ETV Bharat / state

বিজেপিৰ সদস্য হ'লেহে এই চৰকাৰৰ দিনত পাব চৰকাৰী আঁচনি - ALLEGATION OF SCAM IN ORUNODOI

বিজেপিত যোগদান নকৰা বাবে আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে প্ৰকৃত হিতাধিকাৰীক ৷ এটা অডিঅ’ ক'ল ৰেকৰ্ডিঙে উদঙাইছে প্ৰকৃত সত্য ৷

ALLEGATION OF SCAM IN ORUNODOI
বিজেপিত যোগদান নকৰা বাবে আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে প্ৰকৃত হিতাধিকাৰীক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

ডিব্ৰুগড়: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এখনৰ পাছত আন এখন অভিলাষী আঁচনি ৰূপায়ণ কৰি অসমক ভাৰতবৰ্ষৰ পাঁচখন উন্নত ৰাষ্ট্ৰৰ সমান কৰা হ'ব বুলি ঘোষণা কৰিছে । আনকি প্ৰতিখন জনসভাতেই ঘোষণা কৰিছে যে প্ৰতিজন প্ৰকৃত হিতাধিকাৰীয়ে লাভ কৰিব লাগিব চৰকাৰী আঁচনিৰ সুবিধা । চৰকাৰী আঁচনি ৰূপায়ণত অনিয়ম সংঘটিত কৰা প্ৰতিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা পাছতো চৰকাৰী আঁচনি প্ৰদানত চলিছে ৰাজনীতি ।

লগতে পঢ়ক: লক্ষ্য় নির্বাচন: আৰম্ভ হৈছে অৰুণোদয় হিতাধিকাৰীৰ ৰাজনীতি

বিজেপি দলৰ সদস্য হ'লেহে এই চৰকাৰৰ দিনত লাভ কৰিব চৰকাৰী আঁচনি, তেনে নীতি প্ৰয়োগ কৰিছে একাংশ বিজেপিৰ নেতা, পালিনেতাই । ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিত অৰুণোদয় আঁ‌চনিক লৈ আৰম্ভ হৈ গৈছে ভয়ংকৰ ৰাজনীতি । অৰুণোদয় আঁ‌চনিৰ বাবে হিতাধিকাৰীসকলক চৰকাৰে আবেদন কৰিবলৈ আহ্বান জনোৱাৰ সময়তে খোৱাং সমষ্টিৰ অন্তৰ্গত খোৱাং কাৱৈমাৰীৰ কৈৱৰ্ত গাঁ‌ৱত বিজেপিৰ এজন বুথ সভাপতিয়ে এনে নিকৃষ্ট ৰাজনীতি কৰাৰ কথা ৰাজহুৱা হৈছে ।

এটা অডিঅ’ ক'ল ৰেকৰ্ডিঙে উদঙাইছে এই কুটিল ৰাজনীতিৰ প্ৰকৃত সত্যতা । হিতাধিকাৰীক আঁ‌চনি প্ৰদানৰ নামত ৰাজনীতি কৰাৰ অভিযোগ উঠিছে খোৱাং কাৱৈমাৰীৰ বিজেপিৰ বুথ কমিটিৰ সভাপতি ফুকন দাসৰ বিৰুদ্ধে । ক'ল ৰেকৰ্ডিঙত বিজেপিৰ বুথ কমিটিৰ সভাপতিজনে স্পষ্টকৈ কৈছে যে যদি আঁ‌চনি লাগে বিজেপিত জইন কৰা । প্ৰথমে বিজেপি কৰ্মীসকলকহে এই আঁ‌চনি দিয়া হ'ব । বুথ সভাপতিজনৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কাৱৈমাৰী গাঁ‌ৱৰ ৰাইজ ।

লগতে পঢ়ক: কোনে অৰুণোদয়ৰ বাবে আবেদন কৰিব পাৰিব ? কোন হ’ব নোৱাৰিব ইয়াৰ হিতাধিকাৰী ? - Assam Orunodoi scheme

বানে জুৰুলা কৰা দৰিদ্ৰ পৰিয়ালকেইটাক লৈ কৰা এই ৰাজনীতি কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিছে ৰাইজে । অভিযোগ অনুসৰি বিজেপিৰ ফুকন দাস নামৰ ব্যক্তিজনে হেনো চৰকাৰৰ সকলো আঁ‌চনিতে কংগ্ৰছ, বিজেপিৰ ৰাজনীতি কৰে । ফলত অঞ্চলটোৰ প্ৰকৃত হিতাধিকাৰীসকলে লাভ কৰা নাই চৰকাৰী আঁচনিৰ সুবিধা । মুখ্যমন্ত্ৰীয়ে প্ৰকৃত হিতাধিকাৰীৰ কথা কৈ থকা সময়ত এনে অভিযোগ উত্থাপিত হোৱাৰ পাছত সমগ্ৰ বিষয়টো চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

কংগ্ৰেছী হোৱা বাবেই আঁচনিৰ পৰা বঞ্চিত কৰাৰ অভিযোগ ৰাইজৰ :

কংগ্ৰেছ দলৰ কৰ্মী হোৱা বাবেই চৰকাৰী আঁচনি দিব নোৱাৰিম বুলি বিজেপিৰ নেতাই কৈ দিয়াৰ পাছতে আঁচনিৰ পৰা বঞ্চিত হোৱা খোৱাং সমষ্টিৰ কাৱৈমাৰীৰ কৈৱৰ্ত গাঁ‌ৱৰ একাংশ লোক এতিয়া ক্ষুব্ধ হৈ পৰিছে । আজি আঁচনিৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে কয়, "আমি খেতি কৰি যেনে তেনে অতি কষ্ট কৰি জীৱন অতিবাহিত কৰিছো ৷ কিন্তু কৃষক নিধি, অৰুণোদয়, ৰেচন কাৰ্ড একো লাভ কৰা নাই । পুনৰ অৰুণোদয়ৰ বাবে নতুন ফৰ্ম দিছে যদিও আমি কংগ্ৰেছ দলক ভোট দিয়া বাবেই ফৰ্ম বিতৰণ কৰি থকা বিজেপি নেতাই ফৰ্ম দিব নোৱাৰিম বুলি জনাইছে । কিয় আমাক আঁচনিৰ বাবে যোগ্য হোৱাৰ পাছতো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে তাৰ উত্তৰ লাগে আমাক ।" এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী আঁচনিৰ পৰা বঞ্চিত ৰাইজৰ ।

লগতে পঢ়ক: ৰাজ্যত মুকলি অৰুণোদয় 3: আবেদনৰ পৰা ধন লাভলৈকে সকলো খৰচি মাৰি জানি লওক - Assam Orunodoi scheme

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.