ETV Bharat / state

নামৰূপ সাৰ কাৰখানাত সাৰ কেলেংকাৰীৰ অভিযোগ; তদন্তৰ দাবীত আছুৰ প্ৰতিবাদ - AASU protest at BVFCL

AASU Protest at Namrup Fertilizer Company : উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাত সাৰ কেলেংকাৰীৰ অভিযোগ । সাৰ কাৰখানাটোত সংঘটিত দুৰ্নীতিৰ উচিত তদন্তৰ দাবীত আছুৰ প্ৰতিবাদ ।

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 10:22 PM IST

AASU Protest at Namrup Fertilizer Company
নামৰূপ সাৰ কাৰখানাত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

মৰাণ, ২২ জুলাই : দেশৰ বিভিন্ন প্ৰান্তত বন্ধ হৈ থকা ৰাসায়নিক সাৰ উদ্যোগ পুনৰুজ্জীৱিত কৰাৰ সময়ত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰা নাই চৰকাৰে । কিন্তু ইয়াৰ মাজতে নামৰূপ সাৰ কাৰখানাত ব্যাপক সাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

বিভিন্ন সময়ত এই অভিযোগ উত্থাপিত আহিছে যদিও দুৰ্নীতিৰ তদন্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সাৰ কাৰখানা কৰ্তৃপক্ষ তথা কেন্দ্ৰীয় চৰকাৰে । আনহাতে, দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰলৈ বহুবাৰ পত্ৰ প্ৰেৰণ কৰা পাচতো সাৰ কাৰখানাত সংঘটিত দুৰ্নীতিৰ কোনো তদন্ত নোহোৱাত সোমবাৰে সাৰ কাৰখানাৰ প্ৰৱেশদ্বাৰত নামৰূপ আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নামৰূপ সাৰকাৰখানত সংঘটিত কোটিটকীয়া ৰাসায়নিক সাৰৰ কেলেংকাৰী, নিয়মবৰ্হিভূতভাৱে সাৰৰ ডিলাৰ আবণ্টন আৰু নামৰূপ সাৰকাখানাৰ দ্বিতীয় গোট ধংস কৰিবলৈ লোৱাক লৈ নামৰূপ আছুৱে সাৰকাৰখানাৰ প্ৰৱেশদ্বাৰৰ সন্মুখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

উল্লেখ্য যে বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা পৰিচালন সঞ্চালক প্ৰদীপ কুমাৰ বণিকক উক্ত সমগ্ৰ ঘটনাৰ বাবে দোষী বুলি অভিযোগ উত্থাপন কৰে আছু নেতৃত্বই । লগতে সাৰকাৰখানাৰ দ্বিতীয় গোট মেৰামতিৰ পৰিৱৰ্তে এটা শক্তিশালী মাফিয়া চক্ৰৰ নিৰ্দেশত গোটটো ধ্বংস কৰিবলৈ কৰ্তৃপক্ষ বাধ্য হৈ পৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে ।

ইয়াৰ উপৰি উদ্যোগটোৰ বিপণন বিভাগৰ বিষয়া এছ কে সিং নামৰ বিষয়াজনে নিয়মবৰ্হিভূতভাৱে ডীলাৰশ্বিপ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা ফাদিল হোৱাৰ পাচতো বিষয়াজনৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ আছুৰ । লগতে কোনো নিবিদা নোহোৱাকৈয়ে ডীলাৰশ্বিপ প্ৰদানৰ নামত লক্ষাধিক টকা সাৰ কাৰখানাৰ বেংক একাউণ্টত জমা হোৱা ঘটনাৰো কোনো উচিত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই । সেয়ে এই প্ৰতিবাদৰ জৰিয়তে সাৰকাৰখানাত সংঘটিত ভয়ংকৰ দুৰ্নীতিৰ তদন্ত কৰিবলৈ দাবী জনায় প্ৰতিবাদী আছুৰ নেতা-কৰ্মীসকলে ।

লগতে পঢ়ক :কা-ৰ বিৰুদ্ধে তিনিচুকীয়াৰ ৰাজপথত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গৰ্জন - Protest Against CAA
লগতে পঢ়ক :'কা'ৰ বিৰুদ্ধে আছুৰ ৰণ হুংকাৰ : ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ - Protest Against CAA

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.