ETV Bharat / state

নলবাৰীত ভুৱা কোম্পানী খুলি লাখ লাখ টকা আত্মসাতৰ অভিযোগ; প্ৰৱঞ্চকক আটক - Online Trading Scam in Nalbari - ONLINE TRADING SCAM IN NALBARI

Nalbari Online Trading Scam : নলবাৰীত অনলাইন ট্ৰেডিঙৰ এজন প্ৰৱঞ্চক আৰক্ষীৰ জালত । UNIQUE FUND নামৰ ভুৱা কোম্পানী খুলি ৰচিদুল আলীয়ে ভিন্নজনৰ পৰা লুটিছিল লক্ষাধিক ধন । ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় প্ৰৱঞ্চকটোক ।

Nalbari Online Trading Scam
নলবাৰীত ভুৱা কোম্পানী খুলি লাখ লাখ টকা আত্মসাতৰ অভিযোগ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 9:40 AM IST

নলবাৰী, 7 ছেপ্টেম্বৰ : এইবাৰ নলবাৰীত আৰক্ষীৰ জালত পৰিছে এটা অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চক । নলবাৰীৰ মুকালমুৱাত অনলাইন ট্ৰডিঙৰ পোহাৰ মেলি আটক হয় প্ৰৱঞ্চকটি । UNIQUE FUND নামৰ ভুৱা কোম্পানী এটা খুলি কেইবা লক্ষ টকা লুটিছিল ৰচিদুল আলী নামৰ প্ৰৱঞ্চকটোৱে । ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত জিলাখনৰ মুকালমুৱাৰ ঘৰুৱাবাহাৰ পৰা মুকালমুৱা আৰক্ষীয়ে আটক কৰে প্ৰৱঞ্চকটোক ।

নলবাৰীত ভুৱা কোম্পানী খুলি লাখ লাখ টকা আত্মসাতৰ অভিযোগ (ETV Bharat Assam)

ভুক্তভোগী এজন যুৱকৰ অভিযোগ মতে, "ৰচিদুল আলীয়ে ইউনিক ফাণ্ড নামৰ এটা কোম্পানীত বিনিয়োগ কৰিব বুলি কৈ মোৰ পৰা ধন সংগ্ৰহ কৰিছিল । ৰচিদুলে কৈছিল কোম্পানীটো ডুবাইৰ । তাত ধন বিনিয়োগ কৰিলে বহুত লাভ হ'ব বুলি আমাক কৈছিল । সেই আশাতে আমি বহুকেইজনে কোম্পানীটোত বিনিয়োগ কৰিছিলো ।"

ধন প্ৰদান সন্দৰ্ভত বিনিয়োগকাৰীজনে কয়, "ৰচিদুল আলীক অনলাইনৰ জৰিয়তে ধন দিছিলো । প্ৰায় দুই লাখ টকা বিনিয়োগ কৰিছিলো । প্ৰথমে আমাক কিছু পৰিমাণে লাভ ওভতাই দিছিল । কিন্তু যোৱা জুন মাহৰ পৰা ৰচিদুলে আমাক কোনো ধৰণৰ লাভ বা কোনো ধৰণৰ মূলধন ওভতাই দিয়া নাই ।"

তেওঁ লগতে কয়, "ইয়াৰ পিচত আমাৰ ৰচিদুলৰ ওপৰত সন্দেহ উপজিল । তাৰ পিচত আমি নিজাববীয়াকৈ অনুসন্ধান কৰাত গম পালো যে ইউনিক ফাণ্ড নামৰ কোনো ধৰণৰ কোম্পানী ডুবাইত নাই । আমাক তিনিমাহ ধৰি ৰচিদুলক দিয়া ধন ওভতাই দিয়া নাই । আমি বিচাৰি আছিলো যদিও দিয়া নাছিল । সেয়ে উপায়ন্তৰ আমি মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰো ।"

উল্লেখ্য যে, বিনিয়োগকাৰীয়ে অভিযোগ কৰা অনুসৰি, ইউনিক ফাণ্ডত বিনিয়োগ কৰাৰ নামত ৰচিদুলক ২ লাখ টকা পৰ্যন্ত দিছে । ইফালে আৰক্ষীয়ে প্ৰৱঞ্চক ৰচিদুল আলীক আটক কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আচলতে ৰচিদুলে কিমান টকা লুটিছিল বা এই প্ৰৱঞ্চনাত আৰু কোন কোন জড়িত আছে ।

লগতে পঢ়ক :ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ - Dhing Minor rape case
লগতে পঢ়ক :ৰক্ষকে হ’ল ভক্ষক; নিজ ককাকৰ কামনাৰ বলি হ’ল নাতিনী - Attempt To Rape

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.