ETV Bharat / state

বিনামূলীয়া চাউল বিতৰণৰ সলনি বিক্ৰী হয় ক’লা বজাৰত: সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ - ALLEGATION OF PDS RICE CORRUPTION - ALLEGATION OF PDS RICE CORRUPTION

Corruption in Fair price Shop: বিনামূলীয়া চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ । জে’ললৈ যাবলৈ ভয় নকৰে একাংশ সুলভ মূল্যৰ দোকানীয়ে । চাওক বিতং খবৰ...

PDS Rice corruption in Barpeta
সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 2:15 PM IST

বৰপেটা, ১২ আগষ্ট: ৰাজ্য় চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীক প্ৰাপ্য চাউল প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । কিন্তু ইয়াৰ মাজতে একাংশ সুলভ মূল্যৰ দোকানৰ দোকানীয়ে চলাই আছে ব্যাপক দুৰ্নীতি । দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰৰ দিনতেই চৰকাৰী সুলভ মূল্যৰ দোকানীয়ে চলাই আহিছে ব্যাপক দুৰ্নীতি-অনিয়ম ।

সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে অভিযোগ (ETV Bharat Assam)

আনকি জে'ললৈ যাবলৈ ভয় নকৰে একাংশ সুলভ মূল্যৰ দোকানীয়ে ৷ এক গ্ৰামকৈ চাউল কমকৈ দিলেই জে'ললৈ যাব লাগিব বুলি ৰেচন কাৰ্ডৰ দোকানীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সকীয়নিও যেন এতিয়া অসাৰ প্ৰতিপন্ন হৈছে ৷ মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশৰ পিচতো হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে বৰপেটা জিলাৰ একাংশ সুলভ মূল্যৰ দোকানী ৷

পৰিয়ালৰ এজন সদস্যৰ বিপৰীতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৫ কিলোগ্ৰাম চাউলৰ পৰিৱৰ্তে সুলভ মূল্যৰ দোকানীয়ে প্ৰদান কৰি আহিছে ৪ কিলোগ্ৰামকৈ চাউল । দুখীয়া-দৰিদ্ৰৰ পেটৰ ভাতমুঠি কাঢ়ি নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ বাউসী সমবায় সমিতিৰ অন্তৰ্গত কাঁহিকুছি গাঁৱত ৷

চাউল কমকৈ দিয়াৰ অভিযোগ:

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে প্ৰতিমাহে বিনামূলীয়া চাউল যোগান ধৰি আহিছে চৰকাৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি, বৰপেটা জিলাৰ কাঁহিকুছি গাঁৱৰ সুলভ মূল্যৰ দোকানী মহম্মদ মিজানুৰ ৰহমানে তেওঁৰ দোকানৰ অধীনৰ হিতাধিকাৰীসকলক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণতকৈ ১ কিলোগ্ৰাম চাউল কমকৈ দি আহিছে ৷ দোকানীজনৰ এনে কাণ্ডক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ৰাইজে এই বিষয়ে প্ৰশ্ন কৰিলে দোকানী মহম্মদ মিজানুৰ ৰহমানে ভয়-ভাবুকি প্ৰদান কৰাৰো অভিযোগ কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বিনামূলীয়া চাউলৰ নামত হিতাধিকাৰীৰ মাজত বিলাইছে প্লাষ্টিকৰ চাউল - Plastic Rice Controversy

অভিযোগমতে ক'লা বজাৰত বিক্ৰী হয় চাউল:

ৰাইজৰ অভিযোগ অনুসৰি, চৰকাৰে দুখীয়াৰ বাবে আৱণ্টন দিয়া বিনামূলীয়া চাউল ক'লা বজাৰত বিক্ৰী কৰি বিলাসী জীৱন কটাই আহিছে দোকানী মহম্মদ মিজানুৰ ৰহমানে ৷ চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণ অনুসৰি চাউল বিতৰণ কৰিবলৈ বাৰম্বাৰ আবেদন জনোৱাৰ পিচতো হিতাধিকাৰীসকলক কোনো ধৰণৰ সঁহাৰি জনোৱা নাই মিজানুৰ ৰহমানে ৷ ৰাইজ, চৰকাৰ-প্ৰশাসন কাকোৱেই ভ্ৰূক্ষেপ নকৰে দোকানীজনে ৷

দোকানীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী:

অৱশেষত উপায়ন্তৰ হৈ কাঁহিকুছি গাঁৱৰ ৰাইজে সংবাদ মাধ্যমৰ কাষ চাপি দোকানীজনৰ দুৰ্নীতি-কেলংকাৰীৰ তথ্য পোনপটীয়াকৈ অৱগত কৰে । চৰজমিন তদন্তৰ জৰিয়তে দোকানীজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণ অনুসৰি চাউল বিতৰণৰ ব্যৱস্থা কৰিবলৈ কাঁহিকুছি গাঁৱৰ ৰাইজে জিলা প্ৰশাসনক দাবী জনাইছে ৷

লগতে পঢ়ক:দুখীয়াৰ বাবে অহা চাউলৰ ক'লা বেহা পাতিছে সমবায় সমিতিয়ে - Rice Corruption in Barpeta

আগষ্টৰ পৰা খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল বিতৰণ বন্ধ কৰাৰ হুংকাৰ - Protest in CHACHAL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.