মাণিকপুৰ, 19 জুলাই: বঙাইগাঁও জিলাৰ মাণিকপুৰত মানৱতাক ভুলুণ্ঠিত কৰা এক ঘটনা সংঘটিত হৈছে ৷ বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্ভুক্ত কোকিলা নয়াপাৰাত সংঘটিত হৈছে এই ঘটনাটো ৷ বিশা মিঞা নামৰ এজন স্থানীয় লোকৰ মানসিক বিকাৰগ্ৰস্ত পুত্ৰ ৰাজিবুল ইছলামক আৰক্ষীয়ে নিৰ্মমভাবে মাৰপিট কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকসকলে ।
ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি, এটা গোচৰত অভিযুক্ত বিশা মিঞাৰ পুত্ৰ ৷ সেই অনুসৰি সংশ্লিষ্ট আৰক্ষীয়ে বুধবাৰে আৰক্ষী চকীলৈ মাতি পঠাইছিল ৰাজিবুল ইছলামক ৷ আৰক্ষীয়ে মতাৰ পাচতেই আৰক্ষী থানাত গৈ উপস্থিত হৈছিল অভিযুক্ত ৰাজিবুল ইছলাম ৷
আৰক্ষী থানাত উপস্থিত হোৱাৰ পিচতেই কোকিলা আৰক্ষীয়ে গোটেই নিশা যুৱকজনক চকু, পিঠি আৰু গুপ্তাংগত মাৰপিট কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ তুলিছে ৷ যাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৰাজিবুল ইছলাম ।
এজন মানসিক ৰোগাক্ৰান্ত যুৱকক কোকিলা আৰক্ষীয়ে মাৰপিট কৰা বুলি অৱগত হোৱাৰ পাচতে এই ঘটনাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোক ৷ ৰাইজে এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে ন্যায় দাবী কৰিছে ৷ ঘটনাক কেন্দ্ৰ কৰি সম্প্ৰতি কোকিলা অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰা দেখা গৈছে ।
মানসিক বিকাৰগ্ৰস্ত যুৱকক প্ৰহাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।
উল্লেখ্য যে, যুৱকজনৰ পিতৃয়ে কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জনমণি মচৰঙৰ বিৰুদ্ধে আইনৰ কাষ চাপিব বুলি জানিবলৈ দিছে ।