ETV Bharat / state

চাহ জনজাতিক লৈ কোনে খেলিছে হেতালি ? - Tea Tribe Community

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:13 PM IST

Allegations of forgery: চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ বিতৰণক লৈ জালিয়াতিৰ অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷ বৃহৎ অংকৰ ধন লৈ অনা চাহ জনজাতীয় লোকক প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ সংগঠনটোৰ ৷ যাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট শাখা চাহ মজদুৰ সংঘৰ সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ গোলাঘাট আৰক্ষী থানাত এজাহাৰ আটছাৰ ৷

Allegations of forgery in distribution of caste certificates of tea tribe
জাতিগত প্ৰমাণপত্ৰ বিতৰণত জালিয়াতিৰ অভিযোগ (ETV Bharat Assam)

গোলাঘাট,২৬ জুন: অসম চাহ মজদুৰ সংঘৰ গোলাঘাট জিলা কাৰ্যালয়ৰ অন্তৰ্ভাগত ব্যাপক দুৰ্নীতিৰ অভিযোগ । সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে ভাগে ভাগে উত্থাপন হৈছে অনিয়মৰ অভিযোগ । প্ৰথমে বৃহৎ অংকৰ ধন লৈ অনা চাহ জনগোষ্ঠীয় লোকক চাহ জনগোষ্ঠীৰ জাতিগত প্ৰমাণপত্ৰ বিতৰণ কৰাৰ অভিযোগ চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ বিৰুদ্ধে ৷

২০২২ বৰ্ষত গোলাঘাট বৰপথাৰৰ অনিন্দিতা মণ্ডল নামৰ বেংগলী সম্প্ৰদায়ৰ এগৰাকী যুৱতীক ভূৱা প্ৰমাণপত্ৰ বিতৰণ কৰি চাহ জনগোষ্ঠীৰ সংৰক্ষিত আসনত চিকিৎসা সেৱা অধ্যয়ন কৰাৰ সুবিধা কৰি দিয়াৰ পাচত তেওঁৰে ভাতৃ হিৰণ্ময় মণ্ডলক MBBS পাঠ্যক্ৰমত চাহ জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনত নাম ভৰ্তি কৰিবলৈ চাহ জনজাতি সন্মিলনিৰ সভাপতি মুনীন গৌতম চাওৰাই ধনৰ বিনিময়ত চাহ জনজাতিৰ বুলি ভূৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ চাহ জনজাতি ছাত্ৰ সন্থাই ৷

সমগ্ৰ বিষয়টো সন্দৰ্ভত আটছা অৱগত হোৱাৰ পিচত ঘটনাটোৰ তদন্ত কৰিবলৈ আৰক্ষীৰ ওচৰত দাখিল কৰে এখন এজাহাৰ ৷ আটছাৰ অভিযোগ- বৃহৎ চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰি অসম চাহ মজদুৰ সংঘৰ গোলাঘাট শাখাৰ সভাপতি পবিত্ৰ জাল আৰু চাহ জনজাতি জাতীয় সন্মিলনৰ গোলাঘাট জিলাৰ অধ্যক্ষ মুনীন গৌতম চাওৰাই অনা চাহ জনগোষ্ঠীৰ লোকক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰিছে ৷

যিসময়ত চাহ জনগোষ্ঠীৰ বাবে বিভিন্ন শিতানত চৰকাৰে আসন সংৰক্ষিত কৰিছে তেনে সময়ত বৃহৎ অংকৰ বিনিময়ত অনা চাহ জনগোষ্ঠীৰ লোকক জাতিগত প্ৰমাণপত্ৰ প্ৰদান কৰি জনগোষ্ঠীটোক প্ৰতাৰণা কৰিছে ৷ যাৰ বাবে আটছাৰ গোলাঘাট শাখাই সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত বিচাৰি দোষীক উচিত শাস্তি দিবলৈ গোলাঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক: কমি আহিছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধিৰ সংখ্যা - Tea Tribe Community

টিকটৰ বিনিময়ত পইচা বিচাৰে ভূপেন বৰাই : মনোজ ধানোৱাৰ - Tea tribe leader ministry issue

ডিব্ৰুগড়ত আমাৰ জয় অৱশ্যম্ভাৱী: সৰ্বানন্দ সোণোৱালৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.