ETV Bharat / state

বহু উজাগৰী নিশাৰ শেষত আকাশত উৰাৰ সপোন সঁচা হ’ল পৰাগৰ - DREAM TO FLY

বুকুত অদম্য সাহস আৰু বিশ্বাস লৈ আগবাঢ়িলে যে নিজৰ সপোনক বাস্তৱ ৰূপত দিব পাৰি তাৰ জ্বলন্ত উদাহৰণ দেখুৱালে গোলাঘাটৰ এখন ভিতৰুৱা গাঁৱৰ এজন যুৱকে ।

Dream to fly
আকাশত উৰাৰ সপোন সঁচা হ’ল পৰাগৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 28, 2024, 7:39 PM IST

গোলাঘাট: সৰুৰে পৰা আকাশত উৰি দেশ-বিদেশ ঘূৰি ফুৰা সপোন আছিল ল’ৰাজনৰ । লক্ষ্য আছিল মাত্ৰ এটাই- আকাশত উৰা ৷ সেই লক্ষ্যত উপনীত হ’বলৈ যিমান কষ্ট, ত্যাগ, অধ্যৱসায়‌ লাগে, যিমান উজাগৰী নিশা কটাব লাগে, সেয়া সকলো কৰিছিল তেওঁ ৷ আকাশত উৰাৰ সপোন সাৰ্থক কৰিবলৈ মনত অদম্য সাহস বান্ধি এখন ভিতৰুৱা গাঁৱৰ পৰা ওলাই গৈছিল ল’ৰাজন । সেই কষ্টৰ সুফল লাভ কৰি আজি ল'ৰাজন গাঁৱলৈ আহিছে পাইলট হৈ ।

গোলাঘাট জিলাৰ কমাৰবন্ধা নামচনীয়া গাঁৱৰ গাঁও প্ৰধান হৰেণ ‌বৰগোঁহাইৰ পুত্ৰ পৰাগজ্যোতি বৰগোঁহাই অৱশেষত দক্ষিণ আফ্ৰিকাৰ পৰা পাইলট হৈ ঘৰলৈ ওভতি আহিছে । তাৰ পাছতে যেন আনন্দত আত্মহাৰা হৈ পৰে পৰিয়ালৰ লোকৰ লগতে ওচৰ-চুবুৰীয়া । বাসগৃহত উপস্থিত হোৱাৰ পাছত পৰাগ বৰগোঁহাইক সকলোৱে উষ্ম আদৰণি জনায় ৷

আকাশত উৰাৰ সপোন সঁচা হ’ল পৰাগৰ (ETV Bharat)

সাংবাদিকৰ আগত পৰাগে ক’লে এই কৃতিত্ব অৰ্জনৰ আঁৰৰ কথা । তেওঁ কয়, ‘‘প্ৰথম অৱস্থাত পাইলটৰ প্ৰশিক্ষণ কি আৰু কেনেদৰে কৰা হয় সেয়া জনা নাছিলো ৷ কিন্তু সামাজিক মাধ্যমৰ পৰা আজিকালি কিছু আভাস ল'ব পাৰি । এজন পাইলট হ'বলৈ প্ৰথমতে সু-স্বাস্থ্যৰ অধিকাৰী হ'ব লাগিব ৷ তাৰ বাবে যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত পাইলটৰ প্ৰশিক্ষণ আৰম্ভ কৰিব পাৰে ৷ ভাৰতবৰ্ষত পাইলট হ'বলৈ ২০০ ঘণ্টা উৰণ সম্পূৰ্ণ কৰিব লাগিব, তাৰ পাছত আপুনি পাইলটৰ ডিগ্ৰী লাভ কৰিব ।’’

পৰাগে আৰু কয়, ‘‘প্ৰথমতে মই ঘৰৰ পৰাই অনলাইন শিক্ষা গ্ৰহণ কৰিছিলো, তাৰ পাছতে যাৱতীয় পৰীক্ষাত অৱতীৰ্ণ হওঁ ৷ ভাৰতবৰ্ষত খৰচৰ পৰিমাণ অলপ বেছি হোৱাৰ বাবে মই দক্ষিণ আফ্ৰিকালৈ প্ৰশিক্ষণৰ বাবে গুচি যাওঁ ৷ য'ত ভাৰতবৰ্ষতকৈ বহুত উন্নত মানৰ প্ৰশিক্ষণ লাভ কৰিব পাৰি । সৰুৰে পৰা মোৰ এটা সপোন আছিল আৰু সেই সময়ৰ এখন ধাৰাবাহিক আছিল ‘‘বিদেশত আপোন মানুহ’’, তাৰ পৰা মই কিছু আগ্ৰহী হৈছিলো বিদেশ ভ্ৰমণৰ বাবে ৷ লগতে বিদেশৰ লোকসকল কেনেদৰে বসবাস কৰে সেইবোৰ ব্লগ চাইছিলো ৷ মই ভ্ৰমণৰ প্ৰতিও বহু আগ্ৰহী, মোৰ পেচাই মোক অধিক সুবিধা প্ৰদান কৰিব ৷’’

‘‘ইতিমধ্যে মই প্লেন লৈ যাত্ৰা কৰি বেলেগ বেলেগ ৰাষ্ট্ৰলৈ গৈছো ৷ বিভিন্ন বিমান বন্দৰত অৱতৰণ কৰিছো আৰু অহা তিনি মাহৰ ভিতৰত মোৰ ডিগ্ৰী সম্পূৰ্ণ হ'ব । সকলোৰে মাজত ধনাত্মক আৰু ঋণাত্মক দিশ থাকে, কিন্তু আপুনি কি কৰিব তাৰ লক্ষ্য আগতে ঠিক কৰিব লাগিব ৷ কাৰণ মই বহু কষ্ট কৰিছিলো, বহু নিশা উজাগৰে থাকি সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ লগতে বিদেশৰ বহু পাইলটৰ লগত যোগাযোগ কৰি বহু কথা জানিব পাৰিছিলো ।’’ পৰাগে কয় ৷

‘‘উত্তৰ-পূৰ্বাঞ্চলত পাইলটৰ সংখ্যা তেনেই নগণ্য আৰু মই য'ত প্ৰশিক্ষণ গ্ৰহণ কৰি তাত বেছিভাগ প্ৰশিক্ষাৰ্থী ভাৰতবৰ্ষৰ বেলেগ বেলেগ ৰাজ্যৰ ৷ অসমৰ যুৱ প্ৰজন্মই কেৱল ডক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ চিন্তা নকৰি এই বৃত্তিলৈও আগবাঢ়ি যাব পাৰে ।’’ তেওঁ লগতে উল্লেখ কৰে ৷

আনহাতে পুত্ৰৰ সাফল্যত আনন্দিত পিতৃ হৰেণ বৰগোঁহায়ে কয়, ‘‘পুত্ৰৰ সাফল্যত গৌৰৱ অনুভৱ কৰিছো ৷ প্ৰথম অৱস্থাত তাক পঠিয়াবলৈ মন নাছিল যদিও তাৰ আগ্ৰহ দেখি পঠিয়াবলৈ বাধ্য হ’লো ৷ সেই সময়ত মোৰ ভিতৰত এটা ভয় আছিল কিন্তু এতিয়া আনন্দিত । এটা কথা সত্য কষ্ট কৰিলে সকলো সম্ভৱ ।’’ ইফালে এনে সাফল্যৰ বাবে কমাৰবন্ধা প্ৰেছ ক্লাবে পৰাগজ্যোতি বৰগোঁহাইক আনুষ্ঠানিকভাৱে সম্ভাষণ জনায় ।

লগতে পঢ়ক: সংৰক্ষণ বিজ্ঞানী ড৹ বিভৱ তালুকদাৰক “দ্য হেৰী মেছেল” বঁটা প্ৰদান]

2024 বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ সৈতে কি সম্পৰ্ক অসমৰ ড৹ ৰুবুল মাউতৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.