰ পিচত সিখন বৈঠক । প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে দলীয় নেতা-কৰ্মীৰ পৰা বিচাৰিছে মতামত । আজি কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক ।

APCC Political Affairs Committee meeting
প্রদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক (ETV Bharat Assam)

গুৱাহাটী, ১৭ জুলাই: অসম প্ৰদেশ কংগ্ৰেছত বিগত দুদিন ধৰি চলিছে ইখনৰ পিছত সিখন বৈঠক ৷ সন্মুখত পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন । তাৰ বাবে প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে মন্থন ৷ বিশেষকৈ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনক লৈ কংগ্ৰেছে আৰম্ভ কৰিছে কুচকাৱাজ ৷ এই উদ্দেশ্য়ে বুধবাৰে প্রদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক আৰম্ভ হৈছে । এই বৈঠকৰ পূৰ্বেই সংবাদ মাধ্য়মৰ আগত ৰাজ্য় চৰকাৰক সমালোচনাৰে তুলাধুনা দিলে অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ।

অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক গৰাকীয়ে দুৰ্নীতি কেলেংকাৰীত নিমজ্জিত চৰকাৰে অসমৰ জনতাৰ তেজ শুহি খোৱা বুলি মন্তব্য় কৰি এই চৰকাৰৰ বিৰুদ্ধে ৰাইজক সজাগ কৰা হ’ব বুলি কয় । চৰকাৰৰ ২ হাজাৰ কোটিৰ অধিক ধাৰৰ বোজা আছে । আজিৰ এটি শিশুৱে জন্ম লৈয়ে ৫০ হাজাৰ টকা পৰ্যন্ত ধাৰ বহন কৰিব লাগিব বুলি তেওঁ মন্তব্য় কৰি কয়, "এইখন চৰকাৰৰ বিৰুদ্ধে যুঁজ চলিব । এই যুঁজৰ বিষয়ে আলোচনা কৰা হ'ব ।"

সোমবাৰৰ পৰা ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত হৈছে ইখনৰ পিচত আনখন বৈঠক ৷ এই বৈঠকতে উপ-নিৰ্বাচনক লৈ কংগ্ৰেছে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ সোমবাৰ আৰু মঙলবাৰে ৰাজীৱ ভৱনত চলা এই মন্থনৰ পিচত বুধবাৰেও কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটীৰ বৈঠক অনুষ্ঠিত হয় ৷

মহানগৰীৰ হোটেল লিলিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত বুধবাৰে বৈঠক অনুষ্ঠিত হয় ৷

এই বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে কয় যে আজিৰ বৈঠকত পৰৱৰ্তী সময়ত কংগ্ৰেছক কেনেদৰে শক্তিশালী কৰিব পাৰি সেই সন্দৰ্ভতো আলোচনা কৰা হ'ব । উপ-নিৰ্বাচনত কেনেদৰে শক্তিশালী কৰিব পাৰি এই বিষয়বোৰো আলোচনা কৰা হ'ব বুলিও তেওঁ কয় ।

ইপিনে,উপ-নিৰ্বাচন সন্দৰ্ভত কৰা এক প্ৰশ্ন সন্দৰ্ভত তেওঁ কয়, "উপনিৰ্বাচন সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতাই আলোচনা কৰিব ।" আনহাতে, অহা উপ-নিৰ্বাচনত বিৰোধী ঐক্য়ৰে মিত্ৰতা অব্য়াহত থকা সন্দৰ্ভতো অসম কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে মন্তব্য় কৰে । তেওঁ এই সন্দৰ্ভত কোনো সিদ্ধন্ত গ্ৰহণ কৰা নাই বুলি মন্তব্য় কৰি কয়," লোকসভা নিৰ্বাচনলৈকেহে এই মিত্ৰতা আছিল ।"

লগতে পঢ়ক:ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰ'ছ ভোটিং কৰাসকল কেতিয়াবাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে : জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

উপ-নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতৰ লক্ষ্য়ৰে তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ মাৰাথন বৈঠক - APCC in charge Jitendra Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.