লখিমপুৰ, ২৬ জুলাই : পূজা, কল্যাণ আৰু খ্ৰীষ্ট- এই তিনিও আছিল অসমৰ সন্তান ৷ কিন্তু তেওঁলোক এতিয়া আমেৰিকাৰ বাসিন্দা ৷ ওপজা মাটিৰ চিনাকি, ওপজা মাটিৰ গোন্ধ এৰি তেওঁলোক হ’লগৈ আমেৰিকাৰ নাগৰিক ৷
লখিমপুৰৰ পূজা আৰু কল্যাণে ওপজা মাটিৰ মোহ এৰিছিল ২০১৮ চনত ৷ ২০১৮ চনৰ ৯ আগষ্টত তেওঁলোক দুয়োয়ে জন্মভূমিক এৰি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ আমেৰিকালৈ গুছি গৈছিল ৷ জনমভূমিৰ ঠিকনা এৰি তেওঁলোকে লাভ কৰিছিল নতুন পৰিচয় ৷ তেওঁলোক আমেৰিকাৰ নাগৰিক হ’ল৷ আঁকোৱালি ললে আমেৰিকাৰ ভাষা, কলা-সংস্কৃতিক ৷ গ্ৰহণ কৰিলে আমেৰিকাৰ নাগৰিকত্ব ৷
পূজা আছিল বিশেষভাৱে সক্ষম ৷ পিতৃ-মাতৃৰ পৰিচয়বিহীন পূজা আৰু কল্যাণে নতুনকৈ পালে পিতৃ-মাতৃৰ বুকুৰ উম ৷ আমেৰিকাৰ ব্ৰকোম ইন্টেনৰ দম্পতী লুকি এডকইন নেলচন আৰু লুচিয়ান নমি ৱাডে নেলচনে বিধিগত প্ৰক্ৰিয়াৰে পূজাৰ পিতৃ-মাতৃৰ অভাৱ দূৰ কৰি নিজৰ সন্তান কৰি ল’লে ৷ আমেৰিকাৰ নাগৰিক হৈ পৰিল পূজা ৷ তেওঁলোকৰ কোলাত উঠি, সমনীয়াৰে খেলি পূজাই পাহৰিলে ওপজা মাটিৰ চিনাকি গোন্ধ ৷ তেনেদৰে পূজাৰ সৈতে একেদিনাই আকাশীযানেৰে আমেৰিকালৈ গ’লগৈ কল্যাণ ৷
আমেৰিকাৰ জেফ্ৰি ফিৰ্চন ৱাৰ্লে আৰু ষ্টেফিৰিন মেৰীয়া ৱাৰ্লে দম্পতীৰ কোলা শুৱনি কৰি ওপজাভূমি এৰি আমেৰিকা পালেগৈ কল্যাণ ৷ ইয়াৰ পিচতে ২০২২ চনত পুনৰ আমেৰিকা পালেগৈ খ্ৰীষ্ট৷ পিতৃ-মাতৃৰ পৰিচয়বিহীন খ্ৰীষ্টকো বুকুৰ উম দি সাবটি ল’লে আমেৰিকাৰ এক দম্পতীয়ে ৷ পূজা, কল্যাণ আৰু খ্ৰীষ্ট এতিয়া আমেৰিকাৰ নাগৰিক ৷ ওপজা ঠাইত পিতৃ-মাতৃৰ পৰিচয় অথবা বুকুৰ উম নাপালেও তেওঁলোক এতিয়া সুখী ৷
ভৌগোলিক বিচ্ছিন্নতা থাকিলেও এইখন ধৰাতে তেওঁলোকক পিতৃ-মাতৃৰ বুকুৰ উম দি কোনোবাই ডাঙৰ-দীঘল কৰিছে ৷ হয়তো তেওঁলোকে এতিয়া পাহৰিলে জন্মভূমিৰ কথা ৷ জন্মৰ পিচৰ কথাবোৰ নৌ-বুজোতেই তেওঁলোক আঁতৰি গ’ল ওপজা মাটিৰ মোহ এৰি ৷ এয়া সম্ভৱ হ’ল লখিমপুৰৰ এটা বিশেষ অনুষ্ঠানৰ বাবে ৷
লখিমপুৰ নগৰত ২০১২ চনতে স্থাপন কৰা ‘বিশেষ শিশু দত্তক মৰম’ নামৰ অনুষ্ঠানটোৰ জৰিয়তে ঠিকনাবিহীন, পিতৃ-মাতৃৰ পৰিচয়বিহীন শিশুৱে এতিয়া এনেদৰে মানুহ হৈ জীয়াই থকাৰ সুযোগ লাভ কৰিছে ৷ উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰতে এক অগ্ৰণী স্বেচ্ছাসেৱক অনুষ্ঠান আছে লখিমপুৰ জিলাত ৷ জাগৃতি নামৰ এই অনুষ্ঠানটোৰ অন্যতম ভাগ হ’ল এই ‘বিশেষ শিশু দত্তক মৰম’ নামৰ অনুষ্ঠানটো ৷ অনুষ্ঠানটোত এতিয়ালৈকে এনে ৯৪ টা শিশুৰ পঞ্জীয়ন হৈছে ৷
ইয়াৰ ভিতৰত ইতিমধ্যে ৫৬ টা শিশুক বিধিগত প্ৰক্ৰিয়াৰে কোনো সন্তানহীন অথবা মানৱতাবাদী দম্পতীয়ে তুলি লৈছে ৷ তাৰ ভিতৰত পূজা, কল্যাণ আৰু খ্ৰীষ্ট অন্যতম ৷ তেওঁলোকক আমেৰিকাৰ দম্পতীয়ে তুলি লৈছে ৷ বিভিন্ন কাৰণত আশ্ৰয়বিহীন হৈ পৰা শিশুক প্ৰচলিত নিয়ম-নীতিৰ মাজেৰে আনি এই অনুষ্ঠানত পৰিচৰ্যা কৰি ৰখা হয় ৷
পৰৱৰ্তী সময়ত পিতৃ-মাতৃৰ পৰিচয় ওলালে নাইবা কোনো দম্পতীয়ে তুলি ল’বলৈ বিচাৰিলে নীতিগত প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকৰ কোলাত তুলি দিয়া হয় ৷ পিছে এনে শিশুৰ সান্নিধ্যত থাকি, শিশুৰ কলকলনি শুনি আপোন বিভোৰ হৈ পৰা অনুষ্ঠানটোৰ কৰ্মকৰ্তা হৰকান্ত আচাৰ্য অথবা সুনীল দেউৰী আদিয়ে যেতিয়া শিশুটিক পুনৰ কাৰোবাৰ কোলাত তুলি দিবলগীয়া হয় তেতিয়া তেওঁলোকৰো হৃদয়ত অকণমান বেদনা অনূভৱ কৰে ৷
নিষ্পাপ শিশুৰ কাকলিৰ মাজত থাকি তেওঁলোকক চেনেহৰ ডোলেৰে বান্ধি ৰখাৰ পিচত কাৰোবাৰ কোলাত তুলি দিবলৈ যাওতে তেওঁলোকে বেদনা অনুভৱ কৰিলেও সন্তুষ্টিও লাভ কৰে ৷ কিয়নো সেইদিনাৰ পৰা শিশুটিৱে পিতৃ-মাতৃৰ বুকুৰ উম পাব ৷ মানুহ হিচাপে জীয়াই থাকিবলৈ এটা ঠিকনা পাব ৷ এনে কৰ্মৰ মাজেৰেই যেন প্ৰতিফলিত হৈছে "মানুহে মানুহৰ বাবে..."ৰ যথাৰ্থতা ৷
লগতে পঢ়ক : ধনশিৰিৰ আৰ্জিনা হ'লগৈ ইটালীৰ নাগৰিক