ETV Bharat / state

মিঞাগীতেৰে ভাবুকি অখ্যাত গায়কৰ: বাধ্যত পৰিহে কৰিলে ডিলিট - Controversial Song

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 7:59 PM IST

Updated : Aug 29, 2024, 8:05 PM IST

Miya community song in Assam : ‘‘অসম তোমাৰ বাপৰ নেকি, খালি মিঞাক খেদিব খোজা ৷ মিঞা জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা ৷’’ এয়া এটা গীতৰ কথাংশ ৷ যিটো গীতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যত ৷

Miya community song in Assam
মিঞাৰ সমৰ্থনত এইবাৰ বিতৰ্কিত গীত (Photo: FB/Afrid Studio 24)

নিউজ ডেস্ক, ২৯ আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সততে মিঞা জনগোষ্ঠীৰ বিৰুদ্ধে সৰৱ হৈ থকা দেখা গৈছে ৷ বিধানসভাৰ ভিতৰে-বাহিৰেও এতিয়া কেৱল মিঞা প্ৰসংগ ৷ সমান্তৰালকৈ উজনি অসমত চলিছে মিঞাবিৰোধী অভিযান ৷ মুঠৰ ওপৰত ৰাজ্যত এতিয়া ‘মিঞা’ এক চৰ্চাৰ বিষয় হৈ পৰিছে ৷

মিঞাৰ প্ৰসংগত বিভিন্ন মন্তব্য চৰ্চিত হৈ থকা সময়তে বৃহস্পতিবাৰে চৰ্চালৈ আহিল এটা বিশেষ গীত ৷ যিটো গীতৰ স্থায়ী অংশতে আছে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব পৰা কথাংশ ৷ গীতটো কোনে ৰচনা কৰা, পৰিকল্পনা কাৰ সেইসমূহ এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও সম্প্ৰতি সৰ্বত্ৰ বিয়পি পৰিছে গীতটো ৷

আলতাপ হুছেইন নামৰ অখ্যাত এগৰাকী যুৱকে কণ্ঠ দিয়া গীতটোৰ স্থায়ীত লিখা হৈছে, ‘‘অসম তোমাৰ বাপৰ নেকি, খালি মিঞাক খেদিব খোজা/অপৰাধ সকলোৱে কৰে, খালি মিঞাৰ দোষ দিয়া ৷ দেশটো তোমাৰ বাপৰ নেকি, খালি মিঞা মিঞা কৰি থাকা/এজনে অপৰাধ কৰিলেই গোটেই জাতিক দোষ দিয়া ৷’’

ঢোল সংগত কৰি প্ৰস্তুত কৰা বিহুসুৰীয়া গীতটোৰ দৃশ্যাংশত অভিনয় কৰিছে খোদ কণ্ঠদান কৰা যুৱকজনে ৷ Afrid Studio 24ৰ ৱাটাৰমাৰ্ক সম্বলিত ভিডিঅ’টোত সংলগ্ন কৰা হৈছে শেহতীয়াকৈ ৰাজ্যত সংঘটিত বহুকেইটা বিক্ষিপ্ত ঘটনাৰ দৃশ্য ৷

গীতটোৰ প্ৰথমটো অন্তৰাৰ কথাংশ এনেধৰণৰ- ‘‘তুমি কাৰ উচটনিত সাম্প্ৰদায়িক জুই জ্বলাই দিয়া/মিঞা জাগিলে কিন্তু নিজৰ নাম পাহৰি যাবা ৷’’ স্থায়ী অংশৰ পুনৰাবৃত্তি কৰি গোৱা হৈছে- ‘‘অধিকাৰ সকলোৰে আছে পাহৰি কিয় যোৱা ৷’’ ইয়াৰ পিছতে ধৰ্ষণকাৰীৰ প্ৰসংগত লিখা হৈছে গীতটোৰ আন এটা অন্তৰা ৷ য’ত লিখা হৈছে- ‘‘তোমাৰ মন্দিৰতো পূজাৰীয়ে ধৰ্ষণ কৰি ফুৰে/সেইবিলাক নেদেখি খালি মিঞাত চকু পৰে, তোমাৰ ধৰ্মৰ মানুহ আছে কিমান চুৰি-ডকাইতি কৰে/সেই বিলাক নেদেখি খালি মিঞাক টাৰ্গেট কৰে ৷’’ এই অংশটোত সন্নিৱিষ্ট কৰা হৈছে বিগত সময়ত ৰাজ্যত হিন্দু লোকৰ দ্বাৰা সংঘটিত ধৰ্ষণকাণ্ডৰ বাতৰিৰ দৃশ্য ৷

ইয়াৰ পিছতে গীতটোৰ কথাংশলৈ অনা হৈছে শংকৰ-আজান, লাচিত বৰফুকনৰ প্ৰসংগ ৷ কোৱা হৈছে- ‘‘শংকৰ-আজান, লাচিত মামাৰ সোণৰ অসমদেশ/জাতি-ধৰ্ম, ভাষা-বৰ্ণৰ মহাসমাৱেশ, হিন্দু-মুছলিম ৰাজনীতি বন্ধ কৰি দিয়া/ মিলিজুলি নিজৰ ৰাজ্যক আগুৱাই লৈ যোৱা ৷’’ উল্লেখ্য যে গীতটোৰ দৃশ্যাংশত সন্নিৱিষ্ট কৰা হৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ভিডিঅ’ও ৷ ইয়াৰ দ্বাৰা অনুমান কৰিব পৰা যায় যে মুখ্যমন্ত্ৰীগৰাকীক লক্ষ্য কৰিয়েই গীতটো নিৰ্মাণ কৰা হৈছে ৷

বৃহস্পতিবাৰে বিতৰ্কিত গীতটোৱে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ পিছত Afrid Studio 24ৰ পৰা ডিলিট কৰি দিয়া হয় গীতটো ৷ গীতটোত কণ্ঠদান কৰা আলতাপ হুছেইনে সামাজিক মাধ্যমযোগে কয়, ‘‘গীতটো ভাইৰেল হোৱাৰ পিছতে আমালৈ বহু ওপৰৰ পৰা হেঁচা দিয়া হৈছে ৷ বাধ্যত পৰি গীতটো ডিলিট কৰিলো ৷ উচটনিমূলক কথা কোৱা নাছিলো, কিন্তু বাধ্যত পৰি ডিলিট কৰিবলগীয়া হ’ল ৷ যিসকলে গানটো ডাউনলোড কৰি শ্বেয়াৰ কৰিছে, অনুগ্ৰহ কৰি ডিলিট কৰি দিয়ক ৷ যদিহে আপুনি শুনি ভাল পাইছে অকলে অকলে শুনি থাকক, কিন্তু ৰাজহুৱা নকৰিব ৷’’

লগতে পঢ়ক : এইবাৰ শ্বহীদৰ নামত থকা ভূমিত মিঞাৰ আগ্ৰাসনৰ অভিযোগ, গৰজি উঠিছে থলুৱা দল-সংগঠন

হিন্দু মুছলমান প্ৰসংগক লৈ পুনৰ উত্তপ্ত বিধানসভা : ১০ মিনিটৰ বাবে স্থগিত সদন

মিঞা অধ্যুষিত অঞ্চলৰ মাছ অনা ব্যৱসায়ীক বাধা : দুই নেতাক আটক

Last Updated : Aug 29, 2024, 8:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.