ETV Bharat / state

বানত দিক-বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 3, 2024, 10:59 PM IST

Tiger menace : বানৰ মাজতে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰে নগাঁৱৰ জেঙনি অঞ্চলত ৷ ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি জিলা দণ্ডাধীশৰ । 163 ধাৰাৰ অধীনত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা । ইফালে বিহালীতো বাঘৰ আতংক ৷ এজন লোকক বাঘে টানি নিয়াৰ সন্দেহ ৷

Assam Flood 2024
Tiger menace (ETV Bharat Assam)

নগাঁও/বিশ্বনাথ ৩ জুলাই: বানৰ কবলত পৰি লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে বুধবাৰে পুৱাৰ পৰাই এক আতংকময় পৰিবেশ সৃষ্টি কৰিছে নগাঁও জিলাত । এফালে বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বাঘৰ মুক্ত বিচৰণক আতংকিত হৈ পৰিছে নগাঁৱৰ উত্তৰাঞ্চলৰ বাসিন্দা ।

বানত দিক বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা (ETV Bharat Assam)

নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ নগাঁও ৰেঞ্জৰ অন্তৰ্গত জেঙনি অঞ্চলৰ (ধিং ৰাজহ চক্ৰৰ ধিং থানাৰ অন্তৰ্গত) জনবসতি প্ৰধান এলেকাত এটা বাঘে বিচৰণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত বাঘটো আৰু জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ (১) ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে ।

এই নিষেধাজ্ঞা অনুসৰি উক্ত এলেকাত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাবেশ নিষিদ্ধ কৰা হৈছে । কোনো লোকে আগ্নেয়াস্ত্ৰ, মাৰাত্মক অস্ত্ৰ, ধনু-কাঁড় কঢ়িয়াই নিয়া নিষিদ্ধ কৰা হৈছে । বাঘটো বিচৰণ কৰি থকা স্থানত কোনো ধৰণৰ চিঞৰ-বাখৰ বা উচ্চ শব্দ কৰা বা আন কোনো ধৰণে শান্তি-শৃংখলা ভংগ কৰা কার্যও নিষিদ্ধ কৰা হৈছে । তদুপৰি যিকোনো ব্যক্তিৰ দ্বাৰা পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলক অসুবিধা সৃষ্টি কৰা কাৰ্য, প্ৰতিৰোধ প্ৰদান কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে ৷ যাতে উক্ত বিষয়াসকলে বাঘটোক আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে ।

লগতে পঢ়ক: দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

উল্লেখযোগ্য যে, বুধবাৰে পুৱাৰ পৰা মুক্ত বিচৰণ কৰি থকা বাঘটোক ট্ৰেংকুলাইজৰ জৰিয়তে অভয়াৰণ্যত মুকলি কৰি দিয়াৰ বাবে বন বিভাগে পুৱাৰ পৰা চেষ্টা অব্যাহত ৰাখিছে যদিও এই বাটৰ প্ৰস্তুত কৰা সময়লৈকে ট্ৰেংকুলাইজ কৰিব পৰা নাই বাঘটোক ।

বিহালীত বাঘে টানি নিলে এজনক:

ইফালে বুধবাৰে দিনৰ ভাগত বিহালী সমষ্টিৰ ৰাংছালী দলনিত এটা বাঘৰ মুক্ত বিচৰণে অঞ্চলটোৰ ৰাইজক আতংকিত কৰি তুলিছে । বাঘ ওলোৱা স্থানত কৰ্মৰত অৱস্থাত থকা ৰাংছালী দলনি গাঁৱৰ হুছেইন আলী নামৰ লোকজনক দিনৰ 12 মান বজাত বাঘটোৱে আক্ৰমণ কৰি লৈ যোৱাৰ সন্দেহ কৰে স্থানীয় ৰাইজে । বৰ্তমান সময়লৈকে উক্ত লোকজন নিৰুদ্দেশ হৈ আছে ৷ লোকজনে ব্যৱহাৰ কৰা চেন্দেল আৰু দা এখন উদ্ধাৰ হৈছে ।

ইফালে ৰাইজে সন্দেহ কৰিছে যে হুছেইন আলীক আক্ৰমণ কৰি বাঘটোৱে ভক্ষণ কৰিবলৈ নিছে । আনহাতে বন বিভাগৰ দলে উদ্ধাৰ অভিযান লেহেমীয়া গতিত চলোৱা বুলি অভিযোগ কৰে ৰাইজে । ৰাইজৰ অভিযোগ মতে, দিনৰ 12 বজাত বাঘ ওলোৱাৰ খবৰ দিয়া পিচতো বন বিভাগকে কোনো গুৰুত্ব নিদি বহু পলমকৈ উপস্থিত হয় ঘটনাস্থলীত ।

উত্তেজিত ৰাইজে সন্ধিয়া বন বিভাগৰ লোকক ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা লগতে বাঘটো আৰু নিৰুদ্দেশ হৈ থকা লোকজনৰ সন্ধান উলিয়াবলৈ দাবী জনায় । ঘটনাস্থলীত বিহালী আৰক্ষী আৰু বৰগাং আৰক্ষীৰ লগতে বন বিভাগৰ দল উপস্থিত হৈ বাঘটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: এফালে বান-আনফালে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত আহত দুজন - Tiger scare in Nagaon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.