ETV Bharat / state

কৃতিত্ব লোৱাৰ যুঁঁজ চলিছে বিজেপিত: অখিল গগৈ - CLASSICAL STATUS TO ASSAMESE

Classical language recognition : অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভক লৈ কৃতিত্ব দাবী কৰিছে কোনে ?

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Akhil Gogoi press meet
ৰাইজৰ দলৰ সভাপতি অখিল গগৈ (ETV Bharat Assam)

গুৱাহাটী, ৪ অক্টোবৰ : অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক আদৰণি জনাইছে ৰাইজৰ দলে । শুকুৰবাৰে মহানগৰীত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সাংবাদমেল সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়," কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তক আমি আদৰণি জনাইছো । অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভক লৈ অসমবাসী গৌৰৱান্বিত হোৱাৰ সময়তে এই কৃতিত্বৰ বাবে এতিয়া প্ৰতিযোগিতা চলিছে । "

অখিল গগৈৰ অভিযোগ- এতিয়া কৃতিত্ব লোৱাৰ যুজঁ চলিছে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ মাজত । এইক্ষেত্ৰত বিজেপিয়ে কৃতিত্ব লোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰি বিধায়ক অখিল গগৈয়ে কয়," অসমীয়া ভাষাৰ নিজা স্বকীয়তা আছে । কেইবাশ বছৰীয়া নিজা স্বকীয়তা আছে অসমীয়া ভাষাৰ । "

তেওঁ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ কয়,"বিজেপি দলে অসমৰ ভাষিক জাতীয়তাবাদীক ধৰ্মীয় জাতীয়তাবাদীলৈ অৱনমিত কৰিবলৈ প্ৰচেষ্টা চলোৱা নাইনে ? কেৱল ৰাজনৈতিক মুনাফাৰ বাবে এই দুষ্কাৰ্য সাধন কৰি জাতিটোক পংগু কৰা নাইনে ? কোন চৰকাৰৰ দিনত 'কা'ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দি অসমীয়া ভাষাৰ প্ৰতি সংকট নমাই আনিলে ? কাৰ দিনত অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হল ? অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত কৃতিত্বৰ অধিকাৰী হ'ল অসমীয়া ভাষাৰ সাধনা কৰি থকা সাহিত্যিক, সাংবাদিক, ভাষাবিদসকল । কোনো ৰাজনৈতিক দল বা ৰাজনৈতিক নেতাৰ কৃতিত্ব নহয় ।"

আনহাতে, অসম চৰকাৰক অৰ্থনৈতিক দুৰৱস্থাৰ বাবে সমালোচনা কৰি বিধায়কগৰাকীয়ে পুনৰ কয়," যোৱা ২২ দিনত ২২৫০ কোটি টকাৰ ধাৰ লৈছে অসম চৰকাৰে । এয়া নিৰ্বাচনৰ স্বাৰ্থত হিতাধিকাৰী সৃষ্টি কৰিবৰ বাবে ধাৰ লৈছে । কোনো স্থায়ী কাম নকৰে চৰকাৰে । সেয়ে কেন্দ্ৰীয় চৰকাৰে অসমলৈ অহা পুঁজি বন্ধ কৰি দিছে ।"

বিধায়ক বিশ্বজিৎ ফুকনৰ প্ৰতিক্ৰিয়া

সৰুপথাৰ: সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই সন্দৰ্ভত মন্তব্য় কৰি কয়,"ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিল অসমীয়া ভাষাই । অসমীয়া জাতি আৰু অসমীয়া ভাষালৈ গৌৰৱৰ বিষয়। অসমীয়া ভাষা-সাহিত্যৰ লগতে জাতিটোৰ বাবে এক ঐতিহাসিক ক্ষণ, গৌৰৱৰ ক্ষণ। অসম সাহিত্য সভাকে ধৰি অসমীয়া সাহিত্য চৰ্চা কৰি অহা বিভিন্ন গুণী-কাণ্ডাৰীসকলৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে চলাই অহা নেৰানেপেৰা চেষ্টাৰ ফলতেই আজি অসমীয়া জাতিয়ে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসম সাহিত্য সভাই উত্থাপন কৰা বিষয়টোত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অনুমোদন জনায় ৷ ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ’লে সেই ভাষা হ’ব লাগিব কমেও ১৫০০ৰ পৰা ২০০০ বছৰৰ পুৰণি ।"

অসমীয়া হিচাপে গৌৰৱ বোধ কৰিছো: যোগেন মহন

মৰাণ: ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মৰ্যদা প্ৰদান কৰিছে । যি খবৰে প্ৰতিজন‌ অসমীয়াক আনন্দিত কৰিছে । এই সম্পৰ্কত মন্ত্ৰী যোগেন মহনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এজন অসমীয়া হিচাপে অসমীয়া ভাষাটো আজি ৰাষ্ট্ৰীয় ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত গৌৰৱবোধ কৰিছো আৰু ভাৰত চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছো ।"

লগতে পঢ়ক:ধ্ৰুপদীৰ স্বীকৃতিয়ে কি পৰিবৰ্তন আনিব ভাষালৈ ? - CLASSICAL STATUS TO ASSAMESE

অসমীয়া ভাষাৰ ধ্ৰুপদী যাত্ৰা; সামাজিক মাধ্যমত একাংশৰ আক্ষেপ কিয় ? - Classical language recognition

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.