ETV Bharat / state

মুখ্যমন্ত্ৰীৰ জৰুৰী সাক্ষাৎ বিচাৰিছে অখিল গগৈয়ে - Akhil on Kaziranga Orchid Park

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:03 PM IST

Kaziranga Orchid Park: কাজিৰঙা অর্কিড পার্কৰ চাবি আৰু ফাইল মুখ্যমন্ত্ৰীক অৰ্পণ কৰিবলৈ সাজু হৈছে অখিল গগৈ ৷ মুখ্যমন্ত্ৰীৰ জৰুৰী সাক্ষাৎ বিচাৰিছে অখিল গগৈয়ে ৷ চৰ্ত সাপেক্ষে কাজিৰঙা অর্কিড পার্কৰ দায়িত্ব চৰকাৰক অৰ্পণ কৰিবলৈ ওলাইছে অখিল গগৈ ৷

Kaziranga Orchid Park
Kaziranga Orchid Park (ETV Bharat Assam)

গুৱাহাটী, ১৫ আগষ্ট: অখিল গগৈয়ে জৰুৰী সাক্ষাৎ বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । সাক্ষাৎ বিচাৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ শেহতীয়াকৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই সাক্ষাৎ লাভ কৰিলে মুখ্যমন্ত্ৰীৰ হাতত অখিল গগৈয়ে তেওঁৰ নেতৃত্বত গঢ় লৈ উঠা কাজিৰঙা অর্কিড পার্কৰ চাবি আৰু ফাইল অর্পণ কৰিব ৷ লগতে মুখ্যমন্ত্ৰী তথা তেওঁৰ পৰিয়ালৰ সম্পত্তি ৰাজহুৱা কৰাৰ বিষয়টো আলোচনা কৰিব বিচাৰিছে অখিল গগৈয়ে ।

মুখ্যমন্ত্ৰীলৈ অখিলৰ পত্ৰ কিয় ?

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিয়ালৰ সম্পত্তি পত্নীৰ জৰিয়তে অসমবাসী ৰাইজৰ বাবে উইল কৰি থৈ যাব বুলি মাত্ৰ দুদিন পূৰ্বে এক ৰাজহুৱা ঘোষণা কৰিছিল । আক্ৰমণৰ লক্ষ্য কৰি লৈছিল অখিল গগৈকো । সেয়ে একেটা দিনত প্রথমে মুখ্যমন্ত্ৰীৰ হাতত কাজিৰঙা অর্কিড পার্কৰ অধ্যক্ষ হিচাপে অর্কিড পার্কৰ চাবি তুলি দিয়াৰ প্ৰস্তাৱ অখিল গগৈৰ । তাৰ পাছতেই মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সকলো সম্পত্তিৰ দলিল-পত্র আৰু চাবি অসমৰ মুখ্য সচিবৰ হাতত তুলি দিয়াৰ আহ্বান কাজিৰঙা অৰ্কিড পাৰ্ক সমবায় সমিতিৰ অধ্যক্ষৰো দায়িত্বত থকা অখিল গগৈৰ ।

Kaziranga Orchid Park
মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ চিঠি (ETV Bharat Assam)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ যোৱা ১৪ আগষ্টত লিখা পত্ৰখনৰ আৰম্ভণিতে অখিল গগৈয়ে লিখিছে— “১৪ আগষ্ট, ২০২৪ তাৰিখে অসমৰ মুখ্যমন্ত্রী হিচাপে আপুনি অসমৰ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছিল যে আপুনি যেনেদৰে আপোনাৰ পৰিয়ালৰ সকলো সম্পত্তি ৰাইজক দি দিব, সেইদৰে অখিল গগৈয়েও কাজিৰঙা অর্কিড পার্ক ৰাইজক দিবনে নাই সেইটো ৰাজহুৱা কৰিব লাগে । আপোনাৰ এই দাতা কর্ণ স্বৰূপটোৰ পৰা আমি শিকিব লাগে বুলিও আপুনি ৰাজহুৱাকৈ ব্যক্ত কৰিছে । ১৩ আগষ্ট, ২০২৪ তাৰিখে আপোনাৰ ফেচবুকৰ জৰিয়তেও আপুনি মোক এই একেটা প্রত্যাহ্বান জনাইছিল । অর্কিড পাৰ্কখন কেতিয়া ৰাজহুৱা কৰা হ'ব আপুনি প্রশ্ন কৰিছিল । ইয়াৰ আগতেও আন বহু দিন আপুনি অর্কিড পার্ক সম্পর্কে বিতর্কিত বক্তব্য আগবঢ়াই আহিছিল । সেয়েহে এই পত্রখন লিখিলো ।”

কাজিৰঙা অর্কিড পার্ক ৰাজহুৱা সম্পদ, তথ্য দিলে অখিল গগৈয়ে:

কাজিৰঙা অৰ্কিড পাৰ্কখন এক সমবায় ভিত্তিক ৰাজহুৱা সম্পদ ৷ এই কথা তথ্যসহ মুখ্যমন্ত্ৰীক পত্ৰযোগে অৱগত কৰিলে অখিল গগৈয়ে ৷ গগৈয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰি কৈছে, “ যোৱা ১৮ ডিচেম্বৰ, ২০১৫ চনত কাজিৰঙা অর্কিড পার্কক অসম চৰকাৰৰ সমবায় বিভাগৰ পঞ্জীয়কৰ কার্যালয়ত বাজ্যিক ভিত্তিৰ সমবায় সমিতিৰূপে পঞ্জীয়ন কৰা হৈছিল । Assam Co-operative Societies Act, 2017 ৰ ১০ আৰু ১১ নম্বৰ দফা অনুসৰি ‘‘কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ-বৈচিত্র্য উদ্যান সমবায় সমিতি লিমিটেড’’ খন ১০,০০০ টকাৰ পঞ্জীয়ন মাচুল দি ১৮ ডিচেম্বৰ, ২০১৫ তাৰিখে পঞ্জীয়ন কৰা হৈছিল । এই সমবায় সমিতিখনৰ পঞ্জীয়ন নম্বৰ হ'ল- Assam/04 of 2015-16. আপোনাৰ যদিহে সমবায় সমিতি সম্পর্কে সামান্যতমো জ্ঞান আছে তেনেহ'লে নিশ্চয় বুজিছে যে কাজিৰঙা অর্কিড পার্ক ২০১৫ চনৰ ১৮ ডিচেম্বৰতেই অসমৰ এটা ৰাজহুৱা সম্পত্তিত পৰিণত হ'ল ।” (এই প্ৰসংগত অখিল গগৈয়ে পঞ্জীয়ন চার্টিফিকেটো পত্ৰখনৰ লগত মুখ্যমন্ত্ৰীলৈ গাঁথি দিছে । )

মুখ্যমন্ত্রীক অখিলৰ প্ৰত্যাহ্বান:

অখিল গগৈৰ মুখ্যমন্ত্ৰীৰ প্ৰতি অভিযোগ যে জ্ঞাতসাৰে অথবা অজ্ঞাতসাৰে কাজিৰঙা অর্কিড পার্ক আৰু অখিল গগৈক মুখ্যমন্ত্ৰীগৰাকীয়ে সঘনাই বদনাম কৰি আছে । কাজিৰঙা অর্কিড পার্কখন অখিল গগৈৰ সম্পত্তি বুলি অপপ্রচাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে । নিজৰ বৈধ-অবৈধ সকলো সম্পত্তিৰ ন্যায্যতা প্রতিপন্ন কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীক পত্ৰযোগে প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে । পত্ৰযোগে কি কি প্ৰত্যাহ্বান অখিলৰ ?

১) ১৫ আগষ্ট অথবা তাৰ পৰৱৰ্তী যিকোনো এটা দিনত মুখ্যমন্ত্রী কার্যালয়ত অখিল গগৈ আৰু কাজিৰঙা অর্কিড পার্কৰ পৰিচালনা সমিতিক সাক্ষাতৰ আহ্বান । সেই সাক্ষাতৰ সময়তে মুখ্যমন্ত্ৰীৰ হাতত কাজিৰঙা অর্কিড পার্কৰ চাবি আৰু কাজিৰঙা অর্কিড পার্কৰ ফাইল-পত্রসমূহ চমজাই দিব তেওঁলোকে ৷ যাতে অসম চৰকাৰে কাজিৰঙা অর্কিড পার্ক পৰিচালনা কৰিব পাৰে । সাক্ষাৎ দিয়াৰ ৬ ঘণ্টাৰ পূর্বে অৱগত কৰিবলৈ অখিলৰ মুখ্যমন্ত্ৰীক আহ্বান যাতে তেওঁলোকে কাজিৰঙা অর্কিড পার্কৰ পৰা চাবি আৰু ফাইলসমূহ গুৱাহাটীলৈ আনিব পাৰে ৷

২) অখিল গগৈৰ অধ্যক্ষতাত থকা কাজিৰঙা অর্কিড পার্কৰ চাবি যেনেকৈ অখিল গগৈ আৰু কাজিৰঙা অর্কিড পার্কৰ পৰিচালনা সমিতিয়ে অসম চৰকাৰৰ মুৰব্বী হিচাপে ৬ ঘণ্টাৰ ভিতৰত চমজাই দিব, ঠিক তেনেকৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিও সেই একেটা দিনাই অসমবাসী ৰাইজৰ নামত উচৰ্গা কৰি দিবলৈ অখিল গগৈৰ পত্ৰযোগে আহ্বান । যদিহে মুখ্যমন্ত্ৰীয়ে এই সাক্ষাৎ দিয়ে সাক্ষাৎকাৰৰ সময়তে অসম চৰকাৰৰ মুখ্য সচিবকো সেই বৈঠকলৈ নিমন্ত্রণ কৰিবলৈ অখিল গগৈৰ আহ্বান, যাতে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ সকলো মালিকীস্বত্ব অসম চৰকাৰৰ মুখ্য সচিবৰ হাতত অসমবাসী ৰাইজৰ বাবে অর্পণ কৰিব পাৰে ।

লগতে পঢ়ক: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নামত কি ঘটিলে: অখিল গগৈক প্ৰশ্ন ভৱেশ কলিতাৰ - MLA Akhil Gogoi Rangia Visit

ৰিণিকি ভূঞাৰ সকলো সম্পত্তি অসমৰ ৰাইজৰ সম্পত্তি: দিছপুৰত ঘোষণা মুখ্যমন্ত্ৰীৰ - CM Himanta on USTM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.