ETV Bharat / state

নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি চিৰাঙত অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 8:12 AM IST

Violation of model code of conduct: অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ কৰাক কেন্দ্ৰ কৰি চিৰাঙৰ বাসুগাঁৱত উত্তপ্ত পৰিস্থিতি ৷ নিৰ্বাচনী আচৰণ বিধি উলংঘনৰ অভিযোগ বিজেপি-ইউ পি পি এল দলৰ বিৰুদ্ধে । আৰক্ষীয়ে জব্দ কৰিলে অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ।

BPF alleged model code of conduct violation by BJP UPPL
নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি চিৰাঙত অৰুণোদয় আচঁনিৰ প্ৰ-পত্ৰ বিতৰণ

চিৰাং, 27 এপ্ৰিল: নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰি চিৰাঙৰ বাসুগাঁৱত বিজেপি কৰ্মীসকলে নিশাৰ এন্ধাৰত ভোটাৰ ৰাইজক প্ৰলোভিত কৰাৰ উদ্দেশ্যৰে অৰুণোদই আচঁনিৰ প্ৰ-পত্ৰ বিলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । শুকুৰবাৰৰ সন্ধিয়াৰ ভাগত বাসুগাঁও চহৰৰ 2 টাকৈ ৱাৰ্ডত বিজেপিৰ বুথ কমিটিৰ সভানেত্ৰী বেবী সাহাই মানুহৰ ঘৰে ঘৰে গৈ অৰুণোদই আচঁনিৰ প্ৰ-পত্ৰ বিলাই থকাৰ খবৰ লাভ কৰি বি পি এফ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি শুদ্ধ বসুমতাৰী, কেন্দ্ৰীয় সমিতিৰ নেতা প্ৰদীপ দত্তসহ বি পি এফ সমৰ্থকসকলে উপস্থিত হৈ বিজেপিৰ কৰ্মীগৰাকীক হাতে-লোটে ধৰা পেলায় ।

বিপিএফ দলৰ নেতা-কৰ্মীসকলে বিজেপিৰ কৰ্মীগৰাকীক বিভিন্ন প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তোলে । ইয়াকে কেন্দ্ৰ কৰি এলেকাটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । উল্লেখ কৰা প্ৰয়োজন যে, বিজেপি আৰু ইউ পি পি এল দলৰ নেতা-কৰ্মীসকলে ভোটাৰ ৰাইজক প্ৰলোভন কৰাৰ উদ্দেশ্যৰে অৰুণোদই আচঁনিৰ যিবিলাক প্ৰ-পত্ৰ বিলাই আছে উক্ত প্ৰ-পত্ৰসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ইউ পি পি এল দলৰ নিৰ্বাচনী প্ৰতীক চিহ্ন ট্ৰেক্টৰৰ ছবি আছে । ইয়াৰ দ্বাৰা নিৰ্বাচনী আচৰণ বিধি উলংঘন কৰা হৈছে বুলি বি পি এফে অভিযোগ তুলিছে ।

ঘটনাস্থলীত বাসুগাঁও আৰক্ষীৰ উপস্থিত হৈ অৰুণোদই আচঁনিৰ প্ৰ-পত্ৰসমূহ জব্দ কৰি থানালৈ লৈ যায় । শেহতীয়াকৈ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইতে বিজেপি-ইউ পি পি এল কৰ্মকৰ্তাই এইদৰে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি অৰুণোদয়ৰ প্ৰ-পত্ৰ বিতৰণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সভালৈ মাতি ভাড়া নিদিলে দুই শতাধিক ই-ৰিক্সাৰ: চালক হাজিৰ হ’ল থানাত - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.